সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বহল ব্যাকৰন

অষ্টম অধ্যায়।
⸺:✱:⸺
সমাস প্ৰকৰণ।

 ১। দুটা বা অধিক পদ গোট খাই এটা হোৱাকে সমাস বোলা যায়।

 সমাস আৰু সন্ধি এই দুই উপায়েৰে দুটা বা অধিক পদক গোট খুৱাব পাৰি। অসমীয়া ভাষাত প্ৰকৃত পক্ষত সন্ধি নাই, এই কথা আগত কোৱা হৈছে, কিন্তু সন্ধি নহলেও, সমাসৰ প্ৰচলন আছে। সন্ধি আৰু সমাসৰ ভিতৰত বিশেষ প্ৰভেদ এই যে, দুটা শব্দৰ সন্ধি হলে, সিহঁতৰ অৰ্থৰ লৰচৰ নহয়, আৰু বিভক্তিযুক্ত পদৰ ভিতৰতো সন্ধি হয়। কিন্তু সমাস হলে, আগৰ পদবিলাক বিভক্তি নাথাকে, নতুন পদটোত মাথোন বিভক্তি যোগ হয়। আৰু সমাস হোৱা পদবিলাকৰ অৰ্থৰ লৰচৰ হয়, কেতিয়াবা সিহঁতৰ অৰ্থ নাথাকেই, এটা নতুন অৰ্থ হয়। চমু কথা, ভিন ভিন পদৰ বিভক্তি গুচাই দিয়াই সমাসৰ কাৰ্য্য ৷ সন্ধিয়ে কেৱল পদবিলাকক যেনে আছে তেনেই জোৰাই থয় মাথোন, সমাসে সিহঁতক সানমিহলি কৰি এটা কৰে। সন্ধি আৰু সমাস কথা চুটি কৰিবৰ উপায়। কিন্তু অসমীয়া মানুহে প্ৰায় সেই দৰে কথা চুটি নকৰে। সেই দেখি অসমীয়া ভাষাত সকলো সময়ত সকলো পদৰ সমাস নহয়। কেতবিলাক প্ৰচলিত সমাস আছে, সেয়েই মাথোন

অসমীয়া সাহিত্যত ব্যৱহাৰ হয়।