ৰজাৰ লৰা নেদেখো। এই কাৰণেই
আৰু সদ্যহতে ৰণ বিগ্ৰহত লাগি থকা বাবেও মই তাইৰ
বিষয়ে ভবা নাই।
বৰৱানী – আপুনি তেন্তে সেই গণকৰ কথাকে বিশ্বাস
কৰি তাইৰ বিয়াৰ বিষয়ে মন কাণ কৰা নাই। মই এটা
কথা কওঁ।
হৰদত্ত—“কোৱা”।
বৰুৱানী - চাওকচোন আমাৰ আগলৈকো নাই, পাছ
লৈকো নাই, এই একেটি মাথোঁন সন্তান; তাইক বিয়া দি
উলিয়াই দিলে-মইনো বাচি থাকিমনে?
হৰদত্ত—তেনেহলেনো কি কৰিবা? কোন ৰজাৰ লৰা
আমাৰ ঘৰত চপনীয়া হৈ থাকিব?
বৰুৱানী—মই হলে সেই দৈৱজ্ঞ দুজনৰ কথাত এক
প্ৰকাৰে বিশ্বাস নকৰো যদিও আন প্ৰকাৰে কৰিব পাৰোঁ।
কোনো ৰজাৰ লৰা যে আমাৰ ঘৰত চাপি নাথাকে সেইটো
সঁচা। আৰু আমাৰ কলিতা জাতিৰ ৰজাৰ লৰাও কতো
নাই যে ইওটা সঁচা। অথচ মই মোৰ এই একেজনী
জীয়াক বিয়া দি উলিয়াই দিবও নোৱাৰো। তাইক
আতৰলৈ পঠাই মই এক দণ্ডও জীয়াই থাকিব নোৱাৰো।
বাৰু, কথা এটা কওঁ আপুনি যদি বেজাৰ নাপায়।
হৰদত্ত— মই তোমাৰ কথাত কোনো বেজাৰ নাপাওঁ।
বৰুৱানী—শুনক তেন্তে মই ভাবিছো আমাৰ মাই-
ছানাক মহীৰামতে বিয়া দি তাকে ঘৰ জোঁয়াই কৰি ৰাখো।
তাৰে সৈতে আমাৰ তেজ মঙ্গহৰতো কোনো সম্বন্ধ নাই।
সি মাথোঁন স্বজাতি। সি আমাৰ ঘৰতে ডাঙ্গৰ দীঘল
হৈছে। লৰাটোও ভাল নিৰোগী দেখিবলৈকো শুৱনি
লগতে আপোনাৰে দৰে সি বাহুবলী বীৰো। যুঁজ
লাগিবৰে পৰা সিও এই কুমলীয়া বয়সতে আপোনাৰ এজন
সেনাপতি হৈ যুঁজতো সহায় কৰিছে।
হৰদত্ত- ঘৈনি। মই হলে তাত আমাৰ মাইছানাক
বিয়া দিবলৈ সম্মাত নহও যদিও সি বীৰ তাৰ স্বজাতি সিতো
কোনো ৰজাৰ লৰা নহয়। মোৰ ঘৰতে সৰুৰে পৰা
তোলনীয়া। সি মাউৰা আৰু দেখোন টোকোনা।
বৰুৱানী-আপুনি কেলেই সেইদৰে কয়। সি যে
মাউৰা এইটো সচা; কিন্তু সি তো টোকোনা নহয।
তাৰ দেখোন