পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰঙালী বিহু।

চাৰিও পিনে বলিছে বতাহ
বতাহে লৰাইছে গছৰ সেউজীয়া পাত।
ৰঙালী আহিছে বুলি উলিয়াইছে তাত
গছ লতিকাই নতুন গজালে
চ'তৰ শেষ দিন ৰঙালী বোলে।

ৰঙে ৰঙে সজাইছে চাৰিও পিনে।
যেনেকুৱা সাজিছিল বৃন্দাবনে।
নতুন ফল, নতুন ফুল আহিল চ'তৰ মাহত
মালা পিন্দায় ধেনুৰ ডিঙিত
ৰঙালী বিহুৰ দিনত।

ৰঙালীয়ে আদৰিলে নতুন বছৰ
আনন্দত নাচিছে মোৰ মন
পথাৰ ভৰা ধননীত
ধানৰ পাত দেউ দি নাচে
নচাই মোৰ উৰুণী।

সূৰ্য্য কিৰণ হাঁহিলে, বতাহ এষাৰ গালে
প্ৰকৃতিয়েও এপাক নাচিলে
ইমান আদৰ আমাৰ বিহুটি
থাকিব নোৱাৰোঁ নাপাতি।

নতুন ফলে, নতুন পাতে
সজাইছে গছৰ ডাল
দুঃখ নাথাকে বিহুৰ দিন
আহিছে ৰঙালী বিহুৰ কাল।