পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৭০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পিছত হৰদত্তে কলে “বাপ সকল ! আজি এইবেল ওঝাপালীৰ পদকে গোৱাম নে কছাৰীসকলৰ মাদোল নাচকে কৰাম” ? সকলোটি বৰুৱা আৰু চৌধাৰীয়ে কলে:– “আজি এইবেলা ওঝা-পালীৰ পদকে গোৱা হওক। ভাটীবেলালৈকে পদ শুনিম ; তাৰ পিছত বহালৈ গই অলপ জিৰাই সতাই আহি গধূলিলৈকে মাদোলৰ গীত চাম। নিশা আজি মাধপুৰীয়া ঢুলীয়াৰ ভাও নৃত্য চাম।”
       এই আদেশ অনুসৰি কাৰ্য্য আৰম্ভ হল। কামৰূপৰ অতি প্ৰসিদ্ধ ওঝা-পালী এযোৰ অাহি উপস্থিত হল। ওঝাই কালিকা পুৰাণৰ হৰ-গৌৰীৰ বিবাহ বৰ্ণাই পদ গালে। ওঝাৰ পদৰ লালিত্য, হাতৰ মুদ্ৰা আৰু নৃত্যত মানুহ মোহিত হল। ডাইনা-পালীৰ সেই পদবিলাকৰ এখনকে চাৰিখন কৰি কৰা ব্যাখ্যাই মানুহক হহুঁৱাই পেটৰ নাড়ী ছিগালে। এইদৰে প্ৰায় ওৰে দিনটো ওঝা গোৱা হল। বেলি চাৰিটামান বজাত পদ গোৱা শেষ হলত বৰুৱা-চৌধাৰীসকলে উঠি নিজ নিজ বহালৈ গই হাত মুখ ধুই অলপ জা-জলপান কৰি ভাগৰ জিৰাই আকৌ পাঁচোটামান বজাত ৰভালৈ আহিল। তেতিয়া মাদোল বজোৱা আৰম্ভ হল। প্ৰায় পোন্ধৰটামান মাদোল লৈ তিনিকুৰি কছাৰী মতা মাইকী ৰাইজৰ আগত থিয় হল। পোনেই কছাৰণী সকলে গালে :—