পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ভুল ভালপোৱা



ভাল পাওঁ গোলাপৰ পাহি,
দেখিবলৈ ধুনিয়া বুলি।
কিন্তু, তাক বিশ্বাস কৰাটো ভুল!
কেতিয়া যে সি শুকাই
মাটিত খহি পৰে.....!

ভালপাওঁ আকাশৰ মেঘ।
মোৰ হৃদয়ত বৰষুণ দি
বসন্ত কঢ়িয়াই আনে বুলি।
কিন্তু, তাক ভৰসা কৰাটো ভুল!
কেতিয়া বৰষুণ আহিব?
আকৌ আহি বাৰিষা কৰি
অতল তল কৰে মোৰ হৃদয় বাগিচা।

ভালপাওঁ নদীৰ পানী।
ফেনাই উঠে বগা বগা কপাহৰ দৰে৷
নদীৰ মাজে মাজে বতাহৰ কৱত
ঢেউ উঠে নদীৰ মাজত।
কিন্তু তাক আপোন কৰাটো ভুল।
কেতিয়া যে সি নিজৰ ঘৰখন
ভাঙি লৈ যায়......!

*****