পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ককায়ে, একেলগে বহি থকাই টান হল। ভেলা ভাইৰ খুহুতালিৰ আৰু ভাওৰ সীমা সংখ্যা নাই। ৰাইজে হাহিৰ প্ৰতাপত ৰব নোৱাৰি ভেলা ভাইক পাই পইচা দি কাবৌ কোকালি কৰিহে ৰক্ষা পালে। পুৱা ছয়টা মান ৰজাত ভেলা ভাই থামিল।

 অষ্টমী আৰু নবমীৰ-দিনে নিশাইও এইদৰেই আমোদ প্ৰমোদ হইছিল। কোৱা অনাবশ্যক যে শালমৰীয়া ঢুলীয়া যোৰৰ খৰ আৰু কুন্তি এটাইতকৈ বেচি হৈছিল - বৰ্ণিবৰীয়াৰ পদৰাগ গীত নৃত্য অতুলনীয় হৈছিল। মুঠতে কামৰূপৰ ঢুলীয়াৰ ভাওৰ সম্পৰ্কে আজিকালিও ডাঠি কব পাৰো। যে কামৰূপীয়া ঢুলীয়াৰ ভাৱতে চাৰ্কাচ, ভাৱনা, বহুৱালী, নৃত্য, গীত সমস্ত একেধাৰে বৰ্ত্তমান আছে।


পঞ্চদশ অধ্যায়
জিকেৰিত।

 আজি দেবী বিসৰ্জ্জনৰ দিন। ৰাতিপুৱাৰে পৰা বিসৰ্জ্জনৰ আয়োজন হল। কামৰূপীয়া বৰুৱা চৌধাৰী সকলে সোনকালে খাই-বই উঠি ৰভাৰ তলত বহিলহি। হৰদত্ত বীৰদত্ত উভয়ে আহি অভ্যৰ্থনা জনালে। ভাৰ পিছত হৰদত্ত চৌধাৰীয়ে থিয় হৈ হাত যুৰি কলে :—