পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জন্ম ঠাই

এইখন মোৰ জন্ম ঠাই
 ৰাখিম যতন কৰি,
 মৰিবও লাগে যদি
 তথাপি নাযাওঁ পাহৰি॥

যি ঠাইত জন্ম লৈছোঁ মই
 সেইটো আপোন দেশ,
 চাই চাই আমনি লাগিলওঁ
 দেখাৰ নাই শেষ॥

দক্ষিণত আছে দ’সাগৰ
 উত্তৰত আছে পাহাৰ,
 পূবত উঠে বেলি
 পশ্চিমত যায় মাৰ॥

যদি আহে বিদ্ৰোহ
 যুজিম দেশৰ হকে,
 প্ৰাণ যদিওঁ যায়
 দেশ যেন থাকে॥

ইয়াতে জন্ম লৈছোঁ মই
 ইয়াতে  মৰিম,
 ধুমুহা বতাহ আহিলেও
 জন্ম ঠাই বুকুতে ৰাখিম॥