সমললৈ যাওক

বহল ব্যাকৰণ/সপ্তম অধ্যায়

ৱিকিউৎসৰ পৰা
[ ৯৮ ]

সপ্তম অধ্যায়।
⸺:∗:⸺
সংখ্যাবোধক শব্দ।

 ১। যিবিলাক শব্দে বস্তুৰ লেখ বুজাই সিহঁতক সংখ্যাবোধক শব্দ বোলে। যেনে, এক, দুই, তিনি, চাৰি, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, ইত্যাদি। সংখ্যাবোধক শব্দৰ লিঙ্গ ভেদ কৰা নহয় আৰু সিহঁতত বিভক্তি যোগ নহয়।

 ২। আদিত ব্যঞ্জনবৰ্ণ থকা শব্দৰ আগত বহিলে এক, দুই আৰু ছয় সংখ্যাবোধক শব্দৰ শেষৰ আখৰ প্ৰায়েই লোপ হয়। যেনে, এটকা, দুটকা, ছটকা। সেই আদিত থকা ব্যঞ্জনবৰ্ণত ও-কাৰ যোগ থাকিলে দুৰ উ-কাৰ ও-কাৰ হয়; যেনে, দোতোলা, দোমোনা, দোদোন, দোমোন, দোপোণ।

 ৩। আদিত স্বৰবৰ্ণ থকা শব্দৰ আগত বহিলে এক শব্দৰ ক লোপ নহয়; যেনে, এক অনা, এক উপায়। কিন্তু দু-অনা, ছ-অনা, ছ-অঁৰা।

 ৪। ট, ড, ত আৰু দ আদিত থকা শব্দৰ আগত বহিলে তিনি সংখ্যাবোধক শব্দৰ শেষৰ ই-কাৰ লোপ হয়; যেনে, তিনটা, তিন টকা, তিন ডাল, তিন ডলা, তিন তলা, তিন দিন।

[ ৯৯ ]  ৫। আষাৰ শব্দৰ আগত এক বহিলে একৰ ক আৰু আষাৰৰ আ কেতিয়াবা লোপ হয়। যেনে, এক আষাৰ কথা কৈ যাওঁ বা এ’ষাৰ কথা কৈ যাওঁ।

অব্যয় শব্দ।

 ৬। যিবিলাক শব্দৰ ৰূপ নলৰে আৰু বিভক্তি বচন বা লিঙ্গ নাই, সিহঁতক অব্যয় শব্দ বোলে। অব্যয় শব্দ আঠ বিধ:— যোজক, পৃথকবোধক, সন্দেহবোধক, ভাববোধক, আনুষঙ্গিক, সম্বোধনাৰ্থক, প্ৰশ্নাৰ্থক আৰু সমিধানবোধক।

(১) যোজক অব্যয়।

 ৭। যিবিলাক অব্যয় শব্দে এটা বা সৰহ পদ বা বাক্য যোগ লগায়, সিহঁতক যোজক অব্যয় বোলে। যোজক অব্যয় :— আৰু, এবং, ও, অথচ, যেনে, কাৰণ, কাৰণে, নিমিত্তে, হেতু, হেতুকে, এতেকে, অতএব, কিয়নো, দেখি, তেন্তে, তেনেহলে, গতিকে, ইত্যাদি।

 ৮। কাৰণে, নিমিত্তে, হেতু, হেতুকে আৰু দেখি অব্যয় শব্দৰ আগত সদায় এই, সেই, কি, যি বিশেষণ-সৰ্ব্বনাম ব্যৱহাৰ হয়। যেনে, এই কাৰণে মই নগলোঁ, সেই নিমিত্তে সি নাহিল, কি হেতু নাহিল কব নোৱাৰোঁ, সেই দেখি সি নগল, ইত্যাদি।

 আৰু, এবং, ও অব্যয় শব্দৰ অৰ্থ একে হলেও সিহঁতৰ ব্যৱহাৰৰ নিয়ম বেলেগ। ও ওপৰঞ্চি ভাবত ব্যৱহাৰ হয়। আৰু, বা এবং, তেনে [ ১০০ ] ভাবত ব্যৱহাৰ নহয়। আৰু বা এবং শব্দে যি দুটা পদ বা বাক্যক লগ লগায়, সিহঁত দুয়োকো বিশেষৰূপে প্ৰকাশ কৰে, কিন্তু ও শব্দে এটাক মাথোন প্ৰকাশ কৰে। যেনে, সি আৰু মই গৈছিলোঁ। ইয়াত সি আৰু মই দুয়ো পদ বিশেষৰূপে প্ৰকাশ পাইছে। কিন্তু ময়ো গৈছিলোঁ, এই বাক্যত মই পদ মাথোন প্ৰকাশ পাইছে, অৰ্থাৎ আন কোনোবাও গৈছিল, তাৰ ওপৰঞ্চিও মই গৈছিলোঁ। দুটা বা সৰহ পদ প্ৰকাশ কৰিবলৈ হলে, সিহঁতৰ প্ৰত্যেকটোতে ও যোগ দিব লাগে আৰু ক্ৰিয়া পদ বাৰে বাৰে উক্ত কৰিব লাগে। যেনে, সিও গৈছিল, ময়ো গৈছিলোঁ; গোপালো গৈছিল, হৰিও গৈছিল; সি তাকো মাৰিলে, মোকো মাৰিলে; ইত্যাদি। সি ও মই গৈছিলোঁ, গোপাল ও হৰি গৈছিল, গোপালক ও হৰিক মাৰিলে, এনে বাক্য অসমীয়াত নহয়। এইবিলাক ও শব্দৰ ঠাইত এবং বা আৰু ব্যৱহাৰ হয়।

 ৯৷ ও অব্যয় শব্দ বাক্যত গুটীয়া শব্দ হৈ নবহে। সি যি পদক প্ৰকাশ কৰে, সেই পদত যোগ হৈ বহে। ব্যঞ্জনান্ত শব্দৰ পাচত বহিলে ও শব্দটোৰ শেষ ব্যঞ্জনত যোগ হয়। যেনে, মানুহ+ও, মানুহো; বান্দৰ+ও, বান্দৰো৷ মানুহও বা বান্দৰও নহয়।

 ১০। স্বৰান্ত শব্দৰ পাচত বহিলে ও শব্দটোৰ শেষ বৰ্ণ হৈ থাকে। যেনে, গাধ+ও, গাধও; পাৰ + ও, পাৰও; লৰা+ও. লৰাও; পুথি+ও, পুথিও; বন্ধু+ও, বন্ধুও; পিতৃ+ও, পিতৃও; মানুহে+ও, মানুহেও; তাৱৈ+ও, তাৱৈও; মনো+ও, মনোও।

[ ১০১ ]  ১১। ও অব্যয় যোগ হলে শব্দৰ শেষৰ অকলশৰীয়া ই, ঈ মৰি য় হয়, আৰু ও মৰি ৱ হয় আৰু অব্যয় ও সেই ‘‘য়’ত বা ‘ৱ’ত যোগ হয়, যেনে, মই+ও, ময়ো; তই+ও, তয়ো; দুই+ও, দুয়ো; লৰাই+ও, লৰায়ো; গাওঁ+ও, গাৱোঁ; নাও+ও, নাৱো; তেওঁ+ও, তেৱোঁ; ইত্যাদি।

 ও এটা স্বৰবৰ্ণ, ইয়াক আন এটা স্বৰবৰ্ণৰ লগত যোগ দিব নোৱাৰি। সেই দেখি শব্দৰ শেষত গুটীয়া স্বৰবৰ্ণ থাকিলে তাক তাৰ নিচিনা উচ্চাৰণ হোৱা কোনো ব্যঞ্জনবৰ্ণত পৰিণত কৰি লৈ সেই ব্যঞ্জনবৰ্ণত ও যোগ দিয়া হয়। মই তই এইবোৰ শব্দৰ শেষত গুটীয়া ই আছে, তাত ও-কাৰ যোগ দিব নোৱাৰি। সেই দেখি ই-কাৰটোক তাৰ অনুৰূপ ব্যঞ্জনবৰ্ণ ‘য়’ত পৰিণত কৰি তাত ও-কাৰ যোগ দি ময়ো তয়ো কৰা হয়। সেই দৰে শব্দৰ শেষত ও থাকিলেও তাক তাৰ অনু ৰূপ ব্যঞ্জনবৰ্ণ ৱত পৰিণত কৰি লৈ তাত ও-কাৰ যোগ দিয়া হয়। তেৱোঁ, গাৱোঁ শব্দ এই দৰেই সিদ্ধ হৈছে। এতেকে হইও, তইও লিখা উচিত নহয়। কিন্তু ই কোনো শব্দৰ অংশ নহৈ নিজে এটা শব্দ হলে, সেই ই ‘য়’ত পৰিণত নহয়; যেনে (ব্যক্তিবোধক সৰ্ব্বনাম ) ই+ও, ইও অৰ্থাৎ এই বস্তু বা মানুহটোও।

( ২ ) পৃথক্‌বোধক অব্যয়।

 ১২। যিবিলাক অব্যয় শব্দে দুটা বা সৰহ পদ বা বাক্যৰ অৰ্থ পৃথক্ কৰি দেখুৱায়, সিহঁতক পৃথক্‌বোধক অব্যয় বোলে। পৃথক্‌বোধক অব্যয়:—বা, নাইবা, অথবা, কিম্বা, নতুবা, কি, কিন্তু, তদপি, তথাপি, তেও, বিশেষ, [ ১০২ ] বিশেষত, বিশেষতঃ। দুটা বা তিনটা লৰা আহিলেই হব। ইয়াত বা অব্যয় শব্দে দুটা লৰা আৰু তিনটা লৰা, এই দুই কথাক ভিন ভিন কৰি দেখুৱাইছে, অৰ্থাৎ হয় দুটা লৰা নহয় তিনটা লৰ৷ আহিলেই হব। এই দৰে দুটা কি তিনটা লৰা আহিব, ম‍ই ইমানকৈ মাতিছিলো তেও তুমি নাহিলা। এই দুই বাক্যৰ কি আৰু তেও পৃথক্‌বোধক অব্যয়।

(৩) সন্দেহবোধক অব্যয়।

 ১৩। যিবিলাক অব্যয় শব্দে কোনো কথাৰ অনিশ্চয়তা দেখুৱায়, সিহঁতক সন্দেহবোধক অব্যয় বোলে। সন্দেহবোধক অব্যয় :—যদি, যদ্যপি, যদিস্যাৎ, কিজানি, জানোচা, ইত্যাদি। যদি মই যাওঁ তেন্তে তোমাকো লগত নিম। ইয়াত যদি অব্যয় শব্দে মই যোৱা কথাৰ অনিশ্চয়তা দেখুৱাইছে, অৰ্থাৎ মই যাওঁ নে নাযাওঁ ঠিকনা নাই। এতেকে যদি সন্দেহবোধক অব্যয়। সেই দৰে, কিজানি সি আহে, বা জানোচা সি আহে। এই দুই বাক্যত সি অহা কথা অনিশ্চিত হৈছে।

(৪) ভাববোধক অব্যয়।

 ১৪। যিবিলাক অব্যয় শব্দে সুখ, দুখ, আশ্চৰ্য্য আদি মনৰ ভাব প্ৰকাশ কৰে, সিহঁতক ভাববোধক অব্যয় বোলে। ভাববোধক অব্যয় :— হাঁয়, হাঁয় হাঁয়, আহ্, ইঃ, ইচ্, উঃ, উস্, ঔ, আও, হাও, ছিঃ, ছিছি ইত্যাদি। আঃ! কি সুন্দৰ [ ১০৩ ] ফুল, হাঁয়! মাউৰা ছোৱালীকণক এতিয়া কোনে তুলিব। আও! কি ধঞ্জয় সাপ। ইয়াত আঃ শব্দে সুখৰ, হাঁয় শব্দে দুখৰ, আৰু আও শব্দে আশ্চৰ্য্যৰ ভাব প্ৰকাশ কৰিছে। এতেকে সিহঁত ভাববোধক অব্যয়।

 ১৫। কেতিয়াবা সংজ্ঞা শব্দও ভাববোধক অব্যয় স্বৰূপে ব্যৱহাৰ হয়। যেনে, হৰি হৰি! ভেলৰ কি বিলাই, শ্ৰীবিষ্ণু! এনে কথা শুনিব নাপায়।

 ১৬। কেতিয়াৱা এফাঁকি কথাও ভাববোধক অব্যয় স্বৰূপে ব্যবহাৰ হয়। যেনে, আই ঔ দেহি! লৰাটি পৰিল, দেহি ঐ! তই কলৈ গলি!

(৫) আনুষঙ্গিক অব্যয়।

 ১৭। যিবিলাক অব্যয় শব্দে সংজ্ঞা বা সৰ্বনাম শব্দৰ পাচত থাকি সিহঁতৰ অৰ্থ ভিন কৰে, সিহঁতক আনুষঙ্গিক অব্যয় বোলে। আনুষঙ্গিক অব্যয় :—সৈতে, হতুৱাই, বাজে, বাহিৰে, বাবে, দৰে, কাৰণ, কাৰণে, নিমিত্তে, নিচিনা, আদি, অৰ্থে, প্ৰতি, বিনা, বিনে, হৈ, হি, তো, এ, এই, মতে, যেনে, হেতু, অনুসাৰে, অনুসৰি, দেই।

 ১৮। কাৰণ, কাৰণে, নিমিত্তে, দৰে, বাবে, হেতু ইত্যাদি অব্যয় শব্দ এই বা সেই বিশেষণ-সৰ্ব্বনামৰ পাচত থাকিলে যোজক অব্যয় হয়, আৰু সংজ্ঞা শব্দ বা ব্যক্তিবোধক সৰ্ব্বনাম শব্দৰ পাচত থাকিলে আনুষঙ্গিক অব্যয় হয়। যেনে, এই কাৰণে, সেই, নিমিত্তে। ইয়াত কাৰণে আৰু [ ১০৪ ] নিমিত্তে যোজক অব্যয়। কিন্তু তোৰ নিমিত্তে, ৰামৰ কাৰণে। ইয়াত কাৰণে আৰু নিমিত্তে আনুষঙ্গিক অব্যয়।

 ১৯। তো আৰু হে অব্যয় সংজ্ঞা শব্দ, ব্যক্তিবোধক সৰ্ব্বনাম শব্দ, আৰু ক্ৰিয়াৰ লগত ব্যৱহাৰ হয়; আৰু সিহঁত শব্দৰ পাচত তাৰ অংশ হৈ বহে। যেনে, ৰামহে গৈছিল, সিহে যাব, সিতো যাবই, সি গৈছিল তো, ইত্যাদি।

 ২০। এটা ক্ৰিয়া দুবাৰ উক্ত কৰি আগৰটোত হে যোগ দিলে, সেই ক্ৰিয়া অনেকবাৰ হোৱা বুজায়। যেনে, সি পঢ়িলেহে পঢ়িলে, তেওঁ পৰীক্ষাত উঠিব নোৱাৰিলে।

 ২১। বিশেষৰূপে দেখুৱাবলৈ কেতিয়াবা সংজ্ঞা শব্দ, কেতিয়াবা ব্যক্তিবোধক সৰ্বনাম শব্দ, আৰু কেতিয়াবা ক্ৰিয়াৰ পাচত এ আৰু এই ব্যৱহাৰ হয়। তেতিয়া বিভক্তি যোগৰ নিয়ম অনুসাৰে কেতিয়াবা শব্দৰ ৰূপ লৰচৰ হয়, আৰু এ, এই অব্যয়ৰে৷ ৰূপ লৰি য়ে আৰু য়েই হয়। যেনে, ময়েই গৈছিলোঁ, সিয়েই পঢ়িছিল, গোপালে বা গোপালেই দিছিল, সি শুলেই, সি শুয়ে আছে, ইত্যাদি।

 ২২। হি অব্যয় আহি ক্ৰিয়াৰ অংশ মাথোন। সি কেৱল ক্ৰিয়াৰ লগত হে অব্যয় স্বৰূপে ব্যৱহাৰ হয়। যেনে, পঢ়হি, শোহি, অৰ্থাৎ পঢ় আহি, শো আহি।

 ২৩। ক্ৰিয়াৰ লগত হি ব্যৱহাৰ কৰিলে সেই বাক্যত আৰু আহি ক্ৰিয়া ব্যৱহাৰ নহয়। যেনে, তই আহি শোহি, এনে বাক্য হব নোৱাৰে।

[ ১০৫ ]  ২৪। অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ লগত দেই অব্যয় ব্যৱহাৰ হয়।যেনে, তুমি আহিবা দেই, তই যাবি দেই, ইত্যাদি।

(৬) সম্বোধনাৰ্থক অব্যয়।

 ২৫।যিবিলাক অব্যয় শব্দ আন লোকক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা হয়, সিহঁতক সম্বোধনাৰ্থক অব্যয় বোলে। সম্বোধনাৰ্থক অব্যয় :—
 এ, ঐ, ঔ, হে, অ, হেৰ, হেৰা, হেৰি, হঁয়ে, হঁয়েৰা, ইত্যাদি।

 ২৬। এ, হে অব্যয় শব্দৰ অপভ্ৰংশ মাথোন। এ, হে দুয়োটা শব্দৰ আগত বা পাচত ব্যৱহাৰ হয়৷ যেনে, হে হৰি, হৰি হে, এ হৰি, হৰি এ।

 ২৭। দূৰৈৰ মানুহক মাতোতে আৰু ৰিং পাৰোঁতে অ আৰু ঔ ব্যৱহাৰ হয়। অ প্ৰায়েই শব্দৰ আগত থাকে, আৰু ঔ পাচত থাকে। যেনে, অ ধনীৰাম, ধনীৰাম ঔ।

 ২৮। ঐ সদায় শব্দৰ আগত থাকে। যেনে, ঐ লৰা। কেতিয়াবা গিৰিয়েকে ঘৈণীয়েকক মাতিবলৈ হলেও ঐ ব্যৱহাৰ হয়।

 ২৯। অনাদৰত বা তুচ্ছাৰ্থত সম্বোধনত হেৰ ব্যৱহাৰ হয়। সমনীয়া লোকক সম্বোধন কৰোঁতে আৰু লৰাক সাদৰেৰে মাতোঁতে হেৰা ব্যৱহাৰ হয় আৰু সম্ভ্ৰম দেখুৱাই সম্বোধন কৰোঁতে হেৰি ব্যৱহাৰ হয়। যেনে, হেৰ! ধনীৰাম, হেৰা! সখি, হেৰা! বোপাটি, হেৰি! ডাঙৰীয়া।

[ ১০৬ ]  চমু ব্যাখ্যা:—যাৰ সলনি তই সৰ্ব্বনাম ব্যৱহাৰ হব পাৰে, তেনে মানুহক মাতোঁতে হেৰ, যাৰ সলনি তুমি সৰ্ব্বনাম ব্যৱহাৰ হব পাৰে, তেনে মানুহক মাতোঁতে হেৰা, আৰু যাৰ সলনি আপুনি ব্যৱহাৰ হয়, তেনে মানুহক মাতোঁতে হেৰি অব্যয় ব্যৱহাৰ হয়।

 ৩০। সাধাৰণতঃ অব্যয় শব্দৰ লিঙ্গ নাথাকিলেও হেৰ অব্যয়ৰ লিঙ্গ আছে। ই স্ত্ৰীলিঙ্গত হঁয়ে, হঁয় বা হঁয়েৰা হয়। যেনে, হঁয়ে বা হঁয় আহিনি।

 ৩১। হঁয়েৰা অব্যয় নিন্দাসূচক, তাত নিন্দাৰ ভাব থাকে। যেনে, হঁয়েৰা ৰচকি, হঁয়েৰা নিলাজি।

(৭) প্ৰশ্নাৰ্থক অব্যয়।

 ৩২। যিবিলাক অব্যয় শব্দে প্ৰশ্ন কৰা বুজায়, সিহঁতক প্ৰশ্নাৰ্থক অব্যয় বোলে। প্ৰশ্নাৰ্থক অব্যয়:– নে, নো, জানো।

 ৩৩।নে প্ৰশ্নাৰ্থক অব্যয় প্ৰায় ক্ৰিয়াৰ শেষত বহে। যেনে, সি যাব নে? সি পঢ়িব জানে নে? তই গৈছিলি নে?

 ৩৪। নো প্ৰশ্নাৰ্থক অব্যয় প্ৰায় কৰ্ত্তাৰ পাচতে বহে। যেনে, সি নো কি কয়? সি নো কত থাকে।

 ৩৫। কেতিয়াবা একেটা বাক্যতে নে আৰু নো দুয়ো ব্যৱহাৰ হয়। তেতিয়া কথাটোত প্ৰশ্নকৰ্ত্তাৰ বিশ্বাস নথকা বুজায়। যেনে, সিনো যাব নে? ইয়াত সি যে যাব এই কথাত প্ৰশ্নকৰ্ত্তাৰ বিশ্বাস নোহোৱা বুজাইছে অৰ্থাৎ প্ৰশ্নকৰ্ত্তাই সি নাযাব বলিহে বিশ্বাস কৰে। [ ১০৭ ]  ৩৬। জানে৷ প্ৰশ্নাৰ্থক অব্যয় কৰ্ত্তাৰ পাচত বা ক্ৰিয়াৰ পাচত ব্যৱহাৰ হয়। যেনে, সি জানো জাপানলৈ যাব বা সি জাপানলৈ যাব জানো?

(৮) সমিধানবোধক অব্যয়।

 ৩৭। যিবিলাক অব্যয় শব্দে আন মানুহৰ কথাৰ সমিধান অৰ্থাৎ উত্তৰ দিয়া বুজায়, সিহঁতক সমিধানবোধক অব্যয় বোলে। সমিধানবোধক অব্যয়:— ওঁ, বাৰু, ভাল, এৰা, হয়, হৈছে, ওঁহ্।

 ৩৮। ওঁ, এৰা, হয়. হৈছে এই কেইটা অব্যয় কেৱল শলাগনিত ব্যৱহাৰ হয়। সমনীয়া বা সাধাৰণ মানুহৰ কথা শলাগোঁতে ওঁ, এৰা আৰু মান্যৱন্ত মানুহৰ কথা শলাগোঁতে হয়, হৈছে ব্যৱহাৰ কৰা যায়। যেনে, সমনীয়া বা সাধাৰণ মানুহে সুধিলে, তুমি গৈছিলানে? উত্তৰত, ওঁ গৈছিলোঁ বা এৰা গৈছিলোঁ। মান্যৱন্ত মানুহে সুধিলে, তই গৈছিলিনে? বা তুমি গৈছিলানে? উত্তৰত, হয় গৈছিলো।

 হৈছে অব্যয়ৰ সিমান প্ৰচলন নাই, কেৱল সাধাৰণ মানুহৰ ভিতৰতহে ইয়াৰ ব্যৱহাৰ হয়।

 ৩৯। বাৰু আৰু ভাল অব্যয় আন মানুহৰ অনুৰোধত মান্তি হোৱা বুজাবলৈ ব্যৱহাৰ হয়। সাধাৰণ বা সমনীয়া মানুহৰ অনুৰোধৰ উত্তৰত বাৰু, আৰু মান্যৱন্ত মানুহৰ অনুৰোধৰ উত্তৰত ভাল ব্যৱহাৰ কৰা যায়। যেনে, সাধাৰণ [ ১০৮ ] বা সমনীয়াই অনুৰোধ কৰিলে—আপুনি এবাৰ যাব, বা তুমি এবাৰ যাবা, বা তই এবাৰ যাবি; উত্তৰত, বাৰু মই যাম। মান্যৱন্ত মানুহে অনুৰোধ কৰিলে— তুমি এবাৰ যাবা বা তই এবাৰ যাবি; উত্তৰত, ভাল মই যাম।

 ৪০। ওঁহ্ সাধাৰণ বা সমনীয়া মানুহৰ কথাত অমান্তি বুজাবলৈ ব্যৱহাৰ হয়। যেনে, সমনীয়া বা সাধাৰণ মানুহে সুধিলে, আপুনি যাবনে? বা তুমি যাবানে? বা তই যাবিনে? উত্তৰত, ওঁহু্ঁ মই নেযাওঁ।

গুণবোধক শব্দ।

 ৪১। যিবিলাক শব্দে সংজ্ঞা বা বিশেষণ শব্দৰ- পৰা উৎপন্ন হৈ গুণ, স্বভাৱ বা ব্যৱসায় বুজায়, সিহঁতক গুণবোধক অব্যয় বোলে। যেনে, গুণ বুজুৱা :—দুষ্ট, দুষ্টালি; পণ্ডিত, পণ্ডিতালি; টেঙ্গৰ, টেঙ্গৰালি; অঁজলা, অঁজলালি; আমঠ, আমঠালি; আজল-মঠ, আজল-মঠালি, আঁকোৰ-গোজা, আঁকোৰ-গজালি; মুনিহ, মুনিহালি বা মুনিষাই; বৰ, বৰাই; ইত্যাদি।
 স্বভাৱ বুজুৱা—বহুৱা, বহুৱালি; বলিয়া বলিয়ালি; লৰা, লৰালি; গৰু, গৰুৱালি; ছাগল, ছাগলালি; বান্দৰ, বান্দৰালি; ইত্যাদি।

 ব্যৱসায় বুজোৱা—বেজ, বেজালি; ওজা, ওজালি; পুৰোহিত, পুৰোহিতালি; ইত্যাদি।

[ ১০৯ ] ব্যৱসায় বুজোৱা গুণবোধক শব্দ কিছুমান আন ভাষাৰ পৰা আহি সম্প্ৰতি অসমীয়া ভাষাত ব্যৱহাৰ হবলৈ ধৰিছে। যেনে, উকিল, ওকালতি; হাকিম, হাকিমি; কেৰাণী, কেৰাণীগিৰি। সেইদৰে মহৰীগিৰি, গোলাদাৰী, মৌজাদাৰী, ইত্যাদি।

 ৪২। গুণবোধক শব্দত বিভক্তি যোগ হয়, কিন্তু সিহঁতৰ লিঙ্গ বা বচন নাই।

অনুকাৰ শব্দ।

 ৪৩। বস্তু মাটিত পৰা শব্দ বা জন্তুৰ মাতৰ নিচিনা যিবিলাক শব্দ ব্যৱহাৰ কৰা যায়, সিহঁতক অনুকাৰ শব্দ বোলে। যেনে, কেঁচুৰ চিঁ চিঁ, কাউৰীৰ কা কা, ঘৰিৰ টং টং শব্দ, হিলৈৰ ধুমুৰ শব্দ, বস্তু মাটিত পৰা গিৰিস্ শব্দ। সেইদৰে চৌ চৌ, হুম্ হুম্, কেৰ কেৰ, মেৰ মেৰ, চেন্ চেন্‌, ইত্যাদি।

অনুৰূপ শব্দ।

 ৪৪।আচল শব্দৰ বল বৃদ্ধি কৰিবলৈ তাৰ লগত কেতিয়াবা তাৰ অনুৰূপ অৰ্থশূন্য শব্দ ব্যৱহাৰ হয়। এনেকুৱা শব্দবিলাকক অনুৰূপ শব্দ বোলে।

 ৪৫। অনুৰূপ শব্দ তিনি বিধ, অনুকাৰ, একশেষ আৰু অনিয়মিত। অনুকাৰ অনুৰূপ শব্দ আচল শব্দৰ নিচিনা, কেৱল তাৰ আদি বৰ্ণটো মাথোন বেলেগ হয়। যেনে, ঘৰ-চৰ, ইনাই বিনাই।

[ ১১০ ]

(১)অনুকাৰ—অনুৰূপ শব্দ।

 ৪৬। অনুকাৰ অনুৰূপ শব্দবিলাকৰ ভিতৰত যিবিলাক আচল শব্দৰ পাচত থাকে, সিহঁত প্ৰায় চৰে আৰম্ভ হয়; কেতিয়াবা টৰেও আৰম্ভ হয়। কিন্তু আচল শব্দৰ আদিত চ বা ছ থাকিলে অনুৰূপ শব্দ সদায় টৰে আৰম্ভ হয়। যেনে, ঘৰচৰ বা ঘৰটৰ; কিন্তু চাউল টাউল, ছাগলী টাগলী।

 ৪৭। অনুকাৰ—অনুৰূপ শব্দ আচল শব্দৰ আগত থাকিলে, আচল শব্দৰ আদিত যি স্বৰ থাকে, অনুৰূপ শব্দ সেই স্বৰেৰে আৰম্ভ হয়। যেনে, ইনাই বিনাই, অকাই পকাই, আকলি বাকলি, ইত্যাদি।

(২) একশেষ অনুৰূপ শব্দ।

 ৪৮। আচল শব্দৰ আদি ব্যঞ্জনবৰ্ণটোৱেই তাৰ একশেষ অনুৰূপ শব্দ হয়। সেই বৰ্ণত প্ৰায় আ-কাৰ যোগ হয়৷ কেতিয়াবা অন্য স্বৰবৰ্ণও যোগ হোৱা দেখা যায়। অনুৰূপ শব্দটোত আচল শব্দটোৰ এটা আখৰ মাথোন লোৱা হয়, সেই দেখি এই বিধ অনুৰূপ শব্দক একশেষ অনুৰূপ শব্দ বোলা হৈছে। একশেষ অনুৰূপ শব্দ আৰু আচল শব্দ, ইহঁত দুইৰে৷ মাজত এটা একদেশ চিন থাকে। যেনে, বা- বাতৰি, ডা-ডাঙৰীয়া, জা-জলপান, লা-লিগিৰী, পা-পইচা।

(৩) অনিয়মিত বা যুৰীয়া অনুৰূপ শব্দ।

 ৪৯। যিবিলাক অনুৰূপ শব্দ গঠন কৰিবৰ কোনো নিয়ম নাই, সিহঁতক অনিয়মিত অনুৰূপ শব্দ বোলে। বিশেষ [ ১১১ ] বিশেষ আচল শব্দত বিশেষ বিশেষ অনিয়মিত অনুৰূপ শব্দ ব্যৱহাৰ হয়। এই বিধ অনুৰূপ শব্দক যোৰ ভাঙ্গি ব্যৱহাৰ কৰিব নোৱাৰি, যি আচল শব্দৰ লগত যি অনুৰূপ শব্দ প্ৰচলিত আছে, তাকেহে ব্যৱহাৰ কৰিব পাৰি। সেই দেখি ইহঁতক যুৰীয়া অনুৰূপ শব্দও বোলে। যেনে, তেল কুৰ, ৰূপ বান, ৰাজহ ততহ, ইত্যাদি।

কৃদন্ত শব্দ।

 ৫০। ধাতুৰ পাচত কৃৎ প্ৰত্যয় যোগ হৈ যিবিলাক শব্দ হয়, সিহঁতক কৃদন্ত শব্দ বোলে। যেনে, খাৱন, নাচন, শোৱন, ভোজন, গমন, শয়ন, ইত্যাদি।

 কৃদন্ত শব্দৰ বিশেষ বিবৰণ ক্ৰিয়া প্ৰকৰণত চোৱাঁ।

উপসৰ্গ।

 ৫১। উপসৰ্গ এবিধ অব্যয় শব্দ মাথোন। এই উপসৰ্গ কুৰিটা:—প্ৰ, পৰা, অপ, সং, নি, অৱ, অনু, নিৰ, দুৰ, বি, অধি, সু, উৎ, পৰি, প্ৰতি, অভি, অপি, অতি, উপ, আ।

 ৫২। নিৰ্, দুৰ্ উপসৰ্গৰ অন্তত থকা ৰ সদায় বিসৰ্গৰ আকাৰত থাকে। যেনে, নিঃ, দুঃ।

 সংস্কৃত ব্যাকৰণত এই উপসৰ্গবিলাক শ্লোকত বান্ধি থৈছে। শিকাৰুৰ সুবিধাৰ নিমিত্তে সেই শ্লোকটো ইয়াত তুলি দিয়া হল।

প্ৰপৰাপ সমন্বব নিৰ্দুৰভিব্যধিহূদতি নিৰ্প্ৰতি পৰ্য্যপয়ঃ।
উপ আঙিতি বিংশতিৰেৰ সখে উপসৰ্গবিধিঃ কথিতঃ কবিনা॥

 এটা ধাতুৰ ভিন ভিন অৰ্থ কৰিবৰ নিমিত্তে, উপসৰ্গ, ব্যৱহাৰ কৰা [ ১১২ ] হয়। কৃ ধাতুৰ আচল অৰ্থ কৰা, কিন্তু তাত নানা উপসৰ্গ যোগ দি নানা অৰ্থ কৰা হয়। যেনে, প্ৰতি+কৃ, প্ৰতিকাৰ; অপ+কৃ, অপকাৰ; উপ+কৃ, উপকাৰ; বি+কৃ, বিকাৰ; নি+কৃ, নিকাৰ। এই শব্দবিলাক এটা ধাতুৰ পৰা উৎপন্ন হলেও সিহঁতৰ অৰ্থ একে নহয়।

 ৫৩। উপসৰ্গবিলাক সংস্কৃত, সেই দেখি সিহঁত সংস্কৃত ধাতুৰ আগতহে ব্যৱহাৰ হয়। কেৱল নি, বি, অৱ, এই তিনটা মাথোন অসমীয়া ভাষাত চলিত আছে। অসমীয়াত ইহঁত বিশেষ্য, বিশেষণ আদি পদৰ আগত বহে, ধাতুৰ আগত নবহে। যেনে, নিঃ— নিলাজ, নিমাত, নিপাণী, নিধাতু, নিনাও, নিজান, নিমৰমিয়াল, ইত্যাদি।
 বিঃ—বিবুদ্ধি, বিমোৰ, বিজোৰ, বিজোখ, বিলগ, ইত্যাদি।
 অৱ ( অসমীয়াত প্ৰায় আও হয় ):—অৱহেলা, আওহেলা, আওপাক, আওহাত, আওবাট, আওবাৰ, আওকথকী, আওমৰণ, ইত্যাদি।

 ৫৪। কেতবিলাক সংস্কৃত শব্দ আঁদিৰ পৰা অসমীয়া ভাষাত চলি আছে। সিহঁতক অসমীয়া শব্দ বুলি ধৰা হয়। এতেকে সিহঁতৰ আগত কেতিয়াবা সংস্কৃত উপসৰ্গ, কেতিয়াবা অসমীয়া উপসৰ্গ ব্যৱহাৰ হয়। যেনে, নিধনী বা নিৰ্ধনী, নিজন (অপভ্ৰংশ নিজান) বা নিৰ্জন, ইত্যাদি।

 ৫৫। উপসৰ্গবিলাক নানা অৰ্থত ব্যৱহাৰ হয়। কোনটো উপসৰ্গ কি কি অৰ্থত ব্যৱহাৰ তাক তলত দিয়া হল।—

[ ১১৩ ] প্ৰ—অতিশয়, উত্তম, আগত যোৱা ইত্যাদি।
পৰা—শ্ৰেষ্ঠ হোৱা, অপমান দিয়া, ভঙ্গ ইত্যাদি।
অপ—বেয়া, নিকৃষ্ট, বিৰুদ্ধ, ভিন ইত্যাদি।
সং—সকলে৷, একেলগ, উত্তম ইত্যাদি।
নি—অভাৱ, ভিতৰ, ওপৰ, নিশ্চয় ইত্যাদি।
অব্—বেয়া, দূৰ, কম, অধোগতি ইত্যাদি।
অনু—নীহ, পাচ, সমান ইত্যাদি।
নিৰ্—নিশ্চয়, বাহিৰ, অভাৱ, বিনে ইত্যাদি।
দুৰ্—বেয়া, বাধা, দুখ ইত্যাদি।
বি–উত্তম, বেয়া, হীন, অন্য ইত্যাদি।
অধি—ঘাই, ওপৰ ইত্যাদি।
সু—ভাল, উজু, অতিশয় ইত্যাদি।
উৎ—শ্ৰেষ্ঠ, উৰ্দ্ধ ইত্যাদি।
পৰি—সৰ্ব্বত্ৰ, কেউপোনে, অতিশয় ইত্যাদি।
প্ৰতি—সমান, সমুখ, বিৰুদ্ধে, গাই গাই ইত্যাদি।
অপি–ওপৰ, সন্দেহ ইত্যাদি।
অভি—সমুখ, ঘাই ওচৰ ইত্যাদি।
অতি—অধিক, ঘাই ইত্যাদি।
উপ—সামান্য, ওচৰ, প্ৰায় তুল্য ইত্যাদি।
আ—অলপ, পৰ্যন্ত, অবধি, পুনৰ, সৰু ইত্যাদি।

 কোন কোন ধাতুৰ আগত কোন কোন উপসৰ্গ ব্যৱহাৰ হয়, তাৰ একো নিৰ্দ্ধাৰিত নিয়ম নাই, তাক কেৱল ব্যৱহাৰ চাইহে জানিব [ ১১৪ ] পাৰি। সেই দেখি উপসৰ্গৰ কিছুমান শব্দ উদাহৰণ স্বৰূপে তলত দিয়া হল।

প্ৰ—প্ৰকাৰ, প্ৰমাণ, প্ৰচলিত, প্ৰবীণ, প্ৰণালী, প্ৰক্ৰিয়া, প্ৰণয়, প্ৰণীত, প্ৰধান।
পৰ৷—পৰাভব, পৰাজয়, পৰামৰ্শ, পৰাক্ৰম, পৰাধীন।
অপ—অপকাৰ, অপমান, অপবাদ, অপচয়, অপব্যয়, অপৰূপ।
সং—সংসৃষ্ট, সংসৰ্গ, সংস্কৃত, সংযোগ, সংলগ্ন, সংস্কাৰ।
নি—নিদাৰুণ, নিকৰুণ, নিধি, নিহিত, নিধান, নিলয়।
অব – অবধান, অবহিত, অবমননা, অবসৰ, অবতৰণ।
অনু—অনুসাৰে, অনুচৰ, অনুগামী, অনুমান, অনুশীলন, অনুগত, অনুৰোধ।
নিৰ্ —নিৰ্দয়, নিৰ্ম্মাণ, নিৰ্ম্মল, নিৰ্গুণ, নিৰ্ব্বাণ, নিৰ্ণয়, নিৰ্ব্বলী।
দুৰ্—দুৰ্ম্মতি, দুৰ্গতি, দুৰ্লভ, দুৰ্দ্ধৰ্ষ, দুৰ্ণাম, দুৰ্যশ, দুৰ্ব্বলী, দুৰ্জয়।
বি—বিপদ, বিনাশ, বিদায়, বিকাৰ, বিলয়, বিনয়, বিপৰীত, বিকশিত।
অধি—অধিকাৰ, অধ্যয়ন, অধ্যবসায়, অধিবাস।
সু—সুদৰ্শন, সুনীতি, সুকৰ্ম্ম, সুযোগ, সুলভ, সুগম, সুকৰ।
উৎ—উন্নতি, উদ্ধাৰ, উদ্ভৱ, উচ্চাৰণ, উৎকৃষ্ট, উৎপাত, উদ্ধত, উদ্গাৰ।
পৰি—পৰিমাণ, পৰিতাপ, পৰিণাম, পৰিধান, পৰিচয়, পৰিণয়, পৰিপাটী।
প্ৰতি—প্ৰতিকাৰ, প্ৰতিপন্ন, প্ৰত্যয়, প্ৰতিপদ, প্ৰতিবাদী, প্ৰত্যাগমন।
অভি—অভিশাপ, অভিমান, অভিবাদন, অভিলাস, অভিৰুচি, অভ্যুদয়, অভিজ্ঞ।
অপি—অপিচ, অপিধান।
[ ১১৫ ] অতি—অতিশয়, অতিক্ৰম, অতিথি, অতিৰিক্ত, অতীত।
উপ—উপসাৰ, উপসৰ্গ, উপমা, উপযুক্ত, উপন্যাস, উপদেশ, উপক্ৰম।
আ—আপত্তি, আপদ, আপাততঃ, আপ্যায়িত, আভৰণ, আভা, আবদ্ধ।