বনেৰ মৰে চ'ৰা কবিতা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

বনেৰ মৰে চ'ৰা কবিতা
অসমীয়া আৰু বাংলা

 

হানিফ আলী

 

আহমেদ বুক ষ্টোৰ
ৰাধুৰাম চাৰিআলি বজাৰ

[  ] Boner More Chora Kobita, an Assamese and Bengali poetry by Hanif Ali and published by Ahmed Book Store, Radhuram Chariali Bazar : Dhubri, Assam.


 

প্রকাশক : মােস্তাফিজুৰ ৰহমান আহমেদ

 

 ৰাধুৰাম চাৰিআলি বজাৰ, ৭৮৩৩৩০

 

প্রথম প্রকাশ : মে', ২০২১

 

গ্রন্থস্বত্ব © : লেখক

 

প্রচ্ছদ : হাফিজুৰ ৰহমান আহমেদ

 

প্রুফ : হানিফ আলী শিকদাৰ

 

ডিটিপি

 

আৰু  : মােল্ল্যা কম্পিউটাৰ চেণ্টাৰ

 

মুদ্রণ

 

মূল্য : ৭৫.০০ টকা

 

[  ]
 

উৎসর্গ

যিজনীৰ অসীম ত্যাগৰ বাবে বিশ্বজননীক চাবলৈ সক্ষম হৈছোঁ

সেই সৰলমতি মা আৰু মােৰ দেউতাৰ পদকলমত

 

[  ]

লেখকৰ কথা

“না ৰাখি মুখে, না ৰাখি কলমেৰ ডগায়
ৰাখিয়াছি গহিন অন্তৰে
কতো স্বাদেৰ সুৰ
অহে কাজি - ৰবি
সাজিয়াছ কি ছন্দেৰে”

বহু স্বপন লৈ আৰম্ভ হোৱা মানৱ জীৱনত সময়ৰ গতিত বহুবোৰ বস্তুই সলনি হৈ যায়। এতিয়া যিটো ভাল লাগে পিছলৈ আকৌ বেলেগ। উদাহৰণ দিবলৈ গ'লে ইয়াৰ শেষ নহব। কিন্তু আকৌ এনে নহয় যে একে সময়তে সকলৰ মন সলনি হৈ যাব।

আমাৰ ওচৰে-পাজৰে এনে বহু মানুহ আছে যিসকল কিতাপ পঢ়ি ভাল পায়। সেই বাবেই আজিও অসমীয়া সাহিত্যত গ্ৰন্থৰ অভাব নাই। তথাপিও সমাজত বহুতেই কনো এখন উপন্যাস, গল্প বা কবিতাৰ কিতাপলৈ তেনে আগ্ৰহ নাই।

মই সকলো পাঠকক অনুৰোধ জনাও যে, মোৰ গ্ৰন্থখন সকলোৱে আদৰি লয় যেন।

হয়তো মোৰ সীমিত জ্ঞানৰ বাবে ক’তো মনৰ নিচিনা হোৱা নাই। মোৰ অজানিতে হোৱা ভুলৰ বাবে ক্ষমা খুজিলোঁ। ধন্যবাদ

হানিফ আলী

[  ]

অসমীয়া খণ্ড

ক্রমিক নং












১০
১১
১২
১৩
১৪
১৫
১৬
১৭
১৮
১৯
২০
২১

 

নাম



জন্ম ঠাই
দুপাহ ফুল
ৰঙালী বিহু
জীৱনৰ আচল মেল
বন্ধুৰ ঘৰলৈ
ভুল ভালপােৱা
মণিৰাম দেৱান
বৰষুণ শেষত
স্বদেশী
নদীৰ পাৰ
আশা
আৰু কিমান দিন
বহাগৰ বসন্ত
তােমাক লৈ যাম
ককা আইতা
বৌদিধর্মন
তথাপিও শান্তি
উৰণীয়া সাগৰ
মােৰ গাঁও
অসামাঞ্জস্য
জীৱন তৃষ্ণা

 

পৃষ্ঠা নং









৭−৮

১০
১১
১২
১৩
১৪
১৫
১৭
১৮
১৯
২০
২১
২২
২৩

[  ]

২২
২৩

 

ৰঙীন সমাজৰ চিত্ৰ
কুলি

 

২৪
২৫

[  ]
জন্ম ঠাই

এইখন মোৰ জন্ম ঠাই
 ৰাখিম যতন কৰি,
 মৰিবও লাগে যদি
 তথাপি নাযাওঁ পাহৰি॥

যি ঠাইত জন্ম লৈছোঁ মই
 সেইটো আপোন দেশ,
 চাই চাই আমনি লাগিলওঁ
 দেখাৰ নাই শেষ॥

দক্ষিণত আছে দ’সাগৰ
 উত্তৰত আছে পাহাৰ,
 পূবত উঠে বেলি
 পশ্চিমত যায় মাৰ॥

যদি আহে বিদ্ৰোহ
 যুজিম দেশৰ হকে,
 প্ৰাণ যদিওঁ যায়
 দেশ যেন থাকে॥

ইয়াতে জন্ম লৈছোঁ মই
 ইয়াতে  মৰিম,
 ধুমুহা বতাহ আহিলেও
 জন্ম ঠাই বুকুতে ৰাখিম॥

[  ]
দুপাহ ফুল

দেখিলোঁ,নেদেখিলোঁ ,
হায়! কি দেখিলোঁ!
ঐ বনৰ মাজত!

ৰঙা ৰঙে সজালে।
সজনাৰ ডালত
শিমুল ফুলিলে ফাগুনৰ মাহত
কিমান যে দুঃখ লৈ ফুটি আছে।
ঐ বনৰ কাষত,
ফুলি থকা দুপাহ ফুল,
কোনেওঁ তোক মূল্য নিদিয়ে
বুলি তই বনৰ ফুল...

লগত ললো এজনক
মূল্য দিম তোক
সি যেন বুজি নাপালে
বুলি পাগল কয় মোক।

* * *

[  ]

ৰঙালী বিহু।

চাৰিও পিনে বলিছে বতাহ
বতাহে লৰাইছে গছৰ সেউজীয়া পাত।
ৰঙালী আহিছে বুলি উলিয়াইছে তাত
গছ লতিকাই নতুন গজালে
চ'তৰ শেষ দিন ৰঙালী বোলে।

ৰঙে ৰঙে সজাইছে চাৰিও পিনে।
যেনেকুৱা সাজিছিল বৃন্দাবনে।
নতুন ফল, নতুন ফুল আহিল চ'তৰ মাহত
মালা পিন্দায় ধেনুৰ ডিঙিত
ৰঙালী বিহুৰ দিনত।

ৰঙালীয়ে আদৰিলে নতুন বছৰ
আনন্দত নাচিছে মোৰ মোন
পথাৰ ভৰা ধননীত
ধানৰ পাত দেউ দি নাচে
নচাই মোৰ উৰুণী।

সূৰ্য্য কিৰণ হাঁহিলে, বতাহ এষাৰ গালে
প্ৰকৃতিয়েও এপাক নাচিলে
ইমান আদৰ আমাৰ বিহুটি
থাকিব নোৱাৰোঁ নাপাতি।

নতুন ফলে, নতুন পাতে
সজাইছে গছৰ ডাল
দুঃখ নাথাকে বিহুৰ দিন
আহিছে ৰঙালী বিহুৰ কাল।

[ ১০ ]

জীৱনৰ আচল মেল

ভাবিছোঁ আমি কৰিছোঁ আমি
জীৱনটো মোৰ সুখৰ খনি
ভবাটো মিছাঁ কৰাটো মিছা।
জীৱনটো যেন পঁখিলাৰ কণী।

কিমান গঢ়িলোঁ  কিমান সাঁচিলো
এই ধৰাৰ মাজত
খাইবই পলুৱে ঘূৰে যেনেকৈ
মৰাপাঠৰ গছত।

এৰিলোঁ ধৰা তৰিলোঁ সংসাৰ
প্ৰৱেশিলো অন্ধকাৰ ঘৰত
পলুৱে সজাই ললে বিদায়
নিজৰ নোমৰ সহায়তা

বিচাৰ শেষত পাও পূণ্যত
মিলিব নতুন জীৱন
এৰিলে পলুৱা  হ'ল পখিলা
পালে আঁচল জনম।

এই পৃথিৱী এই স্মৃতি
ধুলি বালিৰ খেল
মৰিচিকাৰ পৃথিৱী নহয় পৰ জনম হয়
জীৱনৰ আঁচল মেল।

[ ১১ ]

বন্ধুৰ ঘৰলৈ

বন্ধুৰ ঘৰ যাওঁ বুলি
নাম লগালো বেলেগ,
গৈ এঠাইত থাকিম মই
যদিও সময় অলেখ।
তেওঁৰ ঘৰত যোৱাৰ পথত
পাৰ এখন নদী,
সি নাই ঘৰত, দেখা কৰো অলপ
সময় আছে যদি।
পঠাই দিলে নিজে আহি
তেওঁৰ পথৰ সোতত,
সাক্ষাৎ কৰিব সময়ত আহি
নাহিল সি মোৰ লগত।
নদীৰ পাৰে পাৰে
বালিৰ লগত পানী ধৰি
বনাইছে এখন দীঘল পথ
চলাই ডাঙৰ ঘাড়ী।
পথে পথে আহি আহি
শেষ হ'ল পথৰ মূৰ
সমূখত পানী আকৌ পৰিল।
মাত দিওনো ধৰি কোন সুৰ?
অচিন পথে এজন আহিল
আমাৰ কাষ চাপি
যাব পাৰিবা এইফালে দি
পানী আছে তথাপি।

   

বালি গুচাই থাক আগুৱাই
দোষ নাই যানৰ
সকলো যে আশা মোৰ
সপোন মোৰ মনৰ।
আদৰি জনাই পালো ঠাই।
থাকিম যত আলহি হৈ
আচলতে যাম বন্ধুৰ ঘৰ
ভাবি আছোঁ মই।
****
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

[ ১২ ]

ভুল ভালপোৱা



ভাল পাওঁ গোলাপৰ পাহি,
দেখিবলৈ ধুনিয়া বুলি।
কিন্তু, তাক বিশ্বাস কৰাটো ভুল!
কেতিয়া যে সি শুকাই
মাটিত খহি পৰে.....!

ভালপাওঁ আকাশৰ মেঘ।
মোৰ হৃদয়ত বৰষুণ দি
বসন্ত কঢ়িয়াই আনে বুলি।
কিন্তু, তাক ভৰসা কৰাটো ভুল!
কেতিয়া বৰষুণ আহিব?
আকৌ আহি বাৰিষা কৰি
অতল তল কৰে মোৰ হৃদয় বাগিচা।

ভালপাওঁ নদীৰ পানী।
ফেনাই উঠে বগা বগা কপাহৰ দৰে৷
নদীৰ মাজে মাজে বতাহৰ কৱত
ঢেউ উঠে নদীৰ মাজত।
কিন্তু তাক আপোন কৰাটো ভুল।
কেতিয়া যে সি নিজৰ ঘৰখন
ভাঙি লৈ যায়......!

*****

[ ১৩ ]

মণিৰাম দেৱান


বিদ্ৰোহৰ বহ্নিমান মণিৰাম দেৱান
হাঁহি মূখে আহুঁতি দিলা তোমাৰ প্ৰাণ।
তোমাৰ মাটিত তোমাক বন্ধী কৰি
ৰাখে কোন দুঃসাহস, কোন আছিল?
ঐ পিত্তহীন মানৱৰ ষড়যন্ত্ৰ সহিব নোৱাৰি।

তোমাৰ দুখে বন্ধ কৰিলেও যদি
চাহ-বাগিচাৰ কাম,
কোনে আনি দিব তোমাৰ প্ৰাণ?
স্ব-দেশ উদ্ধাৰ তুমি মণিৰাম দেৱান।

আমি অতি লোভনীয়,
লোভ মোৰ দেশৰ প্ৰতি,
তোমাৰ লগত নোৱাৰে বুলি
তোমাক স্বাধীনতাৰ পুৰষ্কাৰ দিব,
দেখালে মিচাঁ প্ৰতিশ্ৰুতি।

আসন্ন মৃত্যুৰ বজ্ৰাঘাত বাতৰি পাই
মনত কিঞ্চিৎমানো বিচলিত নহলা
বৰং, “জন্মিলে মৰিব লাগে”
এই কথাৰে তুমি বুজালা।

তোমাক চাবলৈ গৈ থকা দুখীয়া
দেখা পাইছিল বুকুত আগুন লৈ
আছিলা হে গোলাপৰ পাহি হৈ

[ ১৪ ]

বৈছিল বুকুত ফাগুনি নদীৰ নিচিনা কৈ।

২৬ ফেব্ৰুৱাৰী, বাজিল পুৱা ৯ দণ্ড
তোমাৰ জীৱনৰ লগতে
অসম কৰিছিল খণ্ড খণ্ড।
কোনোবাই হিয়া-মুৰ কান্দিছিল।
কোনোবাই হা-হুমনিয়া কাঢ়িছিল।
কোনোবাই কষ্ট পায় বুলি নাহিছিল।

উজ্জ্বল বেলি উঠা দিন।
হঠাৎ আকাশত ছানি পৰিল।
কলা কাপোৰ মূৰত পিন্ধি
ফাঁচিৰ মঞ্চত থিয় দি
গাইছিলা জীৱনৰ জয় গীত,
জীয়া শৰীৰ মৰা হৈ
বাগৰি পৰিল মাটিত।
গুচি গ'ল তোমাৰ প্ৰাণ।
বিদ্ৰোহৰ বহ্নিমান মণিৰাম দেৱান।
 * * * *

[ ১৫ ]

বৰষুণ শেষত


বৰষুণ শেষত মেঘৰ দেশত
বেলি হাঁহে মিচিকি
সোনালী পোহৰ লাগিল বেৰত
জ্বলি উঠিল জিলিকি।

বিলৰ পাৰত ওখ পথত
চৰি আছিল ছাগলী
সৰ্ণ বৰণ সূৰ্য্য কিৰণ
খাইছিল সি বুটলি।

ক'লৈ গ'ল ডাৱৰ  গুচি গ'ল জাবৰ
মুকুতা এৰিলে কচুৰ পাতত
আনপিনে আছে ৰৈ ক্ষন্তেকীয়া হৈ
বিজুলী মাৰে কল পাতত

নাহিব দুনাই এই গধূলিৰ সময়
জগত হৈছে কহিনূৰ
আনন্দ লৈ যাওঁ পাহৰি
দূৰ বহু দূৰ।

  • * * *
[ ১৬ ]

স্বদেশী

ৰজনী মাজেৰে  ঘূৰি ফুৰোঁ
ৰজনীচৰ হৈ
স্বদেশৰ মাটিত  বিদেশীগামন
হলো বিদেশী মই।

আজি পাহৰি গল  নিজৰ সন্তান
অন্ধ হল মাতা
বেয়া নয়ন  বেয়া দৃষ্টি
বংশ কৰিছে কেতা!

পৰাধীন গন  নিৰহ জন
জী আছে নিৰাহাৰ হৈ।
কোন জাতি নাছিল  এই দেশত
কব পাৰিবনে ঐ?

ডালৰ লগত  পাত আনিলে।
দোষনো হয় কাৰ?
ডাল আহিছে  পাত আহিছে
তথাপি মন বেজাৰ।

নিজৰ ভূমিত  বেৰ লগানে
অধীন হয় তাৰ
আমি আছো  স্বদেশৰ আঁৰত
স্বদেশ এইটো আমাৰ।

  • * * * * *
[ ১৭ ]

নদীৰ পাৰ

যিমানেই যাওঁ তোমাৰ বুকুদি পাৰ হৈ সিপাৰ
শতবাৰ দেখিছোঁ তথাপি হেপাহ বাৰে বাৰ।
তোমাৰ দুকাষে থিয় দি থকা দুপাৰ
মনোমোহাকৈ সজালে কোন কাৰিগাৰ?

তোমাৰ বুকুত ভালপোৱাৰ বিৰহৰে জলে
পাৰ লগত কথা হয় তলে তলে।
নুশুনিলে সেই পাৰৰ কথা
কলে যে কিমান বাৰ
অলপ অলপকৈ খুলি ললে যি আছিল তাৰ।

কান্দোতে কান্দোতে আগুৱালে অসহয় কণাবালি
অৱশেষত দেখা হলগৈ সাগৰৰ তলি।
কিমান দিনৰ কিমান পাখি বহিছিল যি ঠইত
নিষ্ঠুৰ জলৰ ঢেউত ভাঙি গল নদীৰ বুকুত।

সেই পাৰত আছিল কঁহুৱাৰ বন ঝাটি
জীৱন আছিল সিহঁতৰ সেই পাৰৰ মাটি।
পৰিষ্কাৰ আকাশত নিৰ্মূল বতাহত
উৰিছিল নানা ধৰনৰ পাখি নানা সাজত,
সেই দেখি দুখময় পাৰ হাঁহে আনন্দত।

* * * *

[ ১৮ ]

আশা

আশা মোৰ সপোন মোৰ
যাওঁ বুলি বন্ধুৰ ঘৰ,
আগতে ভাৱিছিলোঁ সেই কথালৈ
আশায় পাৰ হ'ল বছৰ॥

নেদেখালে বন্ধু মোৰ আপোনৰ আপোন,
ভাৱিলোঁ মই কেনেকৈ
গঢ়াও মোৰ স্বপন!

খবৰ পাওঁ, বন্ধু লৈ আছে তাৰ ঘৰত
মই ভাৱি থকা মিছাঁ আশা
কিয় লও মোৰ মনত?
ভাৱিছোঁ যদি সফল হম এদিনত।

ভালপাওঁ বুলি দেখিম তাৰ ঘৰ
নলেও সি, যাম মই তালৈ,
নিজৰ আশা দুখেৰে হলেও
যদি আনিছোঁ মোৰ মনলৈ।

দেখিলোঁ মই স্বপনৰ বস্তু
নেদেখলে তেওঁ নিজে,
ভাল সময়ত উপস্থিত হ’লে
ভাল পাব খোজে।
 * * * *

[ ১৯ ]

আৰু কিমান দিন


আৰু কিমান দিন?
কিমান দিন থাকিবা মোক এৰি
কিমান দিনৰ পন কৰিছা
নাহিবা বুলি?

তোমাৰ সুখৰ সৰু জীৱনটো
ৰাস্তাৰ কাষত নদীৰ পাৰত
যিটো ভাহি উঠিছিল
সিদিনা যোৱাৰ সময়ত
ভাবিলে চকুলো চলচলীয়া হৈ
সেই ঘাটত গৈ
তোমাৰ আশাত থাকো
যেনেকৈ সিদিনা
নদীৰ ফালে মূখ ঘূৰাই আছিলা ৰৈ॥


চোৱা না , সিদিনাৰ ফটো।
আছে যদি তোমাৰ কাষত
পৰ্বতৰ সমান দুখলৈ
কোন বা থাকে সুখত?

* * * *

[ ২০ ]

বহাগৰ বসন্ত

বহুদিন পিছত আজি হৃদয়টো
বেছিকৈ তোমাক মনত পেলাইছে।
হঠাৎ তোমালৈ হিয়া ভৰা ভালপোৱা
যাঁচিবৰ মন গৈছে।

মাজলৈ সিমান মন কৰা নাই
কিন্তু আজি কি হল?
হয়তো আজি ব'হাগৰ পশত
মোৰ হৃদয়ত বসন্ত কঢ়িয়াই আনিছে
তোমাক ভালপোৱা দিবলৈ।

মনত পৰিছে তোমাৰ সকলো স্মৃতি
মনত পৰিছে তোমাৰ লগত থকা
সুখ দুখৰ প্ৰতিটো মুহূৰ্ত।
হঠাৎ আজিৰ এই বসন্তৰ বাবে।

প্ৰাকৃতি সৌন্ধৰ্য্যৰে সজাইছে।
এপাহ কপৌ ফুলেৰে।
চোৱা চোৱা, পৃথিৱী আজি নৃত্য কৰি আছে
স্বাগত জনাই আজি ব'হাগৰ মালাৰে,৷

আজি ব'হাগৰ এই ধুমুহা বতাহে
মোৰ হৃদয় চুই চুই যায়,
মোৰ বুকুৰ ভিতৰত ঘন্টা বাজিলে

[ ২১ ]

তুমি হেনো বাতৰি নাপায়?

আজি ব'হাগৰ বৰষুণেৰে
পৃথিৱী গা ধুই ললে
সেউজীয়া শাৰী পিন্ধাই
কপৌফুলৰে তোমাক সজাই
কুলিৰ গীত এটাৰে নচুৱাই।

  • * * *

তোমাক লৈ যাম

ফুল দুপাহি ফুলি আছে
আৱৰি ৰাখিছে কাঁইটেৰে
আনি দিব পাৰো তোমাক
হিয়া ভৰা মৰমৰে।

তোমাক লৈ যাম মেঘৰ দেশত
মেঘে উৰাই লৈ যাব আমাক
ৰঙা নীলা পৰি আৰু,
তোমাৰ মোৰ স্বপনৰ দেশত।

তোমাক লৈ যাম জোনাকীৰ দেশত।
ৰাতিৰ অন্ধকাৰত নিজে জ্বলি
লাজ মনে তোমাৰ মৰম চাই
সুভাষ দিব তুলি।

[ ২২ ]

তোমাক লৈ যাম ফুলনিৰ বাগিচাত।
তোমাক চাই কলিবোৰে গুচাই,
খৰ দৰ কৈ ফুটি উঠিব।
ফুলৰ লাগিব তোমাৰ দেখা পাই।

তোমাক লৈ যাম সাগৰৰ পাৰত ৷
জলচৰ জীৱ বোৰে পাৰলৈ আহিব
পানীয়ে ডাঙৰ ডাঙৰ ঢেউ উঠিব
তোমাৰ গা চুৱলে।

  • * * *
[ ২৩ ]

ককা আইতা

এক আছিল ককা-আইতা
আছিল গৰু হাল,
সুখ শন্তিৰ জীৱন লৈ
চলি আছিল ভাল।

দিনৰ ভাগত কাম কাজত
ককাৰ জীৱন যায়,
ৰাতি হ'লত ভাগৰ শৰীৰ
বিছনাত গৈ পায়।

হঠাৎ এদিন ৰাতিপুৱা
ককাই দেখিলে হায়,
গৰু হাল কেনেবাকৈ
গোহালীত দেখোন নাই।

শুই থকা ককা যেতিয়া
টোপনিত লালকাল
সেই সময়ত চোৰে আনিলে
ককাৰ কপালত কাল।

শূন্য হাতে, দুখ মনে
ককানো কি কৰে,
ককা-আইতা হাত ধৰি
অনাই বনাই ফুৰে।

[ ২৪ ]

বৌদিধৰ্মন

ভাৰতৰ মহাৱলী তুমি
জানেনো কিমান জন?
দেশত নাই স্বদেশৰ নাম
বিদেশী তেওঁৰ আপোন।
মহৎ তোমাৰ মানৱতা৷
চিন্তাৰ অসীম সীমা
গৈছিল যদিও চীনলৈ
উভতি কিয় নাহিলা?
সিহঁতৰ জীৱনৰ বাবে
নিজকে আহুতি দিলা
সেই জাতি আজি
ভাৰতৰ তেজ কৰিছে নীলা।
দেশৰ বিদ্যা দেশত নাই
বিদেশত বিৰাজমান।
ভাৰতৰ কং-ফু আজি
চীনৰ মূল্যবান
তুমি কি জানা?
তোমাৰ দেশক আজি খঞ্জৰ মাৰিছে
ঐ তোমাৰ বিদ্যাৰ শত্ৰু
যি তুমি নিজক নিদি
কলাৰ লগত জীৱন মৃত্যু।
সিহঁতৰ সাৰ্থৰ বাবে
পালন কৰিছিল ধৰ্ম
ভাৰত সন্তান তুমি
চীনৰ বৌদিধৰ্মন।

[ ২৫ ]

তথাপিও শান্তি

ভাৱিছিলোঁ মই...
মানুহ জনৰ বহুত দুঃখ!
নিতৌ সাক্ষৎ হয় বজাৰ যোৱাৰ বাটত।
তেওঁৰ মুখলৈ চালে লাগে যেন বহু বেদনা মনত।
গা লৈ চালে লাগে যেন বহু কষ্ট সহ্য কৰিব লগা হয়।
গাৰ ছালবোৰ অলপ অলপ কৈ খাইছে এটা নিকৃষ্ট ৰোগে।
কাপৰ কানি তেনেই লেতেৰা।
ক'ত থাকে, কি খায়, কি কৰিছে, ক'লৈ গৈছে?
সেই ক্ষেত্ৰেত কোনোৰেই ভ্ৰক্ষেপ নাই।
আনকি নিজেৰো।
তেওঁ মাথো এটা কথা হে জানে।
এখন পেট আছে।
সেই পেটৰ বাবে অনাই বনাই ঘুৰি-ফুৰিছে নিতৌ।
কিন্তু কাম টো যেন সহজ?
সমাজে এনেই খাবলৈ দিয়েনে?
সমাজৰ গালি শপনি, মাৰ খাই আগুৱা গৈ আছে দুঃখৰ জীৱন।
তথাপি মনত শান্তি!
হাঁহি থকা দেখা যায় মাজে সময়ে।
বিষয়টো ভাৱিবলৈ টান লাগে।
ইমান দুঃখৰ মাজতো নিজে কেনেকৈ শান্তি পায়?
নে তেওঁ ভাৱি লৈছে; এয়াই জী-ৱ-ন?
 * * * *

[ ২৬ ]

উৰণীয়া সাগৰ

বগা বগা কপাহৰ দৰে
উৰে গধূৰ পানী,
ইমূৰৰ পৰা সিমূৰ লৈ
আছে পৃথিৱী আৱৰি।

উৰনীয়া সাগৰ তুমি
পানীৰ সীমা নাই,
বিশাল পৃথিৱীৰ পিয়াগ গুচাই
তোমাৰ পানী পাই।

ৰ'দ দিয়া বেলি মামা
লুকায় তোমাৰ আঁৰত,
তুমি যে এখন গতিশীল
জ্ঞান নাই তাৰ মূৰত।

ৰঙ বিৰঙ চিত্ৰ সাজি
নিজকে যোৱা পাহৰি,
ইমান সুন্দৰ ডেউকা মেলি
কলৈ যোৱা আঁতৰি?
 * * * *

[ ২৭ ]

 মোৰ গাঁও

পূৱলীয়া বেলিৰ পশ্চিম ফালে
মোৰ এখন সুন্দৰ গাঁও,
সুখ শান্তিৰে ভৰপুৰ, বেদনাহীন
এনে শোভানো ক'ত পাঁও?

চকুফুৰাই চালে ধৰালৈ
দেখা পাঁও মোৰ গ্ৰাম্যভূমি,
গছ গছনিৰ সেউজীয়া ৰং
পথাৰ উপচা ধাননি।

পচিমৰ মুক্ত আকাশত
ডাৱৰে লুকাভাকু খেলে,
আনফালে ৰঙচুৱা ৰামধনু
জিলিমিলি জ্বলে।

স্থিৰ পানী, নিৰব মনে
তুমি সৰু বিল,
কি ভাবিছাঁ, কি কৰিছাঁ
ৰাখিছাঁ কিহৰ মিল?

* * * * * *

[ ২৮ ]

 অসামাঞ্জস্য
 ⸺⸻
স্বাধীন দেশৰ মুক্ত জনগন আমি।
স্বাধীন পোৱাৰ স্বাধীকাৰ আছে আমাৰ
তথাপি পোৱা নাই।

কোনে এই ভূমিত তেজৰ নৈ বোৱাইছিল
সোণৰ টুকুৰাটো সেই নৈ পাৰ কৰি
কাৰ হাতত তুলি দিছিল?
সোণটো লৈছে, কিন্তু আমাক সেই তেজৰ নদীত
লাঞ্চনাৰ নাৱত গতাই দিলে
মই সেই অসহায় নাৱত থিয় দি আছোঁ।

আই তোমাৰ কথা, সুৰ, তোমাৰ চলা পথটো
মোৰ আমনি নালাগে। মই হও তোমাৰ সন্তান।
তোমাৰ সন্তানবোৰৰ এটাই উপাধি পাব লাগে।
নাই, বিচৰা নাই মই ভেদাভেদ
তথাপি পেলাই থলে এভাগত!
মই উৎকণ্ঠৰে কব বিচাৰিলোঁ যে
এইটো আমাৰ শংকৰ-আজানৰ দেশ।
নুশুনিলে.....!
ৰাজনীতিৰ নাম লগাই বিৰাট কলা ব্যৱসায় চলাইছে
দেশ, জনগন লৈ ব্যৱসায় কৰাটো ঠিক নহয়।
সেই কথা কোনে কাক বুজাব?
আমি সকোলোৱে যেন একে নাৱৰে যাত্ৰী!
 * * * *

[ ২৯ ]

জীৱন তৃষ্ণা
⸻⸺
সেৱালী ফুলকলিৰ দৰে আবদ্ধহৈ আছিলোঁ
বতাহৰ প্ৰেম, ৰ'দৰ মায়া, বৰষুণৰ মৰমৰ হেঁচনীয়ে
মোক থাকিব নিদিলে।
থাকিব নিদিলে মোক স্বৰ্গপুৰত ৷
লাহেকৈ পাত মেলি উলিয়াই আনিলে
এই বিচিত্ৰময় জগতত ,
য'ত বহুৰূপি দৃশ্যৰে ভৰা।
তাৰ মাজত তোমাৰো এখন চৰিত্ৰ।

সময়ৰ গতিত তোমাৰ হেনো আমনি লাগিছে?
আমনি লাগিছে এই ধৰাৰ নিয়ম?
মোৰ এই জীৱন চলা পথটো তুমি বেয়া পাইছা নেকি?
নহলে......
আজি এদিন দুদিনকৈ সপ্তহ মাহলৈকে পাৰ
হব ধৰিছে কোনো বাৰ্তা নোহোৱাকৈ।
কিয়,...? কিয় হৈছে,....?

মিছাঁ আশা আশাঙ্ক, মিছাঁ স্বপন দেখা
আজি পাহৰি যাব ধৰিছোঁ।
এইটো কি জীৱনৰ হাল?
আজি অন্ধকাৰৰ মাজত
পূবালীয়া পাল তুলি দিছো বলিয়া বতাহৰ সোঁতত।
লৈ গৈ আছে, গৈ আছে,......

  •  * * *
[ ৩০ ]

ৰঙীন সমাজৰ চিত্ৰ

বসন্ত দেখিবা যদি
আহিবা বহাগৰ মাহত
বতাহ-পানীৰ প্ৰেম চাবলৈ
যাবাগৈ সাগৰৰ পাৰত।
নদীৰ খং চাবলৈ যাব
দুঃখীয়া নদীৰ পাৰত।
বালিৰ লগত মিলিব হলে
যাও কোনোবা চ'ৰত।
সূন্দৰ্য্য চাব বিচাৰিলে
ফুলপাহিক আপোন কৰক।
আকাশ চাব বিচাৰিলে
চৰাইৰ দৰে উৰক।
প্ৰেমৰ গীত শুনিবলৈ
কুলি চৰাইক লওক।
দুঃখৰ বাৰ্তা শুনিব হলে
পৰ্বতৰ শিলক সুধোক।
বিলাসী জীবন দেখিব যাব
নগৰলৈ বলক।
দুঃখৰ সংসাৰ দেখিবলৈ হলে
গঢ়াখহনীয়া ৰাইজক চাওক।
বন্দী জন্তুৰ দুঃখ বুজিবলৈ
কাৰাবৰণ কৰা জনক সুধোক।
হিয়া ভাঙাৰ দুঃখ বুজিবলৈ
প্ৰেম কৰি চাওক।

[ ৩১ ]

কুলি

মন বিৰহাগ্নি কুলি তুমি
আহিছা বসন্তৰ প্ৰেমত
কোনেনো শুনে তোমাৰ গীত,
লয়নো এবাৰ মনত?

বলিয়া হ'ল বৃক্ষ-লতা
হিয়া উজাৰ কৰি
শুনিব তোমাৰ মিঠা সুৰ
গোটেই বসন্ত জুৰি।

চিঞৰিছে দিনৰ ভাগত।
মাজে মাজে ৰাতিত
অকলশৰীয়া কুলি তুমি
বন্ধু নাই মানৱ জাতিত।

কুউ কুউ শুৱলা মাত শুলি
টোপনিত সাৰ পাই।
ক'লা বৰণীয়া কুলিলৈ
প্ৰেমৰ গীত এষাৰ গাই।

* * *

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।