কেৱল তামোল আৰু পাণ আছে, আৰু সিখনত আম আৰু কঠাল আছে। গতিকে, ইয়াত তামোল পাণ আৰু আম কঠাল ইতৰেতৰ দ্বন্দ্ব হব। কিন্তু যদি কোৱা হয় যে, কালি নিশাৰ ধুমুহাই মানুহৰ তামোল পাণৰ বাৰী উপান্ত কৰিলে, তেনেহলে বুজিব লাগিব যে, মানুহৰ তামোল, পাণ, আম, কঠাল আদি বস্তুৰ বাৰী ধুমুহাই উপান্ত কৰিলে। ইয়াত তামোল পাণ অৱশ্য সমাহাৰ দ্বন্দ্ব হব। যথাৰ্থ পক্ষত বাক্যৰ ভাব অনুসাৰে ইতৰেতৰ দ্বন্দ্বও সমাহাৰ হব পাৰে। এই দুই সমাসৰ প্ৰভেদ সমস্ত পদৰ ৰূপৰ পৰা বুজা নাযায়, বাক্যৰ অৰ্থৰ পৰাহে বুজা যায়। সংস্কৃতত পদৰ ৰূপৰ পৰাও ইতৰেতৰ সমাহাৰ বুজা যায়, কিয়নো ইতৰেতৰত সমস্ত পদ বহুবচন আৰু সমাহাৰত সমস্ত পদ একবচন হয়। আৰু সংস্কৃতত বচন অনুসাৰে শব্দৰ ৰূপ ভিন হৈ পৰে। অসমীয়া ভাষাত তেনে নহয়, কেতিয়াবা কোনো শব্দত বহুবচনৰ চিন বোৰ, বিলাক যোগ হয়, কেতিয়াবা নহয়, তেও সি বহুবচন হয়। কিন্তু ৰাধাকৃষ্ণ, হৰিহৰ, চন্দ্ৰদিবাকৰ, এনেবিলাক পদ দেখোঁতেই ইতৰেতৰ, সিহঁত সমাহাৰ কেতিয়াও হব নোৱাৰে।
১৬। তা বা ত্ব অন্তত থকা ভাববোধক দুটা বা অধিক পদৰ সমাহাৰ দ্বন্দ্ব হলে, সিহঁতৰ আগৰ পদবিলাকৰ ত্ব তা গুচি শেষৰ পদত মাথোন থাকে। যেনে, দীৰ্ঘতা আৰু উচ্চতা = দীৰ্ঘউচ্চতা, ভদ্ৰতা আৰু অভদ্ৰতা = ভদ্ৰাভদ্ৰতা, লঘুত্ব আৰু গুৰুত্ব = লঘুগুৰুত্ব।
১৭। নাম ধাতুৰো দুটা বা অধিক পদৰ সমাহাৰ দ্বন্দ্ব হয়। সমাহাৰ দ্বন্দ্ব হলে সিহঁতৰ আগৰ বিলাক পদৰ প্ৰত্যয় গুচি কেৱল শেষৰটোত মাথোন থাকে। যেনে, দিবৰ আৰু