পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অৰ্থাৎ তেওঁৰে ফলীয়া থাকে। আৰু যদি হৰদত্ত কিবা বেয়া মতলব খেলে তেন্তে সেই কথা যেন তেওঁক দাড়ক দাড়ে জনায় আৰু লাগিলে সময় পৰত যেন সহায়ো কৰে। বুজৰবৰুৱাই বৰফুকনৰ এই ভিতৰ টিপনিও এৰাব নোৱাৰিলে, অথচ ইফালে হৰদত্তৰ নিমন্ত্ৰণো ৰক্ষা নকৰি নোৱাৰি মহা সঙ্কটত পৰিল। তেওঁ শেহত ভাবি-চিন্তি চাই নিজে হৰদত্তৰ দুৰ্গোৎসবলৈ নগৈ ভায়েকক অলপ বয়েবস্তুৰে সৈতে পঠালে। ভায়েক কি দৰে চলিব তাৰো এফেৰা টিপনি দিলে।
       নিমন্ত্ৰণ অনুসৰি বুজৰবৰুৱা দুজনত বাজে কামৰূপৰ অান সকলোবিলাক বিষয়াৰে হৰদত্তৰ ঘৰত পঞ্চমীৰ দিনৰে পৰা গোট খাব ধৰিলে। চণ্ডী বুজৰবৰুৱাৰো নহাৰ কাৰণৰ মূলত বৰফুকনৰ টিপনি আৰু ধমক। তেৱোঁ সেইদৰে নিজে নাহি বয়ে-বস্তুৱে সম্পৰ্কীয় কায়স্থ এজনক পঠাইছিল।
       চাওঁতে চাওঁতে হৰদত্তৰ হাউলিত আন কি গোটেইখান জিকেৰি গাৱঁতে লোকে লোকাৰণ্য হৈ পৰিল। হৰদত্ত চৌধাৰীৰ ঘৰত ৰাজসুয় যজ্ঞ হোৱা দি হল। বয়-বস্তুৰ সীমা সংখ্যা নাই। কৰোঁতাই কৰিছে, দিওঁতাই দিছে, লওঁতাই লইছে, খাওঁতাই খাইছে। উৎসৱৰ নিমিত্তে কামৰূপৰ প্ৰসিদ্ধ তিনি যোৰা ঢুলীয়া ( যথা বৰ্নেবাৰীয়া শলগৰীয়া, মাধপুৰীয়া) আনিছে। নটুৱাই সৈতে চাৰি পাঁচ যোৰা গায়ন-বায়ন আনিছে। পুববাস্কা, উত্তৰ-