বেলেগ, তাৰ আভাস ওপৰত দিয়া হৈছে। এতিয়া সেই বেলেগ নিয়মবিলাক বিশেষৰূপে উল্লেখ কৰা হব।
২৮৷ কৰ্ত্তা আৰু ক্ৰিয়াৰ বহুব্ৰীহি সমাস হলে, ক্ৰিয়া ভাববাচক কৃদন্ত পদ হয়, আৰু সেই ক্ৰিয়া অকৰ্ম্মক হলে, কৰ্ত্তাৰ বিভক্তি লোপ হয়। যেনে, হাঁহি উঠে যি কথাত সি হাঁহি উঠা কথা, দুখ লাগে যি বিষয়ত সি দুখ লগা বিষয়, পাত সৰিছে যি গছৰ সি পাত সৰা গছ। সেই দৰে, মানুহ মৰা ঘৰ, লৰা শোৱা পাটী, গৰু চৰা চাপৰি, বাঘ থকা হাবি, সাপ থকা গাঁত, কঁকাল পৰা গিৰী। ক্ৰিয়া সকৰ্ম্মক হলে কৰ্ত্তাৰ বিভক্তি লোপ নহয়। যেনে, বাঘে খাইছে যি গৰুক সি বাঘে খোৱা গৰু, লৰাই পঢ়ে যি পুথি সি লৰাই পঢ়া পুথি, চোৰে নিছে যি গৰু সি চোৰে নিয়া গৰু, ভূতে পাইছে যাক সি ভূতে পোৱা৷ সেই দৰে, গৰুৱে লোটা বাৰী, ঘুনে ধৰা বাঁহ, পৰুৱাই পোৱা মানুহ।
২৯। তুল্য অৰ্থত দুটা সংজ্ঞা শব্দৰ বহুব্ৰীহি সমাস হলে, তাৰ শেষৰ শব্দ যদি ব্যঞ্জনান্ত হয়, তেনেহলে তাত ঈয়া প্ৰত্যয় হয়, যদি সেই শব্দ উ বা ও কাৰান্ত হয়, তেনেহলে তাত ৱা প্ৰত্যয় হয়, আৰু তাৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ হয়, ও মৰি উ হয়। যেনে, বেঙেনাৰ নিচিনা বোল যাৰ সি বেঙেনাবুলীয়া, লাৰ নিচিনা বোল যাৰ সি লাবুলীয়া, বাঘৰ নেজৰ নিচিনা বাঘনেজীয়া, বাঁহৰ নিচিনা পাত বাঁহপতীয়া। সেই দৰে, বটাপতীয়া, ধেনুভিৰীয়া, নলশিঙ্গীয়া, টাকুৰিশিঙ্গীয়া।