সমললৈ যাওক

পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

 উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ পাহাড়ৰ পৰা যি ৰংমহলৰ গড় দীৰ্ঘেশ্বৰীৰ পাহাড় লৈকে গইছে এই গড়টো বৰ ওখ। গড়ৰ পূব ডোখৰত খৰালি দ নলনি আৰু ইকৰানি হাবি প্ৰায় কুড়ি পচিশ নল মানলৈকে। তাৰ পূবেই বৰ নদী আৰু ব্ৰহ্মপুত্ৰৰ সঙ্গম। বাৰিষা হলে দুয়ো নৈৰ পানী এই গড়ৰ তলত লাগে। গড়ৰ পচিম পাৰত দ ৰূপিত পথাৰ আৰু ৰংমহল গাওঁ। এই গড়টোৱে ব্ৰহ্মপুত্ৰ নৈক উত্তৰ গুৱাহাটী চহৰখানৰ উত্তৰ পিনেদি বাগৰি উত্তৰ গুৱাহাটী ছহৰ ৰংমহল ইত্যাদি ঠাই উটাই নি নৈৰ গৰ্ভত পেলোৱাৰ পৰা ৰক্ষা কৰি আছে। আহম ৰজাসকলৰ কীৰ্ত্তি এনেকুৱা গড়ে, জয়সাগৰৰ নিচিনা পুখুৰীয়ে, কাৰেং ঘৰে, শিবসাগৰৰ দৌলে আৰু আন মঠ-মন্দিৰ আদিয়েও জগতক আজিলৈকে দেখুৱাৰ লাগিছে। পুষ্পভদ্ৰা বোলা শিলচটায়ে গড়ৰ সিটো মূৰ নৈৰ হেঁচাৰ পৰা ৰক্ষা কৰি আছে। কামৰূপীয়া মানুহৰ এটা বিশ্বাস আছে যে কলিৰ শেহত হেনো হাজোৰ উত্তৰত থকা সংসপ্তক দল নামৰ থাৰখনতে সপ্ত ম্লেচ্ছৰ মহা ৰণ হব। সেই সময়তে হেনো পুষ্পভদ্ৰা মুক্ত হব। ব্ৰহ্মপুত্ৰই উত্তৰ গুৱাহাটীৰ উত্তৰেদি বই হাজোক দক্ষিণ পাৰ কৰিব - উমানন্দ ভুবনেশ্বৰী কামাখ্যাই সৈতে একে পৰীয়া হব। এই বিশ্বাসৰ মুলত দৰা চলতে বৈজ্ঞানিক বা ধ্ৰুব সত্য এটা নিহিত আছে। যদি কেনেবাকৈ ৰংমহলৰ গড়টো খহে আৰু পুষ্পভদ্ৰা বোলা শিলচটা হুহকি পৰে তেন্তে নিশ্চয় ব্ৰহ্মপুত্ৰই ৰংমহলেদি বাট লই একেবাৰে ৰংমহল, দলবাৰি পছৰীয়া ইত্যাদি গাও উটাই নিব আৰু হাজোৰ কেদাৰ মাধব আদি পাহাডৰ উত্তেৰেদি বাট লোৱাটোও সম্ভব।

 দীৰ্ঘেশ্বৰী পাহাড়ৰ এই পুষ্পভদ্ৰা বোলা শিল চটাৰে পৰা সিফালে ছিলাৰ চকিলৈকে মোমাইকটা। এই গডৰ ইতিহাসৰ বিষয়ে যেয়ে অসম বুৰঞ্জী বা শ্ৰীযুত লক্ষ্মীনাথ বেজৱৰুৱাৰ “লাচিত বৰফুকন” পঢ়িছে সেয়ে জানে। সিফালে চেঁচামুখলৈ যোৱা বাটাও বিছুমান দূৰলৈকে আজ্ঞাথুৰি পাহাড়ৰ প্ৰায় কাষে কাষে। এই বিলাক বিবৰণৰে পৰা পাঠকসকলে বুজি লওক উত্তৰ গুৱাহাটী ছহৰো কেনে সুৰক্ষিত। দক্ষিণ গুৱাহাটীৰ পৰা উত্তৰ কামৰূপলৈ পোনে পোনে সোমাব খুজিলেই এই বিলাক বাটৰ এটা নহয় এটাই দিয়ে যাব লাগিব। বিশেষ পূবপাৰ চুতীয়াপাৰা, মদাৰ তলা,