পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
 


 অসামাঞ্জস্য
 ⸺⸻
স্বাধীন দেশৰ মুক্ত জনগন আমি।
স্বাধীন পোৱাৰ স্বাধীকাৰ আছে আমাৰ
তথাপি পোৱা নাই।

কোনে এই ভূমিত তেজৰ নৈ বোৱাইছিল
সোণৰ টুকুৰাটো সেই নৈ পাৰ কৰি
কাৰ হাতত তুলি দিছিল?
সোণটো লৈছে, কিন্তু আমাক সেই তেজৰ নদীত
লাঞ্চনাৰ নাৱত গতাই দিলে
মই সেই অসহায় নাৱত থিয় দি আছোঁ।

আই তোমাৰ কথা, সুৰ, তোমাৰ চলা পথটো
মোৰ আমনি নালাগে। মই হও তোমাৰ সন্তান।
তোমাৰ সন্তানবোৰৰ এটাই উপাধি পাব লাগে।
নাই, বিচৰা নাই মই ভেদাভেদ
তথাপি পেলাই থলে এভাগত!
মই উৎকণ্ঠৰে কব বিচাৰিলোঁ যে
এইটো আমাৰ শংকৰ-আজানৰ দেশ।
নুশুনিলে.....!
ৰাজনীতিৰ নাম লগাই বিৰাট কলা ব্যৱসায় চলাইছে
দেশ, জনগন লৈ ব্যৱসায় কৰাটো ঠিক নহয়।
সেই কথা কোনে কাক বুজাব?
আমি সকোলোৱে যেন একে নাৱৰে যাত্ৰী!
 * * * *