থবৰ = দিবথবৰ, খাবৰ আৰু লবৰ = খাবলবৰ, খাবলৈ আৰু = পিন্ধিবলৈ = খাবপিন্ধিবলৈ।
একশেষ দ্বন্দ্ব।
১৮। যি দ্বন্দ্ব সমাসত ব্যস্ত পদবিলাকৰ প্ৰথমটো মাথোন থাকে, বাকীবিলাক লোপ হয়, আৰু সেই প্ৰথমটো বহুবচন হয়, তাক একশেষ দ্বন্দ্ব সমাস বোলে। যেনে, ৰামৰ, কৃষ্ণৰ আৰু গোপালৰ ঘৰ = ৰামহঁতৰ ঘৰ; দদাইদেৱে, জেঠাদেৱে, আৰু ককাইদেৱে কৈছিল = দদাইদেউহঁতে কৈছিল; পিতাদেউৰ আৰু দদাইদেউৰ হাক বচন— পিতাদেউহঁতৰ হাক বচন।
বহুব্ৰীহি সমাস।
১৯। যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ অৰ্থ নুবুজাই আন এটা ভিন অৰ্থ বুজায়, তাক বহুব্ৰীহি সমাস বোলে। যেনে, নীলাম্বৰ এটা পদ, ইয়াৰ অৰ্থ হৈছে নীল কাপোৰ, কিন্তু বহুব্ৰীহি সমাস হলে, তাৰ সেই অৰ্থ নাথাকে। তেতিয়ী নীলাম্বৰ বুলিলে নীল কাপোৰ পিন্ধা মানুহ গৰাকীক হে বুজায়৷ সেইদৰে, পীত অম্বৰ যাৰ সি পীতাম্বৰ (শ্ৰীকৃষ্ণ), দিক হৈছে অম্বৰ যাৰ সি দিগম্বৰ (মহাদেৱ), চক্ৰ আছে পাণিত যাৰ সি চক্ৰপাণি (বিষ্ণু), দীৰ্ঘ হৈছে বাহু যাৰ সি দীৰ্ঘবাহু, মহৎ হৈছে বাহু যাৰ সি মহাবাহু, অল্প হৈছে মতি যাৰ সি অল্পমতি, শিশুৰ নিচিনা মতি যাৰ সি শিশুমতি, ব্যঞ্জন