দন্দুৱা দ্ৰোহ/চতুৰ্দশ অধ্যায়
[ ৬৬ ] [ ৬৭ ] উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ পাহাড়ৰ পৰা যি ৰংমহলৰ গড় দীৰ্ঘেশ্বৰীৰ পাহাড় লৈকে গইছে এই গড়টো বৰ ওখ। গড়ৰ পূব ডোখৰত খৰালি দ নলনি আৰু ইকৰানি হাবি প্ৰায় কুড়ি পচিশ নল মানলৈকে। তাৰ পূবেই বৰ নদী আৰু ব্ৰহ্মপুত্ৰৰ সঙ্গম। বাৰিষা হলে দুয়ো নৈৰ পানী এই গড়ৰ তলত লাগে। গড়ৰ পচিম পাৰত দ ৰূপিত পথাৰ আৰু ৰংমহল গাওঁ। এই গড়টোৱে ব্ৰহ্মপুত্ৰ নৈক উত্তৰ গুৱাহাটী চহৰখানৰ উত্তৰ পিনেদি বাগৰি উত্তৰ গুৱাহাটী ছহৰ ৰংমহল ইত্যাদি ঠাই উটাই নি নৈৰ গৰ্ভত পেলোৱাৰ পৰা ৰক্ষা কৰি আছে। আহম ৰজাসকলৰ কীৰ্ত্তি এনেকুৱা গড়ে, জয়সাগৰৰ নিচিনা পুখুৰীয়ে, কাৰেং ঘৰে, শিবসাগৰৰ দৌলে আৰু আন মঠ-মন্দিৰ আদিয়েও জগতক আজিলৈকে দেখুৱাৰ লাগিছে। পুষ্পভদ্ৰা বোলা শিলচটায়ে গড়ৰ সিটো মূৰ নৈৰ হেঁচাৰ পৰা ৰক্ষা কৰি আছে। কামৰূপীয়া মানুহৰ এটা বিশ্বাস আছে যে কলিৰ শেহত হেনো হাজোৰ উত্তৰত থকা সংসপ্তক দল নামৰ থাৰখনতে সপ্ত ম্লেচ্ছৰ মহা ৰণ হব। সেই সময়তে হেনো পুষ্পভদ্ৰা মুক্ত হব। ব্ৰহ্মপুত্ৰই উত্তৰ গুৱাহাটীৰ উত্তৰেদি বই হাজোক দক্ষিণ পাৰ কৰিব - উমানন্দ ভুবনেশ্বৰী কামাখ্যাই সৈতে একে পৰীয়া হব। এই বিশ্বাসৰ মুলত দৰা চলতে বৈজ্ঞানিক বা ধ্ৰুব সত্য এটা নিহিত আছে। যদি কেনেবাকৈ ৰংমহলৰ গড়টো খহে আৰু পুষ্পভদ্ৰা বোলা শিলচটা হুহকি পৰে তেন্তে নিশ্চয় ব্ৰহ্মপুত্ৰই ৰংমহলেদি বাট লই একেবাৰে ৰংমহল, দলবাৰি পছৰীয়া ইত্যাদি গাও উটাই নিব আৰু হাজোৰ কেদাৰ মাধব আদি পাহাডৰ উত্তেৰেদি বাট লোৱাটোও সম্ভব।
দীৰ্ঘেশ্বৰী পাহাড়ৰ এই পুষ্পভদ্ৰা বোলা শিল চটাৰে পৰা সিফালে ছিলাৰ চকিলৈকে মোমাইকটা। এই গডৰ ইতিহাসৰ বিষয়ে যেয়ে অসম বুৰঞ্জী বা শ্ৰীযুত লক্ষ্মীনাথ বেজৱৰুৱাৰ “লাচিত বৰফুকন” পঢ়িছে সেয়ে জানে। সিফালে চেঁচামুখলৈ যোৱা বাটাও বিছুমান দূৰলৈকে আজ্ঞাথুৰি পাহাড়ৰ প্ৰায় কাষে কাষে। এই বিলাক বিবৰণৰে পৰা পাঠকসকলে বুজি লওক উত্তৰ গুৱাহাটী ছহৰো কেনে সুৰক্ষিত। দক্ষিণ গুৱাহাটীৰ পৰা উত্তৰ কামৰূপলৈ পোনে পোনে সোমাব খুজিলেই এই বিলাক বাটৰ এটা নহয় এটাই দিয়ে যাব লাগিব। বিশেষ পূবপাৰ চুতীয়াপাৰা, মদাৰ তলা, [ ৬৮ ] ৰঙ্গিয়া ইত্যাদি ঠাইলৈ যাবলৈ হলে এই তিনটা বাটৰ এটাইদি যাব লাগিব। হৰদত্ত বৰুৱাৰ ঘৰ পূবপাৰ মৌজাত থকা বাবে আহোম ৰণুৱা- সকলে এই তিনি বাটেদিয়েই আগ বাঢ়িব, লগাত পৰিছিল। হৰদত্ত বৰুৱাইও এই কথাকে জানি চেচামুখলৈ, শিলাৰ চকিলৈ আৰু পুষ্পভদ্ৰাৰ ওচৰলৈ সৈন্য পঠাইছিল
১*৮৮ শকৰ মাঘ মাহতে এই তিনিউ ঠাইতে আহোম আৰু কামৰূপীয়াৰ সংঘৰ্ষ হল। আহোম ৰণুৱাসকলৰ হাতত তৰোৱাল, কাড়ধেনু। কামৰূপীয়াসকলৰ হাততে সেই অস্ত্ৰ। উভয় দলৰ প্ৰথমে কাড়ে কাড়ে যুদ্ধ হল। দুয়োফালে ৰণবাদ্য বাজিল। শেহত কামৰূপী বীৰসকলে আহোমৰ সৈন্য তাকৰ দেখি কিৰিলি মাৰি খেদি আহি তৰোৱালে তৰোৱালে কটা-কটি লগালে। বীৰদতে নিজ হাতেৰে কুৰি পচিশটা আহোম ৰণুৱা কাটিলে। চাওঁতে চাওঁতে এপৰৰ ভিতৰতেই ৰণৰ ওৰ পৰিল। তিনিউ ঠাইতে আহোম ঘাটিল। আহোম ৰণুৱা যি কুৰি পচিশজন মান বাচিল সেই কেইজন পিচ হুহঁকি আহি নাৱত উঠি নাও মেলি দিলে। কামৰূপীয়া সৈন্যই পিছে পিছে খেদি আহি নাৱলৈকো কাঁড় মাৰি আৰু চাৰি পাচঁজনমান আহোম ৰণুৱা বধিলে। বাকী কেজনে গই বৰফুকনক পৰাজয়ৰ বাতৰি দিলে। বৰ ফুকনে প্ৰমাদ গণিলে। কামৰূপীয়া সকলে আমিন গাওঁ, উত্তৰ গুৱাহাটী আৰু ৰজাদ্বাৰত কোঠ মাৰি বহিল। উত্তৰ গুৱাহাটী আৰু ৰংমহলৰ অহমীয়া ভদ্ৰলোক সকলক তেওঁলোকৰ (কামৰূপীয়াৰ) তলতীয়া হল বুলি ঢোলপিতি শুনাই দি কৰ কাটল, ৰছদ-পাতি লবৰ ব্যবস্থা কৰিলে। উপযুক্ত অধিপতিৰ তলত সৈন্য বিলাকক থই কামৰূপীয়া তিনিউজন সেনাপতি ঘৰলৈ উলটিল। তিনিউজনকে ঘৰৰ ওচৰত কামৰূপীয়া ৰাইজে সাদৰি আগ বঢ়াই নিলে। কামৰূপীয়া মহিলা সকলেও আনন্দত আপ্লুত হৈ উৰুলি জোকাৰ দি বীৰসকলক অভ্যৰ্থনা কৰিলে।
[ ৬৯ ]বৰফুকন
বদন বৰফুকনে সপোনতো ভবা নাছিল যে কামৰূপীয়া
ঢেকেৰীৰ হাতত তেওঁৰ সুশিক্ষিত আহোমৰ ৰণুৱা ঘাটিব
এতিয়া আমিন গাৱত, ছিলাৰ চকিত, দীৰ্ঘশ্বৰী পাহাড়ৰ
দাতিত তেওঁৰ প্ৰায় তিনিশ ৰণুৱা হত হোৱা শুনি লাজতে
খঙতে বিমোৰহৈ উজনিৰ বুঢ়া গোহাঁইলৈ কামৰূপীয়া বিদ্ৰোহৰ
কথা জনাই সৈন্য সামন্ত খুজি পঠালে। ইফালে ছয়গাওঁ
পানতান, ৰাণী, লুকী, বেলতলা, ডুমৰীয়া, ইত্যাদি ৰজা
সকলোলৈকো সহায় খুজি কটকি পঠালে। এইৰণ হৈ
যোৱাৰ পিছত লাহে লাহে পচোৱা বতাহ বলে। ব্ৰহ্মপুত্ৰত
বৰ ঢৌ হব ধৰিলে। তাৰ পিছত লাহে লাহে বাৰিষা
আহিল। ইফালে বুঢ়া গোহাঁইৰ পৰাও চিঠিৰ উত্তৰ
অহোতে পলম হল। দক্ষিণপাৰৰ ৰজা সকলৰ পৰাও
শীঘ্ৰে সৈন্য সামন্ত সংগ্ৰহ কৰিব নোৱাৰিলে; ইত্যাদি
কাৰণে বৰফুকনে এই শকত আকৌ কামৰূপীয়াৰ বিৰূদ্ধে
যুদ্ধ যাত্ৰা স্থগিত ৰাখিলে।
ইফালে কামৰূপীয়া সকলেও উত্তৰ গুৱাহাটী, আমিন
গাওঁ, ৰজাদুৱাৰ এই তিনিও ঠাইতে আনি থোৱা ৰণুৱা
সকলক মাহে মাহে চাউল পাত যোগাবলৈ মানুহ নিযুক্ত
কৰিলে। ৰণুৱা সকলৰ ঘৰতো খেতি বাতি চলাবলৈ
গাৱঁৰ আন আন মানুহক নিযুক্ত কৰিলে। গাৱেঁ গাৱেঁ
যাতে কামৰূপীয়া প্ৰজাই এখন্তকো বহি নাথাকি খেতি
বাতি ভালকৈ কৰে তাৰো দিহা মেলা লগালে। ঠায়ে
ঠায়ে আখৰা পতাই সেই আখৰা বিলাকত কামৰূপীয়া।
সকলো জাতৰে ডেকা সকলক যুদ্ধবিদ্যা শিকোৱাৰ বন্দবস্ত
কৰিলে। কামৰূপীয়া সকলে বঢ়িয়াকৈ জানিছিল যে
বৰফুকনে যেনেহলেও সি বছৰৰ খৰালিত আকৌ ৰণ
লগাব।
বদন বনফুকনৰ দূত চিঠি লৈ গৈ বুঢ়া গোহাঁইৰ ওচৰ
পালে। সেই সময়ত পূৰ্ণানন্দ বুঢ়া গোহাঁয়ে পিতৃ বুঢ়া
গোহঁয়ে সৈতে
[ ৭০ ] লগলাগি মোৱামৰীয়া দমন কৰি পিতৃ বিয়োগ হোৱাত বুঢ়া গোহাঁইৰ পদত বহিছিল মাথোঁঁন। মোৱামৰীয়া বিদ্ৰোহতে বুঢ়া গোঁহাইৰ শক্তি ক্ষয় হৈ আহিল। আহোমৰ কাঁড়ী ৰণুৱা সকলো জেৰবাৰ হৈ আছিল। এই বিলাক কাৰণত বুঢ়া গোঁহায়ে বনুৱা পঠাব নোৱাৰি চিঠিৰে বদন বৰফুকনৰ আদেশ কৰিছিল যে তেওঁ দক্ষিণ পাৰৰ ৰাণী, লুকী, ছয়গাওঁ, পানতান, বেলতলা ডুমুৰীয়া এই ৰজা সকলৰ পৰা গাৰো, কোচ, মিকিৰ ইত্যাদি বনুৱা লৈ যিমান শীঘ্ৰে পাৰে বিদ্ৰোহটো, দমন কৰক। তেওঁ এই ৰজা সকলোলৈকে দূতৰ হাততে পত্ৰ দিলে। অহাই যোৱাই প্ৰায় চাৰিমাহৰ মূৰত বৰ ফুকনৰ কটকি উলটিল। বৰফুকনে উজনিৰ পৰা কোনো সহায় নাপাই বিষণ্ণ হল। কিন্তু আগৰ লাচিত ফুকনৰ ধৈৰ্য্য আৰু বীৰত্ব স্মৰণ কৰি, আৰু নিজৰো দিগ্বিজয়ী আহোম তেজকে সুৱঁৰি একেবাৰে নিৰাশ নহৈ আকৌ ১৭৮৯ শকৰ বিজয়া দশমীৰ দিনৰে পৰা চাৰিওফালৰ দাতি কাষৰীয়া ৰজা সকলৰ পৰা সৈন্য সামন্ত আৰু ৰছদ পত্ৰ গোটাব ধৰিলে। ইফালে হৰদত্ত বীৰদত্তয়ো গত বছৰৰ দৰে বৰ সমাৰোহেৰে দুৰ্গোৎসৱ পাতি তালৈ কামৰূপৰ সমস্ত বৰুৱা চৌধাৰীক নিমন্ত্ৰণ কৰি আনি আকৌ যুক্তি পৰামৰ্শ হল। কামৰূপীয়া বৰুৱা চৌধাৰী সকলে গত বছৰৰ যুদ্ধত জিকি দুগুণ উৎসাহিত হৈ হৰদত্ত আৰু বীৰদত্তক সহায় কৰিবলৈ গাত ললে আৰু সেইদৰেই সৈন্য সামন্ত ৰছদ পাতি গোট খুৱালে। কেবল চাঁদকুচীয়া বুজৰ বৰুৱা আৰু সিফালে চণ্ডীবুজৰ বৰুৱাই কোনো পক্ষকে সমৰ্থন নকৰি ঘৰে ঘৰে বৈ নিজৰ খেতি বাতিত মন দি থাকিল। বৰফুকণকো কৰ কাটল দিবলৈ যাব নোৱাৰিলে। কৰ কাটল দিবই বা কৰ পৰা? কামৰূপীয়া সকলে বৰফুকনক দিব লগীয়া কৰ কাটল বন্ধ কৰি যুঁজৰ আয়োজনত দুয়োদলে যুঁজলৈ যথা সময়ত সাজু হল।
১৭৮৯ শকৰ ৰণ।
গত বছৰৰ দৰে এই বছৰো মাঘ মাহতে উভয় দলৰ
ৰণৰ আয়োজন হল। ৰণ আৰম্ভ কৰাৰ আগেয়ে বদন
বৰফুকনে কটকিৰ হতুৱাই হৰদত্তলৈ এই চিঠি দিয়ালে—
হৰদত্ত চৌধাৰী,
“উই পৰুৱাই মৰিবৰ সময়ত পাখি গজি উৰিবলৈ
ধৰাৰ দৰে তয়ো মোৰ আৰু আমাৰ ৰজাৰ বিদ্ৰোহ আচৰণ
কৰি, নাশ পাবলৈ ওলাইছ। তই বুজা নাই নে মই
তহঁতক, তোৰ নাতি-পুতি বঙহ পৰিয়াল সকলোকে ধ্বংস
কৰিম। যদি ৰক্ষা পাব খোজ এতিয়াও সময় আছে।
যুজ এৰি তই আত্ম সমৰ্পণ কৰি শৰণাগত হহি তেতিয়া
তোক মই ক্ষমা কৰিলেও কৰিব পাৰো। কিন্তু তোৰ
ভায়েৰ বীৰদত্তক ক্ষমা সহজে নকৰিম। ” ইতি—
এই পত্ৰ পাই হৰদত বীৰদতে কামৰূপীয়া আন আন
বৰুয়া চৌধাৰী সকলে সৈতে পৰামৰ্শ কৰি এইদৰে উত্তৰ
দিলে :—
বদন বৰফুকন,
তোমাৰ পত্ৰ পালোঁ। গল বেলি যুঁজত হাৰিও
তোমাৰ লাজ নহল। তোমালোক আহোমে আমাৰ কাম- ৰূপীয়াক মানুহৰ ভিতৰতে গণ্য নকৰা। চিৰকালেই
আমাক ঢেকিৰি ঢেকেৰি বুলি অপমান কৰি আহিছা।
আমাক এনেকুৱা অবিশ্বাস কৰা যে ৰাতি হলে আমাক
গুৱাহাটী চহৰৰ ভিতৰত থাকিব নিদিয়া আৰু তেউজ
বেলি তোমাৰ উন্মত্ত পুতেৰহঁতে উন্মত্ত হাতীৰ হতুৱাই
কি পৈশাচিকৰূপে আমাৰ কামৰূপীয়া লৰা ছোৱালী কেঁইটা
বধিলে আৰু আন আন অনেককে আহত কৰিলে সেই
কথালৈ মনত পৰিলে আমাৰ কামৰূপীয়াৰ ধৈৰ্য্য ধৰিবৰে
ঠাই নাই। আমি শিশু সন্তান কেইটিৰ হত্যাৰ বিচাৰ
মাগিছিলোঁ। তুমি কেনেখন বিচাৰ কৰিলা মনত
কৰাচোন। এই নিৰপৰাধী কামৰূপীয়া শিশু
[ ৭২ ] সন্তান
কেইটিৰ আত্মাই আমাক তোমাৰ বিৰুদ্ধে অস্ত্ৰ ধৰি এই
হত্যাৰ শোধ লবলৈ উদ্গাব লাগিছে। এই পাপৰ ফলতে
গল বেলি যুঁজত হাৰিলা। যুঁজত হাৰিও তোমাৰ অহঙ্কাৰ
নগল যেন দেখিছোঁ। তাৰ প্ৰমাণ তোমাৰ এই অপমান-
মূলক পত্ৰই। বাৰু। যদি আমি কামৰূপীয়াই যুঁজৰ
পৰা ক্ষান্ত হব লাগে তেন্তে জয় জয়তে তোমাৰ পুত্ৰ দুটিক
অন্ততঃ এবছৰলৈ বন্দী শালত ৰাখা কামৰূপীয়াক আগ-
লৈকো কোনো অত্যাচাৰ নকৰোঁ বুলি তোমাৰ দেওত
অথবা তুমি যদি প্ৰকৃত শাক্ত হোৱা তেন্তে তোমাৰ ইষ্টা
দেবীৰ ওচৰত আমাক আগত ৰাখি শপথ কাঢ়া। ইয়াকে
যদি নকৰা তেন্তে আমি দেশৰ অৰ্থে, আত্ম সন্মানৰ অৰ্থে তোমাৰ বিৰুদ্ধে যি অস্ত্ৰ ধৰিছোঁ তাক নাসামৰোঁ। আমাৰ
গাতো ভূঞাৰ তেজ, ক্ষত্ৰিয়ৰ তেজ অলপ-অচৰপ আছে।
এইটোও নিশ্চয় জানিবা আমি আহোম ৰজাৰ বিৰুদ্ধে
অস্ত্ৰ ধৰা নাই। তোমাৰ বিৰুদ্ধে ধৰিছোঁ আৰু ধৰিমো।
যদি আমাক যুঁজত ঘটুৱাব পাৰা তেনে হলেহে আমাৰ বঙ্গহ
পৰিয়ালক নাতি-পুতি সমন্বিতে ধ্বংস কৰিব পাৰিবা।
এনেয়ে ধমক দিলে কি হব? আমাৰ কামৰূপীয়া মানুহৰ
সহায়ত লাচিত বৰফুকনে মোমাই কটা গড় বান্ধি মোগলকো
পৰাস্ত কৰিছিল। কিন্তু সেই কামৰূপীয়াৰ বংশধৰ সকলক
আজিকালি তুমি কিদৰে ব্যবহাৰ কৰিছা ভাবি চোৱা।
তুমি বফুকনালি বিষয়খান এৰি গলে, আৰু তোমাৰ
থলত ৰজাই লাচিত বৰফুকনৰ দৰে এজন ভাল ফুকন
দিলে আমি শান্ত হম। সেইটো নহয় মানে যুঁজিম আৰু
তোমাক—কামৰূপ ৰাজ্যৰ পৰা উচ্ছেদ কৰিম। এই কথা
ধূৰুব বুজিবা। ইতি—
কামৰূপীয়া ৰাইজ।
হৰদত্ত বীৰদত্তৰ এই যুক্তি পূৰ্ণ, বীৰত্ব ব্যঞ্জক চিঠি
পাইও বৰফুকনৰ মন নগলিল। বৰফুকনে ক্ৰোধান্বিত
হে অসংখ্য নাও বঠা গোটাই এইবাৰ কোচ, গাৰো,
আহোম এনেকুৱা ছহেজাৰ বনুৱা ব্ৰহ্মপুত্ৰ পাৰ কৰালে। উত্তৰ গুৱাহাটীত আৰু আমিন গাঁও ৰজাদুৱাৰত থকা
সৈন্যয়ো নাৱলৈ যিমান পাৰিলে কাড় মাৰি মাৰি [ ৭৩ ] দুই
তিনশ বনুৱা যদিও নাশ কৰিলে তথাপি বৰফুকনৰ ইমান
বিলাক নাও আৰু সৈন্য দেখি বলে নোৱাৰিব জানি কিছু
হুহঁকি হুহঁকি তিনি উজাকে তিনি বাটেৰে গৈ দীৰ্ঘেশ্বৰীৰ
তলত ছিলাৰ চকিত দলবাৰি গাৱঁৰ বাটৰ পাহাড়ৰ কাষত
সিফালৰ পৰা অহা কামৰূপীয়া আঠ হাজাৰ সৈন্যৰ লগ
লাগিল। ছিলাক চকিৰ দলত বীৰদত্ত, দীৰ্ঘেশ্বৰীৰ দলত
হৰদত্ত আৰু সিফালে দলবাৰিৰ দলত মহীৰাম কমাৰ
কুচীয়া বৰুৱা আৰু মদাৰতলীয়া চৌধাৰী আছিল।
যথা সময়ত তিনিউ ঠাইতে আহোমৰে আৰু কাম
ৰূপীয়াৰে ৰণ লাগিল। আহোম সৈন্যৰ মাজত ধনঞ্জয়
ঢোল পেপা বাজিল কামৰূপীয়াৰ মাজত শঙ্খ, ঘণ্টা, ভেৰী
বাজিল। শৰে শৰে তৰোৱালে তৰোৱালে জাঠিয়ে জাঠিয়ে
তয়াময়া ৰণ হল। দুদিন দুৰাতি দুয়ো দলে ভয়ানক ৰণ
কৰিলে। আহোমৰ প্ৰায় সৈন্য মৰিল। যি এশনে দুশ তিনিউ
ঠাইতে বাচিছিল সেই সকল পিছ হুহঁক গই নৈত নাৱঁত
উঠি খেৱা মেলিলে। কামৰূপীয়া সৈন্যে আকৌ হেচুকি
আগবাঢ়ি আহি ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী, আমিনগাওঁ
অধিকাৰ কৰিলে। কামৰূপীয়া ছয় সাত হাজাৰ সৈন্য
মৰিল। হৰদত্ত বীৰদতে আকৌ এই তিনি ঠাইতে সৈন্য
ৰাখি ঘৰলৈ উলটিল। এইবাৰৰ ৰণতো কামৰূপীয়াই
জিকি বৰ আনন্দ পালে। আকৌ দ্বিতীয়বাৰ ঢেকেৰিৰ
হাতত পৰাজিত হৈ বৰফুকন বৰ ম্ৰিয়মান হল। কিন্তু
ম্ৰিয়মান হলেও বৰফুকনে আকৌ সি বছৰলৈ যুঁজিবৰ
আয়োজনত ৰল। কামৰূপীয়াৰ ঘৰে ঘৰে আনন্দ উলাহৰ
সোঁত বলে।
হৰদত্তৰ গৃহিণী।
এই বাৰৰ ৰণত যদিও কামরূপীয়া জিকিল তথাপি প্ৰায় ছয় [ ৭৪ ] সাত হাজাৰ মানুহ যুঁজত মৰাত কামৰূপীয়াৰ ঘৰে ঘৰে কান্দোনৰ ৰোলও উঠিল। বৰফুকনে কামৰূপীয়াৰ বীৰত্ত্বত তধা মানিব লগাত পৰিল। কামৰূপীয়া মানুহে হৰদত্ত বীৰদত্তৰ বীৰত্ব বখানি ঠায়ে ঠায়ে গীত পদো গাব ধৰিলে।
যুদ্ধ বিগ্ৰহত লাগি থকাৰ বাবে আমি পদুম আৰু
মহীৰামৰ প্ৰণয় কাহিনীৰ বিষয়ে কব পৰা নাই। সেই
বাবে আমাক ডেকাগাভৰু সকলে যেন ক্ষমা কৰে।
পদুমৰ উঠি অহা যৌবনৰ ৰূপত মহীৰাম যেনেকৈ দিনক
দিনে মোহিত হৈছিল পদুমেও সেই দৰে মহীৰামৰ বীৰত্বক
মনে মনে শলাগিছিল। উভয়ৰে উভয়লৈ প্ৰণয় দিনক
দিনে ডাঠ হৈ উঠিছিল।
ইফালে হৰদত্ত বৰুৱাৰ গৃহিণী পদ্ম কুমাৰীৰ মাকে পদ্ম
কুমাৰীক দিনক দিনে পূৰ্ণিমাৰ জোনটিৰ দৰে বাঢ়ি অহা
দেখি চিন্তিত আৰু শোকাকুলো হৈছিল। শোকাকুল
হোৱাৰ কাৰণ, তেওঁনো কোনটা সতে তেওঁৰ একজনী
জীয়াৰীক আনলৈ বিয়া দি উলিয়াই দিব। চিন্তিত হৈছিল
যে গিৰিয়েকে জীয়াৰী পূৰ্ণ যৌবনা হোৱা স্বত্বেও তাইৰ
বিয়াৰ বিষয়ে মনকাণকে কৰা নাছিল। হৰদত্ত বৰুৱা
ৰণ বিগ্ৰহত, সৈন্য সামন্ত গোটোৱাত আৰু সেই সকলৰ
ৰছদ পাতি যোগোৱাতে বাস্ত আছিল। জীয়াৰীৰ বিয়াৰ
নিমিত্তে কোনো কথাকে ভাবিবৰ তেওঁৰ আহৰিয়ে নাছিল।
বৰুৱানীয়ে মনে মনে স্থিৰ কৰিছিল তেওঁ পদ্মকুমাৰীক
যালৈ বিয়া দিব সেইজনক নিজ ঘৰতে চপনীয়া কৰি
ৰাখিব। তেওঁ তেওঁৰ সেই একেটি মাত্ৰ সন্তানক আনৰ
ঘৰলৈ যাবলৈ এৰি নিদিব। পদুমক এৰি দি তেওঁ এখন্তেকো জীয়াই থাকিব নোৱাৰিব। পদ্মকুমাৰীৰ হাতধৰী
লিগিৰীৰ পৰা বৰুৱানীয়ে এইটোও জানিছিল যে মহীৰামে
পদুমীক আৰু পদুমীয়েও মহীৰামক ভাল পায়। পদুমী
যেনেকুৱা ধুনীয়া মহীৰামো সেই লেখীয়া এজন ৰূপবান
ডেকা আৰু বীৰ। তদুপৰি মহীৰাম সৰুৰে পৰা তেওঁ
লোকৰ ঘৰতে পদুমে সৈতে একে লগে ডাঙ্গৰ দীঘল
হৈছে। মহীৰাম জাতে-কুলে বংশ-গৌৰবেও হীন নহয়।
মহীৰামৰ ভাই ককাই আই বোপাই নাই যেতিয়াই পদুমক
মহীৰামলৈকে বিয়া দি সদাই জী-জোঁৱাই উভয়কে নিজৰ
ঘৰতে ৰাখিব পাৰিব। এইদৰে ভাবিচিন্তি [ ৭৫ ] তৃতীয় বছৰৰ
মাঘ মহীয়া ৰণৰ আগতে অৰ্থাৎ, পুহমহীয়া এনিশা বৰুৱানীয়ে
পদ্মকুমাৰীক টোপনি যোৱা যেন দেখি শুবৰ সময়ত
গিৰিয়েকক ক’লে :– “চাওকচোন আপুনি আজি দুবছৰে
কেৱল ৰণতে মত্ত। ঘৰৰ ফালে কি হৈছে কি নহৈছে
আপুনি একোৰে বুজ নলয়। ”
হৰদত্ত—“কি বুজ লব লাগে মাইছানাৰ মাক ॥ তোমাৰ
নিচিনা চাবতিয়াল ঘৈণী থাকোঁতে মোৰ ঘৰৰ চিন্তা কি
হৰ? তাৰ উপৰিও দৰাচলতে মোৰ মগজুত এতিয়া ৰণ
বিগ্ৰহৰ চিন্তাত বাজে আন কেনো চিন্তাই ঠাই নাপায়”।
বৰুৱানী-“ৰণ দেখোন আপুনি জিকিছেই। আপুনিয়েই
দেখোন আজিকালি আমাৰ উত্তৰ কামৰূপৰ একচ্ছত্ৰী ৰজা।
এনেস্থলতনো আপোনাৰ চিন্তা কিহৰ”?
হৰদত্ত—নহয় তুমি নাজানা। যদিও এই গল দুবছৰে
আহোমৰ বৰফুকনটোক যথেষ্ট সেকা দিছোঁ তথাপি যে
নিশ্চিন্ত হলো, সেইটো নহয়। লেকেটা আহোমে যে এই
দুই বেলি ঘাটিয়েই ৰণ এৰি পলাব সেইটো নহয়; সি
আকৌ এমাহ মানৰ পিছতে তয়া ময়া ৰণ লগাবলৈ যো যা কৰিছে। সেই দেখি ময়ো ইফালে ৰণৰ উদ্যোগত থাকিব
লগা হৈছে।
বৰুৱানী—“বাৰু আকৌ যদি ৰণ লাগে ৰণ কৰিব।
যেতিয়ালৈকে মা ভগবতী—অপোলৈ প্ৰসন্না থাকে তেতিয়া
লৈকে আপোনাক বৰফুকনে বলে নোৱাৰে। বাৰু
মোৰ কথাটো, এফেৰা মন দিওকচোন”।
হৰদত্ত—“বাৰু কি কথা কোৱাচোঁ। ”
বৰুৱানী-— আপুনি আমাৰ মাইছানালৈ মন কৰিছেনে?
হৰদই - বাছাকতো সদাই দেখিয়ে আছোঁ; সেইয়া
তাই দেখোন শুয়ে আছে।
বৰুৱানী—তাই পূৰ্ণ যৌবনা হল। তাইক পাত্ৰস্থা কৰা
বিষয়ে কিবা ভাবিছেনে?
হৰদত্ত—বিয়া দিবৰ সময় হৈছে বুলি ময়ো জানিছো।
আৰু তেউজ বেলি দৈবজ্ঞ দুজনে কইছিল তাই হেনো
ৰাজৰাণী হব লাগে। মই দেখোন সদ্যহতে তাইলৈ কতো
নিজ কলিতা জাতৰ [ ৭৬ ] ৰজাৰ লৰা নেদেখো। এই কাৰণেই
আৰু সদ্যহতে ৰণ বিগ্ৰহত লাগি থকা বাবেও মই তাইৰ
বিষয়ে ভবা নাই।
বৰৱানী – আপুনি তেন্তে সেই গণকৰ কথাকে বিশ্বাস
কৰি তাইৰ বিয়াৰ বিষয়ে মন কাণ কৰা নাই। মই এটা
কথা কওঁ।
হৰদত্ত—“কোৱা”।
বৰুৱানী - চাওকচোন আমাৰ আগলৈকো নাই, পাছ
লৈকো নাই, এই একেটি মাথোঁন সন্তান; তাইক বিয়া দি
উলিয়াই দিলে-মইনো বাচি থাকিমনে?
হৰদত্ত—তেনেহলেনো কি কৰিবা? কোন ৰজাৰ লৰা
আমাৰ ঘৰত চপনীয়া হৈ থাকিব?
বৰুৱানী—মই হলে সেই দৈৱজ্ঞ দুজনৰ কথাত এক
প্ৰকাৰে বিশ্বাস নকৰো যদিও আন প্ৰকাৰে কৰিব পাৰোঁ।
কোনো ৰজাৰ লৰা যে আমাৰ ঘৰত চাপি নাথাকে সেইটো
সঁচা। আৰু আমাৰ কলিতা জাতিৰ ৰজাৰ লৰাও কতো
নাই যে ইওটা সঁচা। অথচ মই মোৰ এই একেজনী
জীয়াক বিয়া দি উলিয়াই দিবও নোৱাৰো। তাইক
আতৰলৈ পঠাই মই এক দণ্ডও জীয়াই থাকিব নোৱাৰো।
বাৰু, কথা এটা কওঁ আপুনি যদি বেজাৰ নাপায়।
হৰদত্ত— মই তোমাৰ কথাত কোনো বেজাৰ নাপাওঁ।
বৰুৱানী—শুনক তেন্তে মই ভাবিছো আমাৰ মাই-
ছানাক মহীৰামতে বিয়া দি তাকে ঘৰ জোঁয়াই কৰি ৰাখো।
তাৰে সৈতে আমাৰ তেজ মঙ্গহৰতো কোনো সম্বন্ধ নাই।
সি মাথোঁন স্বজাতি। সি আমাৰ ঘৰতে ডাঙ্গৰ দীঘল
হৈছে। লৰাটোও ভাল নিৰোগী দেখিবলৈকো শুৱনি
লগতে আপোনাৰে দৰে সি বাহুবলী বীৰো। যুঁজ
লাগিবৰে পৰা সিও এই কুমলীয়া বয়সতে আপোনাৰ এজন
সেনাপতি হৈ যুঁজতো সহায় কৰিছে।
হৰদত্ত- ঘৈনি। মই হলে তাত আমাৰ মাইছানাক
বিয়া দিবলৈ সম্মাত নহও যদিও সি বীৰ তাৰ স্বজাতি সিতো
কোনো ৰজাৰ লৰা নহয়। মোৰ ঘৰতে সৰুৰে পৰা
তোলনীয়া। সি মাউৰা আৰু দেখোন টোকোনা।
বৰুৱানী-আপুনি কেলেই সেইদৰে কয়। সি যে
মাউৰা এইটো সচা; কিন্তু সি তো টোকোনা নহয।
তাৰ দেখোন