পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বৈছিল বুকুত ফাগুনি নদীৰ নিচিনা কৈ।

২৬ ফেব্ৰুৱাৰী, বাজিল পুৱা ৯ দণ্ড
তোমাৰ জীৱনৰ লগতে
অসম কৰিছিল খণ্ড খণ্ড।
কোনোবাই হিয়া-মুৰ কান্দিছিল।
কোনোবাই হা-হুমনিয়া কাঢ়িছিল।
কোনোবাই কষ্ট পায় বুলি নাহিছিল।

উজ্জ্বল বেলি উঠা দিন।
হঠাৎ আকাশত ছানি পৰিল।
কলা কাপোৰ মূৰত পিন্ধি
ফাঁচিৰ মঞ্চত থিয় দি
গাইছিলা জীৱনৰ জয় গীত,
জীয়া শৰীৰ মৰা হৈ
বাগৰি পৰিল মাটিত।
গুচি গ'ল তোমাৰ প্ৰাণ।
বিদ্ৰোহৰ বহ্নিমান মণিৰাম দেৱান।
 * * * *