৩০। শৰীৰৰ অঙ্গ বুজুৱা শব্দেৰে সৈতে আন কোনো শব্দৰ বহুব্ৰীহি সমাস হলে, অঙ্গ বুজুৱা শব্দ শেষত বহে, আৰু সেই শব্দ ব্যঞ্জনান্ত হলে, তাত আ প্ৰত্যয় হয়, উ বা ও কাৰান্ত হলে ৱা প্ৰত্যয় হয়, আৰু তাৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ হয়, ও মৰি উ হয়। যেনে, বৰ পেট যাৰ সি বৰপেটা, আপোনাৰ পেট মাথোন বুজে যি সি আপোনপেটা, কেৰা চকু যাৰ সি কেৰাচকুৱা, ওপৰলৈ চকু যাৰ সি ওপৰচকুৱা। সেইদৰে, উজলাদঁতা, খঁৰানকা, দীঘলনকা।
৩১। হাত, পিঠি, চুলি, নখ, কাণ, ঠেং, আঙ্গুলি আদি অঙ্গ বুজুৱা শব্দেৰে সৈতে আন কোনো শব্দৰ বহুব্ৰীহি সমাস হলে, অঙ্গ বুজুৱা শব্দ শেষত বহে, আৰু তাত ঈয়া প্ৰত্যয় হয়, সেই শব্দৰ শেষত ই বা ঈ-কাৰ থাকিলে সি লোপ হয়, আৰু তাৰ শেষ বৰ্ণৰ আগৰ আ মৰি অ হয়। যেনে, দীঘল হাত যাৰ সি দীঘলহতীয়া, তিনি পিঠি যাৰ সি তিনিপিঠীয়া, দীঘল চুলি যাৰ সি দীঘলচুলীয়া, সেই দৰে, পাঁচনখীয়া, হাতীকণীয়া, ছ-আঙ্গুলীয়া, দীঘলঠেঙীয়া।
৩২। মুখ শব্দেৰে সৈতে আন কোনো শব্দৰ বহুব্ৰীহি সমাস হলে, তাৰ খ লোপ হয়। যেনে, পশ্চিমমুৱা, নেউলমুৱা।
বহুব্ৰীহি সমাসৰ উদাহৰণ স্বৰূপে ইয়াত যিবিলাক অসমীয়া শব্দ দিয়া হৈছে, সেইবিলাক যথাৰ্থত বহুব্ৰীহি সমাস নহয় বুলি কোনো কোনো অসমীয়া পণ্ডিতে মত প্ৰকাশ কৰিছে। সিবিলাকে কয় বোলে