পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ওপৰত আন এটা উঠি ভালকৈ ধৰিলে যাতে ঢোল বাগৰি নপৰে। পিছত এটা ঢুলীয়াই ঢোল ধৰা মানুহৰ ককালেদি অাৰু কান্ধেদি বগাই সেই আঠোটা দহোটা ( = ২০ হাত হব ) ঢোলৰ ওপৰত গই উঠিল। তলৰ পৰা আন দুজন ঢুলীয়াই দুটা ঢোল তুলি দিলে। ওপৰত উঠা জনে সেই ঢোল দুটা দুয়ো কাষলতিৰ তলত সাবট মাৰি লই তলত বজোৱা ঢোলৰ চেৱে চেৱে উলাত লই আলগা খৰ মাৰি মাটিত থিয়ই থিয়ই পৰিলহি।
 পিছত আকৌ দুটা মানুহে শকত বাঁহ এডাল কান্ধত ললে। সেই বাঁহডালৰ ওপৰতে ঢুলীয়া এটা উঠি তাতে যে কত প্ৰকাৰ কুস্তি কৰিব ধৰিলে তাক কিমান বৰ্ণাম। কামৰূপীয়া ঢুলিয়াৰ আজিকালিৰ কুস্তিয়েও আনকি বৰ্তমানৰ চাৰ্কাচকো ঠায়ে ঠায়ে চেৰহে পেলাব। সেই কালত কামৰূপীয়া ঢুলীয়াৰ গাত যে কিমান কুস্তিৰ অভ্যাস আছিল তাক কোনে জানে। আমি এনেকুৱা কথাওঁ শুনিছো যে সেই কালত একোটা ঢুলীয়াই একোডাল বাঁহ লই জাপ মাৰি ঘৰৰ ছালৰ মুধত উঠিছিল আৰু তাৰে পৰাও আলগা-খঁৰ মাৰি মাটিত পৰিছিল।
 এই দৰে খঁৰ মৰা, কুস্তি কৰা শেষ হলত ছয়টা ঢুলীয়াই সুন্দৰকৈ ঘুৰীয়া জামা পিন্ধি উৰি যাত্ৰাৰ দলৰ দৰে সমস্বৰে পদ গাবলৈ ধৰিলে। পদতেই ভাৱনাৰ সুত্ৰধাৰৰ দৰে কি ভাও হব গাই দিয়ে। পদ গাই থাকোঁতে থাকোঁতেই