বাস্কা, এইবিলাক ঠাইৰ পৰা মাদোল বজোৱা কছাৰী দলো আনিছে।
ষষ্ঠীৰ বেল-বোধন গধূলিতে আৰম্ভ হল। প্ৰসিদ্ধ ঢুলীয়া তিনিযোৰে ঢোল বজালে। আঠ দহজন কালীয়াই কালী বজালে, কছাৰী সকলে মাদোল বজালে। ব্ৰাহ্মণ সকলে শঙ্খ ফুকিলে, বৰকাঁহ, শিঙা, ঘণ্টা, দবা, বজালে। তিৰোতাসকলে উৰুলি দিলে। এই গোটাইবিলাকৰ শব্দ মিলি কি যে এটা মহাশব্দ হৈছিল এই বিষয়ে আমাৰ পাঠক-পাঠিকা সকলেই অনুমান কৰক।
সপ্তমীৰ দিনা পুৱাৰে পৰা দেবীৰ পূজা আৰম্ভ হল। বেলি আঠ নটা মান বজাত আকৌ ঢুলীয়া-খুলীয়া, গায়ন-বায়ন, কালীয়া, মাদল কোবোৱাসকলে আৰতিৰ শঙ্খ, ঘণ্টা, কাঁহ বজোৱাৰ লগে লগে নিজ নিজ বাজনা বিলাক বজালে।
ন দহোটা বজাৰ সময়ত কুৰি পচিশটামান পঠা বলি পৰিল। বৈষ্ণৱ পন্থৰ বৰুৱা-চৌধাৰীসকলে সেই বলি নাচালে। শাক্ত পণ্ঠৰ সকলে মহা উলাহেৰে সেই বলি দৰ্শন কৰিলে। হৰদত্ত চৌধাৰীয়ে গদ্গদ্ ভাবে মাতৃক সেৱা কৰিলে। বীৰদত্তকে প্ৰমুখ্য কৰি আন আন মুখিয়াল সকলে আলহী সকলৰ সেৱা শুশ্ৰূষাত ৰল। দুপৰীয়া খাই বই উঠি দেবীঘৰৰ প্ৰকাণ্ড ৰভাৰ তলত সকলো বিলাক বৰুৱা-চৌধাৰী বহিলহি। হৰদত্ত বীৰদত্ত উভয়ে প্ৰত্যেকজন আলহীৰ আগত হাতযুৰি অভ্যৰ্থনা জনালে। তাৰ
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে