দন্দুৱা দ্ৰোহ/ত্ৰয়োদশ অধ্যায়
[ ৬২ ] পদুমী—তোমাকনো কেলেই বেয়া পাম বা ঘিণ কৰিম! সৰুৰে পৰা একলগে উমলিছোঁ। একলগে ডাঙ্গৰ হৈছোঁ, এতিয়ানো কেলেই বেয়া পাম।
মহীৰাম—তেন্তে পদুম! তুমি মোক ভাল পোৱা। নিছলা বুলি নিঘিণোৱা!
পদুমী – ভাল পাওঁ তো।
মহীৰাম—কিন্তু পদুম! তোমাক আনলৈ বিয়া দিলে তেতিয়াতো মোক ভাল নাপাবা।
(পদুমী নিৰুত্তৰ) কোৱা পদুম! কোৱা, তেতিয়াও মোক ভাল পাবা নে? ( পদুমী নিৰুত্তৰ ) বাৰু পদুম! মই আৰু এটা কথা সোধো। তুমি যে মোক লগৰ লগৰীয়া বুলি ভাল পোৱা তাত বাজে আৰু মোক দোছোৰা প্ৰকাৰৰ কিবা ভাল পোৱা নে? মহীৰামৰ এই কথাত পদুমীয়ে মহীৰামৰ মুখলৈ একেথৰে কিছু বেলি চাই তাৰ পিছত কলে:— তুমি কি কইছা মই একো বুজিব পাৰা নাই।
মহীৰাম—-বাৰু পদুম; মই তেন্তে তোমাক খুলি কওঁ, তুমি বেয়া নাপাবা। মই যদি তোমাক বিয়া কৰাই চিৰকাললৈ লগৰীয়া থাকিব খোজো তেন্তে তাত তুমি সন্মত হবা নে?” মহীৰামৰ এই কথাত পদুমীৰ গাল দুখন টুক টুকীয়াকৈ ৰঙা পৰিল। পদুমী নিৰুত্তৰ হৈ যাবলৈ ওলাল —এনেতে মহীৰামে থাপ্ মাৰি পদুমীৰ কোমল হাতখনত ধৰি আকৌ কলে? —“কোৱা পদুম! তোমাৰ কথাৰ ওপৰত মোৰ ভবিষ্যত নিৰ্ভৰ কৰিছে”। পদুমীয়ে খঙ নেদেখুৱাই হাতখান টানি নিনি লাহেকৈ কলে—“মায়ে আৰু পিতিয়ে দিলে মই অমান্তি নহওঁ”। এই কথা কইয়েই পদুমী সাউত্ কৰি গুচি গল গই। . মহীৰামে আশাৰ অতীত উত্তৰ পাই তেতিয়াই মাটিতে আঠু লই হাতযুৰি ভগৱন্ত পুৰুষক প্ৰাণ-ভৰি জনালে –“প্ৰভু! তুমি যেন এই দুৰ্ভগীয়াক কৃপা কৰা। যেন দুৰ্ভগীয়াৰ আশা পূৰ্ণ কৰি এই পদুম পাহি দুৰ্ভগীয়াক দান কৰা”। এইদৰে ঈশ্বৰত প্ৰাৰ্থনা জনাই নতুন আনন্দেৰে, নতুন উলাহেৰে ঘৰলৈ গল।
[ ৬৩ ]হৰদত্তৰ উদ্যোগ
দুৰ্গোৎসৱৰ বিজয়া দশমীৰ দিনা মেল হবৰে পৰা কামৰূপীয়া বৰুৱা চৌধাৰী সকলে ঠায়ে ঠায়ে ৰছদ গোটাবলৈ আৰু ঝাকে ঝাকে ৰণুৱা শিকাবলৈ ধৰিলে। কমাৰকুচীয়া বৰুৱাৰ ঘৰৰ ডেকা এজনে আৰু ইফালে বীৰদত্তে ৰণুৱা বিলাকক ঠায়ে ঠায়ে কাঁড় ধনু মৰা তৰোৱাল খেলা ইত্যাদি
যুদ্ধ-বিদ্যা শিকাব ধৰিলে? হৰদত্ত বৰুৱাই সহায় খুজি
দৰঙ্গৰ ৰজাঘৰলৈ মানুহ এযোৰা পঠালে। এযোৰা মানুহ
বিজনী আৰু কোচবিহাৰলৈকো পঠালে।
ইফালে বৰফুকনে সেইবাৰ তেওঁ পতা দুৰ্গোৎসৱলৈ
কামৰূপীয়া বৰুৱা চৌধাৰী সকলক নহা দেখি আৰু
চান্দকুচিৰ ফালৰ পৰা গুৱাহাটীলৈ অহা দুই চাৰিজন
মানুহৰ মুখে শুনি বুজিলে যে হৰদত্ত বীৰদত্তে উত্তৰ
কামৰূপত তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ আচৰিবলৈ কাৰবাৰ
লগাইছে। কথাটো সচা নে মিছা সঠিক কৰিবলৈ বৰফুকনে
জিকেবিলৈ চাইটা, চান্দকুচিলৈ দুটা চাওডাঙ পঠাই
চান্দকুচীয়া বুজৰ বৰুৱাক আৰু হৰদত্ত চৌধাৰীক মাতি
পঠালে। চান্দকুচীয়া বুজৰ বৰুৱা আহিল, কিন্তু হৰদত্ত
বীৰদত্ত নাহিল। টেকেলা চাইটাই হৰদত্তক বৰফুকনৰ
চিঠি দি কলে যে তেওঁ সিহঁতৰ লগতে যাব লাগে।
নগলে তেওঁক ধৰি নিবলৈকো হুকুম দিছে। পত্ৰ পঢ়ি
আৰু টেকেলা চাইটাৰ এনেকুৱা টান কথা শুনি বীৰদত্তে
টেকেলাহঁতক কলে :—“তহঁতে আৰু বেছি টান কথা
নকবি, বৰ বেয়া হব। বৰফুকণক কগই আমি আৰু
তেওঁক নামানোঁ। উঠোতে ঢেকেৰী বহেঁতে ঢেকেৰী
বুলি চাৰি গড়ৰ বাহিৰে যে ৰাখেই, তদুপৰি এইবাৰ আমাৰ
নিৰ্দোষী লৰা তিৰোতাকো হাতীৰে গচকাই মাৰিলে
এনেকুৱা অত্যাচাৰনো আৰু কিমান সহিম। আমি আৰু
নোৱাৰা হই থিৰ কৰিছো যে এইজন বৰফুকনক আৰু
নামানো। তেওঁ যি কৰে কৰক। আমি নাযাওঁ।
প্ৰথম টেকেলা। — চৌধাৰী! অলপ দকৈ গমি চাই
কবা।
[ ৬৪ ] সাবধানে কাম কৰিবা। জানানে বৰফুকনৰ দ্ৰোহ
আচৰিলে সমূলে নিপাত হবা? তোমালোকৰ পুলি পোখা
পৰ্য্যন্ত নৰব।
বীৰদত্ত। —তহঁত টেকেলা হলেও এক প্ৰকাৰ দূত,
সেই দেখিহে এনেকুৱা কথা কই আজি সাৰিলি। ভালে
ভালে গুচি যা গই; তহঁতৰ বৰ ফুকন বাপেৰক পঠাই দে
গই। চিলাৰ-চকিতে তেওঁৰে মোৰে দেখা দেখি হ’ব
পাৰে। তাতে তেওঁ ইচ্ছা কৰিলে নিজেই বুজিব পাৰিব
কামৰূপীয়া ঢেকেৰীৰ তৰোৱালৰ কোব কিমান চোকা।
বীৰদতে এইদৰে কলত আৰু গঢ় গতি বিষম দেখি টেকেলা
চাইটা মনে মনে গুচি গল, আৰু বৰ ফুকনক গই এই
সমস্ত কথা কলে। কামৰূপৰ আন আন ঠাইৰ পৰাও
কামৰূপীয়া বৰুৱা চৌধাৰী সকলে আহোমৰ টেকেলা
সমস্তকে খেদি দিলে। বীৰদত্তে পোনে একে কোবেই গই
দুমুনিচকিৰ চকিখান অধিকাৰ কৰি তাত কামৰূপীয়া
চকীয়াল থলে।
আহোমৰ টেকেলাৰ এনেকুৱা দুৰ্গতিৰ বাতৰি শুনি,
আৰু চাঁদকুচীয়া বৰুৱাৰ পৰাও আন আন সকলো বৰ
বাতৰি পাই বৰফুকন ক্ৰোধত অধীৰ হল। চাঁদকুচীয়াক
দঢ়াই দঢ়াই কলে তেওঁ যেন বিদ্ৰোহীৰ দললৈ নাযায়।
তেওঁ যেন বিদ্ৰোহ দমনৰ সহায় কৰে। চাঁদকুচীয়াই
জনালে যে তেওঁ বিদ্ৰোহীসকলৰ লগ নালাগে, কিন্তু
চাৰিওফালে বিদ্ৰোহীৰ মাজত থাকি তেওঁ সদ্যহতে
তেওঁকো ( বৰফুকনকো ) দেখা দেখিকৈ সহায় কৰিব
নোৱাৰে। তেওঁ সদ্যহতে কোনো পক্ষত নহয়— অবশ্যে
সুবিধা পালে তেওঁকে ( বৰফুকনকে ) সহায় কৰিব।
চাঁদকুচীয়াক বিদায় দি বৰফুকনে নিজৰ তিনি শ আহোম
ৰণুৱাক তিনিজন সেনাপতিৰ সৈতে, চেঁচামুখলৈ যোৱা
আমিন গাৱঁৰ, চিলাৰ চকিলৈ যোৱা উত্তৰ গুৱাহাটীৰ আৰু
পুষ্পভদ্ৰা বা দীৰ্ঘেশ্বৰলৈ যোৱা ৰজা দুৱাৰৰ বাটলৈ পঠালে।
তেওঁ ভাবিলে যে কামৰূপীয়া ঢেকেৰীক দমন কৰিবলৈ
এই তিনি ঠাইত এশ এশকৈ তিনিশ ৰণুৱায়ে যথেষ্ট হব।
ইফালে আহোমৰ টেকেলাক খেদি হৰদত্তে বীৰদত্তক
চেচামুখৰ বাটলৈ ৬০০ ৰণুৱাদি কমাৰকুচীয়া বৰুৱাক ৬০০
সৈন্যেৰে সৈতে পুষ্পভদ্ৰাৰ বাটলৈ, মহীৰামক ৬০০ ৰণুৱা
দি চিলাৰ-চকিৰ ফাললৈ পঠালে। তেওঁবিলাক যুদ্ধ-যাত্ৰা
কৰাৰ আগে তেওঁলোকৰ পৰিয়ালসকলে, বঙহ-কুটুমৰ
স্ত্ৰীসকলে উৰুলি জোকাৰ দি শঙ্খ-ঘণ্টা বজাই মাঙ্গলিক
আচৰণ কৰিছিল।
১৭৮৮ শকৰ ৰণ।
আহোম আৰু কামৰূপীয়াৰ ৰণৰ বিৱৰণ দিয়াৰ আগেয়ে
আমাৰ বোধেৰে পাঠক সকলে উত্তৰ গুৱাহাটী, আমিনগাওঁ,
ৰংমহল দীৰ্ঘেশ্বৰীৰ পাহাড় পুষ্পভদ্ৰা ইত্যাদিৰ বিষযে জনা
উচিত।
কোনো পাঠকে যদি কেতিয়াৰা দক্ষিণ গুৱাহাটীৰ
ব্ৰহ্মপুত্ৰৰ পাৰত ঠিয় হই ব্ৰহ্মপুত্ৰ নৈৰ সিপাৰে কি কি
আছে চাই পঠায় তেন্তে পশ্চিমৰ আমিনগাৱৰে পৰা ইফালে
পূবে বৰনৈলৈকে দেখিবলৈ পাৰ যে আমিনগাওঁ বোলা ঠাই
ডোখৰ মুকলি সমথল। ইয়াত আগেযে কিছুমান মানুহৰ
বসতি আছিল। অজিকালি ইয়াত ৰেলৰ ষ্টেছন হইছে।
এই ঠাইৰে পৰা পূবে সৰু সৰু পাহাড় অশ্বক্লান্তলৈকে নৈৰ
পাৰে পাৰে আছে। অশ্বক্লান্তৰ পৰা আকৌ প্ৰায় দু মাইল
ঠাই মুকলি সমথল। এই ঠাই ডোখৰকে উত্তৰ গুৱাহাটীৰ
চহৰ বোলে। এই চহৰৰ পূবে আকৌ নৈৰ পাৰে পাৰে
সৰু সৰু পাহাড় বৰনৈৰ মুখলৈকে আছে॥ আমিনগাৱঁৰ
পৰা উত্তৰ ফাললৈকে এশাৰী পাহাড়। এই পাহাড়বিলাক
গই ছিলাৰ ওখ পাহাড়ত লগ লাগিছে। এই শাৰী পাহাড়ক
আজ্ঞাঠুৰীৰ পাহাড় বোলে। ছিলৰ ওখ পাহাড়টো উত্তৰ
গুৱাহাটী ছহৰৰ উত্তৰ পশ্চিম কোণে প্ৰায় তিনি মাইল
আতঁৰত। অশান্ত পাহাড়ৰ ওপৰত এটি সুন্দৰ মন্দিৰ
দূৰৰে পৰা দেখি। অশ্বক্লান্তৰ নিচেই ওচৰতে পানীৰ
মাজত আঁৰ পৰ্ব্বত ইফালে ৰজাদ্বাৰৰ পূবেও মণিকৰ্ণেশ্বৰৰ
ওপৰত এটী মন্দিৰ। নৈৰ মাজত কছাৰি ঘাটৰ পোনে
পোনে উমানন্দৰ পাহাড় আৰু তাৰ ওপৰত মন্দিৰ আৰু
উমানন্দৰ দক্ষিণে নৈৰ মাজত উৰ্ব্বশী। উৰ্ব্বশীৰ দক্ষিণ
পচিমত কৰ্ম্মনাশাৰ পাহাড়। কৰ্ম্মনাশাৰ উত্তৰ-পশ্চিমে
আকৌ বৰ দমৰা সৰু-দমৰা নামে দুটা শিলো পানীৰ মাজত
আছে। মণিকৰ্ণেশ্বৰৰ পূবে বৰনদী—উত্তৰৰ ফালৰ পৰা
আহি ব্ৰহ্মপুত্ৰত পৰিছে। মণিকৰ্ণেশ্বৰৰ গাৰে পৰা উত্তৰৰ
দীৰ্ঘেশ্বৰী পাহাড়লৈকে এটা
[ ৬৬ ] ৰজাদিনীয়া বৰ ওখ গড় আছে।
এই গড়টোক ৰংমহল গড় বোলে। দীঘলে প্ৰায় তিনি
মাইল। গড় আৰু দীৰ্ঘেশ্বৰী পাহাড়ৰ সঙ্গম স্থলত এচটা
বৰ ডাঙ্গৰ শিল আছে। এই শিল চটাকে পুষ্পভদ্ৰা
বোলে। পুষ্পভদ্ৰাৰে পৰা সিফালে ছিলাৰ পাহাড়লৈকে
আৰু এটা ওখ গড় আছে। ইও প্ৰায় তিনি মাইল দীঘল।
এই গড়টোক মোমাইকটা গড় বোলে। গড়ৰ আৰু
পাহাড়ৰ জোৰ থল ডোখৰক ছিলাৰ চকি বোলে।
ইয়াতে আহোমৰ চকীয়াল আছিল আৰু কামৰূপীয়া মানুহে
এই চকিৰ সিফালেহে নিশা থাকিব পাৰিছিল।
পশ্চিমে আমিনগাঁৱৰে পৰা আজ্ঞাঠুৰি পাহাড়ৰ কাষে
কাষে যিটো আলি দলিবাৰি পছৰীয়া গাৱঁৰ মাজেদি
গইছে সেইটোক চেচামুখৰ আলি বোলে। এই আলিয়েদি
গই থাকিলেই চেচামুখ নামেৰে নৈৰ ঘাট এটা পোৱা যায়।
চেচা নামৰ নৈখান বেলেগ এটা নৈ নহয় পুঠিমাৰী নৈয়ে এই
ডোখৰত চেচা নাম পাইছে।
কোনোবাই যদি কেতিয়া বা উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণ গুৱাহাটীলৈ পশ্চিমৰ পৰা পূবলৈকে চাইছে তেন্তে দেখিব দক্ষিণ গুৱাহাটীৰ নৈৰ গাতে পচিমে ভুবনেশ্বৰীৰ ওখ পাহাড়টা আৰু সেই পাহাড়ৰ ওপৰত ভুবনেশ্বৰী দেবীৰ শুভ্ৰ মঠটো ধুকধুক্কৈ জিলিকিছে। ভুবনেশ্বৰীৰ পূবৰে পৰা নৈৰ কাষৰ প্ৰায় দুমাইল ঠাই সমথল। ইয়াৰ মূৰত আকৌ নৈৰ কাষে কাধে বৰ্ত্তমান কছাৰী ঘাটলৈকে এশাৰী সৰু টিলা আছে। এই টিলাৰ ওপৰত শুক্লেশ্বৰ জনাৰ্দ্দনৰ মন্দিৰ কছাৰি ঘাটৰ পৰা প্ৰায় দেড় মাইল নৈৰ পাৰৰ ঠাই আকোঁ সমথল। এই সমথলৰ পূব মূৰৰ পৰা নৈৰ পাৰে পাৰে আকৌ পাহাড় নগাওঁ জিলাৰ পৰা বই অহা কলং নৈৰ মুখলৈকে।
পাঠক! গুৱাহাটী ছহৰৰ এই প্ৰসিদ্ধ ঠাই বিলাকৰ বৰ্ণনা, বিবৰণ আৰু পুৰণি ইতিবৃত্ত লেখিবলৈ গলে এখান বৃহৎ পুথি হয়। সেই সমস্ত বৰ্ণাবলৈ গলে আমি আমাৰ মূল উদ্দেশ্যৰ পৰাও ভালেমান আঁতৰত পৰোঁ। সেই দেখি আমাৰ এই উপন্যাসৰ নিমিত্তে যি কেইডোখৰ ঠাইৰ বৰ্ণনা লাগে তাক দিবলৈ বাধ্য হলোঁ।