এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
তথাপিও শান্তি
ভাৱিছিলোঁ মই...
মানুহ জনৰ বহুত দুঃখ!
নিতৌ সাক্ষৎ হয় বজাৰ যোৱাৰ বাটত।
তেওঁৰ মুখলৈ চালে লাগে যেন বহু বেদনা মনত।
গা লৈ চালে লাগে যেন বহু কষ্ট সহ্য কৰিব লগা হয়।
গাৰ ছালবোৰ অলপ অলপ কৈ খাইছে এটা নিকৃষ্ট ৰোগে।
কাপৰ কানি তেনেই লেতেৰা।
ক'ত থাকে, কি খায়, কি কৰিছে, ক'লৈ গৈছে?
সেই ক্ষেত্ৰেত কোনোৰেই ভ্ৰক্ষেপ নাই।
আনকি নিজেৰো।
তেওঁ মাথো এটা কথা হে জানে।
এখন পেট আছে।
সেই পেটৰ বাবে অনাই বনাই ঘুৰি-ফুৰিছে নিতৌ।
কিন্তু কাম টো যেন সহজ?
সমাজে এনেই খাবলৈ দিয়েনে?
সমাজৰ গালি শপনি, মাৰ খাই আগুৱা গৈ আছে দুঃখৰ জীৱন।
তথাপি মনত শান্তি!
হাঁহি থকা দেখা যায় মাজে সময়ে।
বিষয়টো ভাৱিবলৈ টান লাগে।
ইমান দুঃখৰ মাজতো নিজে কেনেকৈ শান্তি পায়?
নে তেওঁ ভাৱি লৈছে; এয়াই জী-ৱ-ন?
* * * *