সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
বহল ব্যাকৰণ।


ধৰ্ম্মৰ পৰা ভীৰু=ধৰ্ম্মভীৰু, গছৰ পৰা সৰা=গছসৰা, গজৰ পৰা হোৱা মুক্তা=গজমুক্তা

ষষ্ঠী তৎপুৰুষ।

 ৫৬। সমাস হোৱা ব্যস্ত পদৰ প্ৰথমটোত ষষ্ঠী বিভক্তি থাকিলে, তাক ষষ্ঠী তৎপুৰুষ বোলে। যেনে—দেৱৰ আলয়=দেৱালয়, গঙ্গাৰ জল=গঙ্গাজল, পৰৰ অধীন=পৰাধীন, নৰৰ পতি=নৰপতি বা নৃপতি। সেইদৰে, তালপাত, কলপাত বা কলাপাত, কলডিল, কলফুল বা কলাফুল, গুৱালগালি, ৰদকাঁচিয়লি, কন্যাবুলন, সোণচেকুৰা, কপাহ-জোলা, মাছখুতুৰা, নাওমান, (মৌখিক নাউমান )= নামৰ মান অৰ্থাৎ নামমাত্ৰ, ধনভঁৰালী, ধনগুলৈ, ডেকাচাং, হাতীদাঁত, কিন্তু হস্তিদন্ত।
 সংস্কৃত ভাষাত যিবিলাক শব্দ তদ্ধিতৰ ইন্‌ বা কৃতৰ ণিন্‌ প্ৰত্যয় যোগ দি সিদ্ধ কৰা হয়, সেইবিলাক শব্দৰ প্ৰথমা বিভক্তিৰ এক বচনৰ ৰূপটোক অসমীয়া ভাষাত মূল শব্দ বুলি ধৰা যায়, আৰু তাৰ অসমীয়া প্ৰথমাদি বিভক্তি যোগ দিয়া যায়। যেনে, ধন+ইন্‌=ধনিন্, প্ৰথমা বিভক্তিৰ এক বচনত ধনী। সেইদৰে, উপ- কৃ + নিন্ = উপকাৰিন্, প্ৰথমা বিভক্তিৰ একবচনত উপকাৰী। কিন্তু অসমীয়াত ধনী আৰু উপকাৰী মূল শব্দ হয়, আৰু সিহঁতত অসমীয়া সকলো বিভক্তি যোগ হয়। যেনে, ধনীয়ে উপকাৰীয়ে, ধনীক উপকাৰীক। হস্তী শব্দও সংস্কৃত ব্যাকৰণমতে হস্ত শব্দত তদ্ধিতৰ ইন্‌ প্ৰত্যয় কৰি সিদ্ধ হৈছে হস্ত+ইন্‌=হস্তিন্, তাত প্ৰথমাৰ একবচনৰ বিভক্তি যোগ দিয়াত, পুংলিঙ্গত হস্তী হৈছে। এই পদক অসমীয়াত মূল শব্দ বুলি ধৰি, তাত