সমললৈ যাওক

পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বৰষুণ শেষত


বৰষুণ শেষত মেঘৰ দেশত
বেলি হাঁহে মিচিকি
সোনালী পোহৰ লাগিল বেৰত
জ্বলি উঠিল জিলিকি।

বিলৰ পাৰত ওখ পথত
চৰি আছিল ছাগলী
সৰ্ণ বৰণ সূৰ্য্য কিৰণ
খাইছিল সি বুটলি।

ক'লৈ গ'ল ডাৱৰ  গুচি গ'ল জাবৰ
মুকুতা এৰিলে কচুৰ পাতত
আনপিনে আছে ৰৈ ক্ষন্তেকীয়া হৈ
বিজুলী মাৰে কল পাতত

নাহিব দুনাই এই গধূলিৰ সময়
জগত হৈছে কহিনূৰ
আনন্দ লৈ যাওঁ পাহৰি
দূৰ বহু দূৰ।

  • * * *