পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
 

উৰণীয়া সাগৰ

বগা বগা কপাহৰ দৰে
উৰে গধূৰ পানী,
ইমূৰৰ পৰা সিমূৰ লৈ
আছে পৃথিৱী আৱৰি।

উৰনীয়া সাগৰ তুমি
পানীৰ সীমা নাই,
বিশাল পৃথিৱীৰ পিয়াগ গুচাই
তোমাৰ পানী পাই।

ৰ'দ দিয়া বেলি মামা
লুকায় তোমাৰ আঁৰত,
তুমি যে এখন গতিশীল
জ্ঞান নাই তাৰ মূৰত।

ৰঙ বিৰঙ চিত্ৰ সাজি
নিজকে যোৱা পাহৰি,
ইমান সুন্দৰ ডেউকা মেলি
কলৈ যোৱা আঁতৰি?
 * * * *