থাকে, আৰু তাকেই প্ৰধান কৰি ধৰা যায়, তাক ৰূপক কৰ্ম্মধাৰয় বোলে। যেনে, মুখচন্দ্ৰ। ইয়াত উপমাৰ পদ চন্দ্ৰ পাচত আছে। আৰু তাকেই প্ৰধান কৰি ধৰা হৈছে, অৰ্থাৎ মুখখনকেই চন্দ্ৰ বোলা হৈছে।
৪৬। কৰ্ম্মধাৰয় সমাসত সমস্ত পদৰ শেষত থকা ৰাজা শব্দ কেতিয়াবা ৰাজ হয়, নহৈও থাকে। যেনে, মহাৰাজ বা মহাৰাজা।
৪৭। কৰ্ম্মধাৰয় সমাসত পুৰুষ শব্দৰ আগত থকা কু শব্দ কা হয়, নহৈও থাকে। যেনে, কাপুৰুষ বা কুপুৰুষ।
৪৮। কৰ্ম্মধাৰয় সমাসত পূৰ্ব্ব, মধ্য আৰু অপৰ শব্দৰ পাচত থকা অহন্ শব্দ অহ্ন হয়। যেনে, পূৰ্ব্বাহ্ণ, মধ্যাহ্ণ, অপৰাহ্ণ ( ন ণ হৈছে, ণত্ববিধি চোৱাঁ )
তৎপুৰুষ সমাস।
৪৯। যি সমাসত আদিৰ ব্যস্ত পদ প্ৰথমাৰ বাজে আন বিভক্তিত থাকে, আৰু শেষ ব্যস্ত পদৰ অৰ্থই প্ৰধান হয়, তাক তৎপুৰুষ সমাস বোলে। এই সমাস কেৱল দুটা পদৰ ভিতৰতহে হয়।
৫০। তৎপুৰুষ সমাস ছবিধ :—দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, আৰু সপ্তমী তৎপুৰুষ।
দ্বিতীয়া তৎপুৰুষ।
৫১। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত দ্বিতীয়া বিভক্তি থাকিলে, তাক দ্বিতীয়া তৎপুৰুষ বোলে।যেনে,