পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গহীন হল তেতেকে ঢোলৰ চেও আৰু গহীন হল। ঢোলৰ চেৱে চেৱে ঢুলীয়াহঁতে যে কিমান প্ৰকাৰে ঘূৰিলে আৰু নাচিলে তাকো কই এটাব নোৱাৰি। ঢুলীয়াহঁতৰ প্ৰত্যেকটো মানুহেই সুস্থ-বলিষ্ঠ। ঢোল বজোৱা হলত ঢুলীয়া হঁতে প্ৰায় বিলাক ঢোল থলে। কেবল এটা তালীয়াই তাল এযোৰ লই আগাপিছা কৰি দৌড়ি দৌড়ি বজাব ধৰিলে। ঢোলৰ চেও থমা মাত্ৰকে প্ৰায় ত্ৰিছটামান লৰা আৰু ডেকা আহি প্ৰথমেই ৰাইজক সেৱা জনাই পিছত ঢোলৰ চেৱে চেৱে খৰ দিব ধৰিলে। কত প্ৰকাৰ যে খৰ দিলে তাক বৰ্ণাব নোৱাৰি। পোন খঁৰ,ওলটা খঁৰ, আলাগতে দিয়া খঁৰ, তঙাল-মোচৰা খঁৰ, চান্দনি সৰকা খঁৰ ইত্যাদি অলেখ খঁৰ দিলে। তাৰ পিছত মানুহৰ কান্ধত উঠিথিয় হৈ তাৰ পৰা খঁৰ দিব ধৰিলে। শেহত কেইটামান ঢুলীয়াই দুয়ো কাষলতিৰ তলত দুটা ঢোল লই প্ৰথমে এটা থিয়কৈ পতা ঢোলৰ ওপৰত উঠিল। আৰু ইফালে খৰকৈ বজোৱা ঢোলৰ চেৱে চেৱে উলাহ লই সেই ঢোলৰ ওপৰি পৰা আলগা খঁৰ মাৰি দুয়ো কাষে দুটা ঢোলেৰে সৈতে মাটিত থিয় হৈ পৰিলহি। তাৰ পিছত দুটা ঢোল থিয়ই যোৰালে। সেই দুটাৰ ওপৰত উঠিও তাৰ পৰা খঁৰ দিলে। পিছত ক্ৰমান্বয়ে ঢোলৰ ওপৰত ঢোল বহুৱাই আঠ দহোটা পৰ্য্যন্ত ঢোল যোৰা দি ওখ এটা স্তম্ভৰ দৰে কৰিলে। সেই স্তম্ভটোক দুয়োৰা মানুহে এটাৰ কান্ধৰ