এজনে মুখত মুখা * পিন্ধি আহি ওলায়। এটা ঢুলীয়াই এটা জুইৰ জোৰ লই মুখাৰ আগে আগে ধৰে। মুখা লোৱা জনে যুৰি সকলৰ পদৰ চেৱে চেৱে নাচে। কোনো কোনো মুখাত কেবল নৃত্যহে হয়। কোনো কোনো মুখাত অাকৌ নানা খুহুতীয়া ভাৱৰো অভিনয় হয়। হয়তো দুটা ঢুলীয়াৰ এটাই মতাৰ কাপোৰ পিন্ধি মুখত বুঢ়া মানুহৰ মুখা এখান লয়—আন এটাই মাইকীৰ দৰে কাপোৰ পিন্ধি মুখত এজনী বুঢ়ী মানুহৰ মুখা পিন্ধি ওলায়হি। দুয়ো প্ৰথমতে নৃত্যকে কৰিলে। তাৰ পিছত ঢুলীয়াৰ ভিতৰৰ এজনে হয়তো বুঢ়াক কথা সুধিলে। বুঢ়াই পাৰে মানে বুঢ়ীৰ নিন্দা কৰিব ধৰিলে। বুঢ়াক আকৌ কথা সোধোঁতে বুঢ়ীয়ে সেইদৰে বুঢ়াক নিন্দিলে পিছত লাহেকৈ সমাজৰ মাজত দুয়ো বুঢ়া-বুঢ়ীৰ দন্দেই লাগিল। চুৰ্চুৰীয়া বিধৰ মৰা-পিতা লগাই ৰাইজক হুহুঁৱাই পেটৰ নাড়ি ছিগায়। হয়তো উভয়ে বৰ জ্ঞানগৰ্ভ কথাকে কয়। পদ গোৱা ছয় জনে অবশ্যক মতে মাজে মাজে বুঢ়া বুঢ়ীক যোৰায়ে পদ গায়। কেতিয়াবা হয়তো এযোৰে দুটা বান্দৰৰ পুতলাকে আনি সমাজত উলিয়ালে। যুৰিয়ে গাব ধৰিলে :⸺
____ _____ ______ ______ _____ _____ _____
- মুখা—Mask হেঙ্গুল হাইতাল আৰু সোন ৰূপৰ ৰহণ সানি দেৱতা মানুহ বা ৰাক্ষসৰ মুখৰ আকৃতিৰ ডাঙ্গৰ মুখত পিন্ধা আৱৰণ।
____ _____ ______ ______ _____ _____ _____