দন্দুৱা দ্ৰোহ/পঞ্চদশ অধ্যায়
[ ৭৬ ] [ ৭৭ ] মাটি বৃত্তি, বেটী বন্দী সমস্ত আমাৰ হাততে
আছে। তাকে দেখোন আমাৰ মাইছানাক বিয়াদি এই
এই ঘৰে দুৱাৰে ৰাখি আমাৰ এই সমস্ত বিষয় সম্পত্তি ৰাজ্য
তাকে সমৰ্পণ কৰিব পাৰিম। আমাৰ যেতিয়া নিজৰ
লৰা নাই তেতিয়া তাকে দেখোন পো বুলিলেও পো
জোয়াই বুলিলেও জোঁয়াই ৰাখিব পাৰো। তেতিয়া হলে
আমাৰ অভাল ভালে সিযেই দেখোন এই কামৰূপ ৰাজ্যৰ
ৰজা হৈ থাকিব। এই দৰে হলেও দেখোন আপোনাৰ
দৈবজ্ঞৰ কথা মিলে। ”
হৰদত্তৰ—মইছানাৰ মাক। তুমি যি কলা এক
প্ৰকাৰে সেইটো সচা। কিন্তু মোৰ আপত্তি হৈছে যে
প্ৰথমতে সি ৰজাৰ লৰা নহয়। দ্বিতীয়তঃ যদিও সি
মাউৰাহৈ শৈশব কালৰে পৰা আমাৰ ঘৰতে ডাঙ্গৰ হৈছে
তথাপি সি যেতিয়াই এজন ডেকা বীৰপুৰুষ হৈ উঠিছে
তেতিয়াই তাৰ এই সমযত বৰ বাপেক, ভাই ভাগী সকলো
ওলাব। সেই সকলে জানো তাক আমাৰ ঘৰত চিৰকাললৈ ঘজ্জীয়া ৰব দিব? যিকি নহওক বাৰু তোমাৰ কথাটোও
শুনিলো। সদ্যহতে তুমি মোক তাইৰ বিয়াৰ বিষয়ে দিক্
নকৰিবা। মই এইবাৰৰ ৰণ খনৰ পিছত যি হয় এটা
কৰিম ”।
গিৰিয়েকৰ এই কথাত বৰুৱানী মনে মনে ৰল। পাঠক! যদিও পদ্ম কুমাৰীক টোপনিত থকা বুলি মাক বাপেকে ভাবিছিল; তথাপি তেওঁ হলে দৰাচলতে টোপনি ষোৱা নাছিল। মাক বাপেকৰ সমস্ত মেল আৰু আলোচনা টোপনি ভাওযুৰি শুনি আছিল।
১৭৯০ শকৰ ৰণ।
পুহ গ’ল। মাঘ পৰিল। আকৌ বৰফুকন আৰু কামৰূপীয়া উভয় পক্ষৰে ৰণৰ আয়োজন হল। এইবাৰ হৰদত্তই দৰঙ্গৰ ৰজা কৃষ্ণ-নাৰায়ণৰ পৰা তিনি হেজাৰ কোচ আৰু কচাৰি সৈন্য পালে। দবঙ্গৰ ৰজাৰ পৰা পত্ৰও পালে যে দৰঙ্গতো ৰজা কৃষ্ণনাৰায়নে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ তুলি যুদ্ধ ঘোষণা কৰিছে আৰু দৰঙ্গৰ পৰাও আহোমক
খেদি নিষ্কণ্টক হবলৈ সংকল্প কৰিছে। নিজৰ সাত হেজাৰ আৰু দৰঙ্গৰ তিনি হেজাৰ সৈন্য পাই হৰদত বীৰদতে আকৌ মহাসমাৰোহেৰে ৰণলৈ ওলাল। ইফালে বৰফুকনেও তিনি হেজাৰ সৈন্য গোটাই লই এইবাৰ নিজেই লগত তিনি ঠাইলৈ তিনটা বৰ হিলৈ পাৰ কৰি লই আমিন-গাৱঁলৈ, এটা হিলৈ আৰু আহোম সেনাপতি এজনক এহেজাৰ ৰণুৱাই সৈতে পঠালে। সেইদৰে ৰজা-দুৱাৰলৈকো এজন সেনাপতি, এহেজাৰ ৰণুৱা আৰু এটা হিলৈ পঠালে আৰু নিজে উত্তৰ গুৱাহাটী চহৰত বাকী হিলৈটো আৰু এহেজাৰ আহোম ৰণুৱা লৈ নামিল। তিনিউ ঠাইতে আহোম আৰু কামৰূপীয়াৰ তাকে তয়া-ময়া ৰণ লাগিল। আহোমৰ বৰ-হিলৈ কেইটাই এইবাৰ অনেক কামৰূপীয়া বীৰৰ প্ৰাণ ললে। কামৰূপীয়া আৰু দৰঙ্গী বীৰ সকলেও কাড়, ধেনু, বৰা ইত্যাদিৰে যি পাৰিলে কৰিলে। পিছত কামৰূপীয়া আৰু দৰঙ্গি সৈন্যসকলে তিনিউ ঠাইতে মুকলিত বৰহিলৈৰ বিৰুদ্ধে যুঁজাটো শ্ৰেয়ঃ যেন নেদেখি পিছ হুঁহকি গই গই তিনিউ ঠাইতে তিনিখান পাহাড়ত ( যথা দীৰ্ঘেশ্বৰী, ছিলাৰ পাহাড়, আজ্ঞাঠুৰি পাহাড়) আশ্ৰয় লৈ তাৰ পৰা কাড় ধেনু বষাৰে আহোমৰ গতিৰোধ কৰিলে; এই বেলি প্ৰায় এমাহ যুঁজ হল। আহোম ৰণুৱা প্ৰায় দুহেজাৰ মৰিল, কিন্তু কামৰূপীয়াৰ অতি কমেও ছহেজাৰ ৰণুৱা মৰিল। ঠেক ঠাই কেডোখৰ পাৰ হ’ব নোৱাৰাত আহোম ৰণুৱা
সকলো আৰু আগবাঢ়িব নোৱাৰিলে, কামৰূপীয়াইও [ ৭৯ ] ৰজা দুৱাৰ, উত্তৰ গুৱাহাটী, আমিন গাওঁ এৰি দীৰ্ঘেশ্বৰীৰ পাহাড়ত ছিলাৰ চকি আৰু পাহাড়ত সিফালে আজ্ঞাঠুৰি পাহাড়ত খোপনি পিতি ৰল। বৰফুকনে ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী আৰু আমিন গাওঁ এই তিনিউ ঠাইতে হিলৈ তিনটা পাতি থৈ দুশ দুশ ৰণুৱা সেই হিলৈ ৰক্ষা কৰি থাকিবলৈ আৰু কামৰূপীয়াৰ গতিৰোধ কৰি থাকিবলৈ এবি বাকী চাৰি পাঁচ শ ৰণুৱাৰে সৈতে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীলৈ উলটিল।
কামৰূপীয়া মানুহে এই গত তিনি বছৰে যদিও ৰণত বাৰে বাৰে জিকিছিল তথাপি এই বেলিৰ ৰণত ভালেমান মানুহ মৰা দেখি মনত বিষাদো লভিলে আৰু নিৰুৎসাহো হব ধৰিলে। আহোমৰ বৰ হিলৈ দেখি কামৰূপীয়া বৰুৱা চৌধাৰীসকলে অলপ-অচৰপ ইতস্ততঃ লগাব ধৰিলে! দৰদত্তেও বুজিলে যে এইদৰে বছৰি কামৰূপীয়া প্ৰজা লৈ
ৰণ কৰি থকাটো বৰ সহজ কাম নহয়। মানুহদুনুহো মবে আৰু খেতি খামাৰো লোকচান হয়। সেই দেখি এইবাৰ বহাগৰ সাত বিহুৰ দিনাই কামৰূপীয়া বৰুৱা চৌধাৰীসকলক নিমন্ত্ৰণ কৰি জিকেৰিলৈ আনি বুধি পৰামৰ্শ হল। তেওঁবিলাকে কলে যে গত তিনি বছৰে ৰণত ঢেৰ মানুহ মৰিল; খেতি খামাৰো বছৰি লোকচান হৈছে। আহোমৰ বৰ হিলৈৰ সৈতে কেৱল ধেনু কাড় লই যুঁজা টান। সেই দেখি হৰদত্ত বৰুৱাই দৰং, কোচবেহাৰ আন কি পঞ্জাবৰ পৰাও সৈন্য অনাওক। তেওঁবিলাক সক- লোৱে মিলিজুলি এই সৈন্যক খৰচ পাতি ৰছদ পত্ৰ যোগাৰ দিব। সেইবিলাক ঠাইৰ পৰা সৈন্য আহি নাপাই মানে- কামৰূপীয়া প্ৰজা সৈন্যেৰেই কোনো ৰকমে দুৱাৰ তিনিখান ৰক্ষা কৰি থকা হওক। তেওবিলাকৰ এই দিয়া পৰামৰ্শত হৰদত [ ৮০ ] যদিও সন্মত হল; তথাপি উভয়ে তেওঁবিলাকক দঢ়াই দঢ়াই কলে যে তেওঁবিলাকে যেন নিৰুৎসাহ নহয়; আৰু বিদেশী সৈন্য আহি পালে সেই সৈন্যৰ খৰচ ৰচদ পাতি দিয়াত যেন এফেৰাও ক্ৰটি নকৰে। বৰুৱা চৌধাৰী সকলে কলে—“বাৰু। আমাৰ দিহা মতে কাম কৰা, আমি সহায় কৰাত পিছ নোহোঁহকো” ইত্যাদি ৰূপে কই ঘৰা-ঘৰি গল। হৰদত্ত বৰুৱাই দৰঙ্গ আৰু বিজনী লৈ কটকি পঠালে। মহীৰামক লগত দি কটকি এযোৰা কোচ বেহাৰলৈকো পঠালে। এযোৰ মানুহক পাচশ শিখ চিপাহী আনিবলৈ পঞ্জাবলৈকো পঠালে। কোচবেহাৰলৈ দিয়া চিঠিত এইটোও ইঙ্গিত কৰিলে যে কামৰূপ দেখোন আগৰ তেওঁবিলাকৰ ৰাজ্য সেই দেখি আহোমক খেদি তেওঁ বিলাকেই আহি এই ৰাজ্য লওক। কামৰূপীয়া মানুহে তেওঁ বিলাকক যিমান দুৰ পাৰে ধনে জনে সহায় কৰিব।
ইফালে ঘৰত হৰদত্তক তেওঁৰ গৃহিণীয়ে পদ্মকুমাৰীৰ বিয়াৰ বিষয়ে খেচ খেচাব ধৰিলে। হৰদত্তে ঘৈণীয়েকক বুজালে যে এনেকুৱা শঙ্কটৰ সময়ত তেও জীয়াৰীৰ বিয়াৰ বিষয়ে একো কৰিব নোৱাৰে। তাতে মহীৰামক কোচ বেহাৰলৈ পঠোৱা হৈছে। সি উলটি আহিলে দিন কালৰ সুবিধা চাই পিচে পৰেও যি হয় কৰা যাব।
বহাগ গল। জেঠ গল। ঘোৰ বাৰিষা পৰিল।
আহোম আৰু কামৰূপীয়াই এফালে খেতি- খালাত, আনফালে
আকৌ মাঘ মহীয়া ৰণলৈ উদ্যোগ লগালে। এইবাৰ পুত্ৰ
মাহত দৰঙ্গলৈ পঠোৱা কটকি যোৰাই দৰঙ্গৰ পৰা মুঠেই দুহেজাৰ সৈন্য লই পালেহি। কটকিৰ হাতত দৰঙ্গৰ
ৰজাই হৰদত্তলৈ বাতৰি দিলে যে এইবাৰ তেওঁ সৰহ সৈন্য
দিব নোৱাৰিলে যিহেতু উজনীৰ পৰা আহোম ৰজা গৌৰী
নাথ সিংহই পাঁচশ শিক্ষিত আহোম ৰণুৱা লই নিজেই
তেওঁৰ লগত যুঁজিবলৈ আহিব লাগিছে, এইবাৰ দৰঙ্গত তয়া
ময়া ৰণ লাগিব। বিজনীৰ কটকী যোৰাই বিজনীৰ পৰা
এহেজাৰ ৰণুৱা লই আহিল। সিফালে কোচবেহাৰৰ পৰা
মহীৰামে এজন কোচ কুমাৰে সৈতে মুঠেই পাঁচ শ কোচ
ৰণুৱা আনিলে। পঞ্চাবলৈ যোৱা কটকি যোৰাই দুশ
তৰোৱাল ধাৰী ১০০এশ বন্দুকধাৰী শিখ ৰণুৱা লই
পালেহি। কামৰূপৰ ছয় সাত হেজাৰ ৰণুৱাৰে সৈতে
এইবাৰো হৰদত্তৰ প্ৰায় দহ হেজাৰ ৰণুৱা হল।
ইফালে গুৱাহাটীত বৰফুকনেও দক্ষিণ-পাৰৰ-দাতি
কাষৰীয়া ৰজা সকলৰ পৰা প্ৰায় ছয় হেজাৰ ৰণুৱা পালে।
এনেতে উজনীৰ পৰা গৌৰীনাথ সিংহ ৰজাও পাচ শ
আহোম ৰণুৱাৰে সৈতে গুৱাহাটী পালে।
গুৱাহাটী পাই ৺গৌৰী নাথ সিংহ স্বৰ্গদেৱে বৰফুকনে
সৈতে পৰামৰ্শ কৰি এইটো বঢ়িয়াকৈ বুজিলে যে আহোম
ৰাজাক চাৰিউফালে শত্ৰুয়ে বেঢ়ি ধৰিছে। উজনীভ
মোৱামৰীয়া হঁতে বিদ্ৰোহ তুলিছে। মাজ অসমত দৰঙ্গৰ
ৰজা কৃষ্ণ নাৰায়ণে যুজ ধৰিছে। আৰু কামৰূপত
কামৰূপীয়াইও দ্ৰোহ আচৰণ কৰিছে। এনেকুৱা অৱস্থাত তেওঁবিলাকে ওচৰৰ ৰংপুৰত থকা প্ৰচণ্ড প্ৰতাপী ইংৰাজৰ
সহায় নললে শত্ৰু দমন কৰি আহোম ৰাজ্য ৰক্ষা কৰা
টান হব। [ ৮২ ] ইয়াকে থাৱৰ কৰি উভয়ে পৰামৰ্শ কৰি কলিকতাৰ লাট চাহাবলৈ অসম ৰাজ্যৰ বিদ্ৰোহ আৰু হুলস্থূল
বিলাক থমাই শান্তি স্থাপন কৰিবলৈ সহায় খুজি কটকি
এযোৰা পঠালে। পুহ মাহতে কটকি নাৱেৰে গই ৪
চাৰিমাহে কলিকতা পালেগৈ। লাটৰ ওচৰ চাপোঁতে
চাপোঁতে এমাহ গল। লাটে অনেক বিবেচনাৰ ওপৰত
ৰংপুৰত থকা কাপ্তান ওৱেল্ছক গৌৰীনাথ সিংহক সহায়
কৰিবলৈ আদেশ দিলে। সেই আদেশ পাওঁতে পাওঁতে
জেঠ পৰিল। কাপ্তান ওৱেলছে “বাৰিষাৰ অন্তে খৰালি
হে সহায় কৰিবলৈ যাব পাৰিম” ৺গৌৰীনাথ সিংহ স্বৰ্গ
দেৱলৈ জনাই পঠালে।
ইফালে মাঘ মাহৰে পৰা দৰঙ্গৰ ৰজা আৰু কামৰূপী-
য়াৰে সৈতে আকৌ আহোমৰ ৰণ লাগিল। দৰঙ্গৰ ৰজাই
আহোমক একেবাৰে দৰঙ্গ আৰু খাগৰিজান জিলাৰ পৰা
উলিয়াই পঠালে। কামৰূপৰ তিনিউদুৱাৰতে তয়া-ময়া ৰণ
হল। পঞ্জাৱৰ শিখ, আৰু বিজনী দৰঙ্গ, কোচবেহাৰৰ
কোচ, আৰু কামৰূপীয়াৰ প্ৰজা সৈন্যৰ আগত আহোম
তিষ্ঠিব নোৱাৰি আকৌ গুৱাহাটীলৈ উলটি আহিল। আকৌ
দত্ত বীৰদত্তৰে জয় হল।
⸻
এই ৰণৰ পিচত হৰদত্তৰ গৃহিণীয়ে হৰদত্তক পদ্মকুমাৰীৰ মহীৰামে সৈতে বিবাহৰ নিমিত্তে খেচ খেচাব ধৰিলে। হৰদত্তে “বাৰু চাওঁ, দুদিন বাট চোঁৱা” ইত্যাদি বুজনি দি ঘৈণীয়েকৰ খেচ-খচনিত তত নাপাই এদিন ঘৈণীয়েকক খোলা-খুলি কৰি কলে যে তেওঁ শ্ৰীমতীক মহীৰামলৈ নিদিয়ে শ্ৰীমতীক কোচ কুমাৰতহে বিয়া দিব। এই কথাত হৰদত্তৰ গৃহিণীয়েও ক্ৰোধান্বিত হৈ কলে যে কোচ ৰাজ- কুমাৰে যদি সদাই তেওঁলোকৰ ঘৰত চপনীয়া হৈ থাকিবলৈ সম্মত হয় তেন্তে বাৰু তেওঁ নীহকুলীয়া কোচলৈকো