পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


টেকেলিত থকা বাকীখিনি কাৰণ হৰদস্তুৰ মুখত ঢালি দিলে। হৰদত্ত চেতনা লভি দুৰ্গা দুৰ্গা বুলি উঠিল। তেতিয়া বামাচাৰী আৰু হৰদত্ত উভয়ে তাৰ পৰা আহি স্নান কৰি কানি কাপোৰ সলাই মদন কামদেবৰ মন্দিৰত সোমাল ; আৰু সেই দিনাৰে পৰা হৰদত্ত পুৰা এমাহলৈকে পুৰশ্ছৰণ কৰি এতাই, বামাচাৰী জনক দান দক্ষিণা দি বিদায় দি ঘৰলৈ উলটিল। হৰদত্তৰ বিশ্বাস হল যে তেওঁ কামৰূপৰ পৰা বৰফুকনক শাসন উঠাব পাৰিব।

________



চতুৰ্দশ অধ্যায়
জিকেৰিত।

       নিজ ঘৰ পাই হৰদত্ত চৌধাৰীয়ে পাঁচ ছয় দিনমান জিৰণি ললে। তাৰ পিছত ভায়েক বীৰদত্ত সৈতে সহযুক্তি কৰি স্থিৰ কৰিলে যে এইবাৰ তেওঁবিলাকে দুৰ্গোৎসব বৰ ডাঙ্গৰকৈ পাতিব অাৰু তালৈকে ইফালে বক্তমল বুজৰবৰুৱা, আৰু সিফালে বৰনগৰীয়া বুজৰবৰুৱাকে প্ৰমুখ্য কৰি কামৰূপৰ ডাঙ্গৰ ডাঙ্গৰ বিষয়া সকলোকে নিমন্ত্ৰণ কৰি আনিব - উদ্দেশ্য সকলোকে গোটাই পিটাই যাতে আহোমৰ হাতৰ পৰা কামৰূপ উদ্ধাৰ হয় তাৰ চেষ্টা কৰিব।