পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
 

জীৱন তৃষ্ণা
⸻⸺
সেৱালী ফুলকলিৰ দৰে আবদ্ধহৈ আছিলোঁ
বতাহৰ প্ৰেম, ৰ'দৰ মায়া, বৰষুণৰ মৰমৰ হেঁচনীয়ে
মোক থাকিব নিদিলে।
থাকিব নিদিলে মোক স্বৰ্গপুৰত ৷
লাহেকৈ পাত মেলি উলিয়াই আনিলে
এই বিচিত্ৰময় জগতত ,
য'ত বহুৰূপি দৃশ্যৰে ভৰা।
তাৰ মাজত তোমাৰো এখন চৰিত্ৰ।

সময়ৰ গতিত তোমাৰ হেনো আমনি লাগিছে?
আমনি লাগিছে এই ধৰাৰ নিয়ম?
মোৰ এই জীৱন চলা পথটো তুমি বেয়া পাইছা নেকি?
নহলে......
আজি এদিন দুদিনকৈ সপ্তহ মাহলৈকে পাৰ
হব ধৰিছে কোনো বাৰ্তা নোহোৱাকৈ।
কিয়,...? কিয় হৈছে,....?

মিছাঁ আশা আশাঙ্ক, মিছাঁ স্বপন দেখা
আজি পাহৰি যাব ধৰিছোঁ।
এইটো কি জীৱনৰ হাল?
আজি অন্ধকাৰৰ মাজত
পূবালীয়া পাল তুলি দিছো বলিয়া বতাহৰ সোঁতত।
লৈ গৈ আছে, গৈ আছে,......

  •  * * *