সমললৈ যাওক

পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
 

ককা আইতা

এক আছিল ককা-আইতা
আছিল গৰু হাল,
সুখ শন্তিৰ জীৱন লৈ
চলি আছিল ভাল।

দিনৰ ভাগত কাম কাজত
ককাৰ জীৱন যায়,
ৰাতি হ'লত ভাগৰ শৰীৰ
বিছনাত গৈ পায়।

হঠাৎ এদিন ৰাতিপুৱা
ককাই দেখিলে হায়,
গৰু হাল কেনেবাকৈ
গোহালীত দেখোন নাই।

শুই থকা ককা যেতিয়া
টোপনিত লালকাল
সেই সময়ত চোৰে আনিলে
ককাৰ কপালত কাল।

শূন্য হাতে, দুখ মনে
ককানো কি কৰে,
ককা-আইতা হাত ধৰি
অনাই বনাই ফুৰে।