পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


উ উ কৰে মোৰ

 হায়ৰে মলুৱা
গছে গড়ে জপিয়াই
 হায়ৰে মলুৱা
.................
মোৰ মলুৱাক কোনে মাৰিলে

 হাঁয়ৰে মলুৱা ৰে।


এইদৰে গীতে-পদে-নৃত্যে ৰাতি প্ৰায় তিনটা মান বাজিল। এইখিনি সময়তে অনেকৰে চকুত টোপনিয়েও ধৰিলে, এনেতে এই মাধপুৰীয়া ঢুলীয়াৰ প্ৰসিদ্ধ ভাৱৰীয়া ভেলা-ভাই আহি দলে বলে উপস্থিত হল। ভেলা-ভাই সভাৰ ভিতৰলৈ সোমোৱা মাত্ৰেই ৰাইজৰ ভিতৰত এটা গগন ভেদী হাঁহিৰ শব্দ উঠিল। ভেলা ভায়ে নানা ৰকম, নানা বৃত্তিৰ মানুহৰ চলন ফুৰণ কথা কোৱাৰ ধৰণ দেখুৱাই হঁহুৱাব ধৰিলে। কেতিয়াবা হয়তো চৰাই চিৰিকতিৰ মাতকে হুবহু মাতিব ধৰিলে। কেতিয়াবা হয়তো পোনেই পহুৰ দৰে মাতিলে। তাৰ পিছত সেই পহু চিকাৰলৈ যোৱা ভাও ধৰিলে। পদ গোৱাহঁতে গাব ধৰিলে :—
 “ভেলা ভাই পহু খেদিবলৈ যায।” ভেলা ভাইৰ হাতৰ মুদ্ৰাই মুখৰ ভঙ্গীয়ে, খুহুতীয়া কথাই মানুহক হহুৱাই আধামৰা কৰিলে। ভেলা ভায়ে মাজে মাজে এনেকুৱা গাৱলীয়া সংস্কৃতো জাৰিব ধৰিলে যে বাপে-বেটাই ভায়ে