সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
বহল ব্যাকৰণ।


সমাহাৰ হোৱা নাই। সেইদৰে, তিনি ভুবন দ্বিগু সমাস নহয়। কাৰণ তিনি ভুবন শব্দে স্বৰ্গ, মৰ্ত্য আৰু পাতাল, এই তিনি ভুবন বুজাইছে। কিন্তু ত্ৰিভূবন দ্ভিগু সমাস। কিয়নো, সেই শব্দে তিনিও ভুবনক এক কৰি গোটেইখন বিশ্বক বুজাইছে, অৰ্থাৎ তাত তিনি সংখ্যাৰ সমাহাৰ হৈছে।
 দ্বিগু সমাসৰ উদাহৰণ :—ত্ৰিনয়ন, চতুৰ্ভুজ, তিনিমুনি (বাট), চৌপৰ (ৰাতি), দুপৰ, (বেলি), তিনিগধূলি, সাতবিহু, পঞ্চামৃত, সাতামপুৰুষ, বাৰেমতৰা, বাৰেতিকাল বা বাৰেওতিকাল। বাৰেপাচি (এইবিলাক শব্দত বাৰ বাৰে হয় ), বাৰমিহলি, বাৰবাখৰ, চৌঠেঙ্গীয়া, সাতসৰী, দোমাহী, দোমোজা, সাতঘোঁকট।
 ৬০। কোনো কোনো দ্বিগু সমাসত শেষ শব্দত ঈ-কাৰ হয়। যেনে, পঞ্চবটী, ত্ৰিপদী, চতুষ্পদী, শতাব্দী, চৌৰাঙ্গী, সাতশাকী।

নঞ্ সমাস।

 ৬১। অভাৱ, সদৃশ, ভিন্ন, অল্প, বিৰোধী আৰু অপ্ৰশস্ত, এইবিলাক ভাব বুজুৱা ন ৰে সৈতে আন পদৰ যি সমাস হয়, তাক নঞ সমাস বোলে। এই সমাস তৎপুৰুষ সমাসৰ অন্তৰ্গত।
 ৬২। নঞ্ সমাসত ন ৰ পাচত স্বৰবৰ্ণ থাকিলে ন অন্ হয় আৰু ব্যঞ্জনবৰ্ণ থাকিলে ন অ হয়। এই অ অসমীয়াত কেতিয়াবা আ, কেতিয়াবা এ হয়। যেনে, ন+উচিত=