নানা অসমীয়া বিভক্তি যোগ দিয়া হয়। অসমীয়াত হস্তীক হাতী বোলা যায়। এতেকে হাতীৰ দাঁত সমাসত হাতীদাঁত হয়। কিন্তু,
সংস্কৃতত হস্তিনঃ দন্তঃ, সমাসত হস্তিদন্ত হয়। গভীৰ ভাবৰ অসমীয়া ৰচনাত সংস্কৃত শব্দ ব্যৱহাৰ কৰিব পাৰি। কিন্তু সংস্কৃত শব্দ ব্যবহাৰ কৰিলে তাৰ আখৰ যোটনি সংস্কৃত ব্যাকৰণৰ নিয়মমতে কৰা হয়। এতেকে হস্তিদন্ত লিখিলে হ্ৰস্ব ই-কাৰ আৰু হাতীদাঁত লিখিলে দীৰ্ঘ ঈ-কাৰ হয়।
৫৭। দাস শব্দেৰে সৈতে সমাস হলে, কালী, চণ্ডী, দেবী আদি শব্দৰ ঈ মৰি ই হয়। যেনে, কালিদাস, চণ্ডিদাস, দেবিদাস।
সপ্তমী তৎপুৰুষ।
৫৮। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত সপ্তমী বিভক্তি থাকিলে, তাক সপ্তমী তৎপুৰুষ বোলে। যেনে, পিতৃত ভক্তি=পিতৃভক্তি, বনত বাস = বনবাস, বণত পণ্ডিত=বণপণ্ডিত। সেইদৰে, তলসৰা, গছপকা, জপাপূৰণি, ঘৰওপজা, দিনকণা, ধনহীন, থলবলী।
দ্বিগু সমাস।
৫৯। যি সমাসৰ প্ৰথম ব্যস্ত পদ সংখ্যাবোধক তাক দ্বিগুসমাস বোলে।
প্ৰথমত সংখ্যাবোধক শব্দ থাকিলেই যে দ্বিগু সমাস হয়, তেনে নহয়। দুই, তিনি, চাৰি আদি সংখ্যাৰ সমাহাৰ হলেহে, অৰ্থাৎ সিহঁতক মুঠ কৰি এটা বুলি ধৰিলেহে, দ্বিগু সমাস হয়। তিনি বামুণ বা চাৰি শূদিৰ দ্বিগু সমাস নহয়। কাৰণ ইয়াত সংখ্যা কেইটাৰ