পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
 

কুলি

মন বিৰহাগ্নি কুলি তুমি
আহিছা বসন্তৰ প্ৰেমত
কোনেনো শুনে তোমাৰ গীত,
লয়নো এবাৰ মনত?

বলিয়া হ'ল বৃক্ষ-লতা
হিয়া উজাৰ কৰি
শুনিব তোমাৰ মিঠা সুৰ
গোটেই বসন্ত জুৰি।

চিঞৰিছে দিনৰ ভাগত।
মাজে মাজে ৰাতিত
অকলশৰীয়া কুলি তুমি
বন্ধু নাই মানৱ জাতিত।

কুউ কুউ শুৱলা মাত শুলি
টোপনিত সাৰ পাই।
ক'লা বৰণীয়া কুলিলৈ
প্ৰেমৰ গীত এষাৰ গাই।

* * *