পৃষ্ঠা:দদাইৰ পজা.pdf/১০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৫
দদাইৰ পজা

ক'লে, “আৰু কথা নকবা। অলপ শোৱা এতিয়া।” এই বুলি ওচৰত পানী এঘটি থৈ আৰু আন আন বস্তু অলপ ঠিকঠাক কৰি তাৰ পৰা গুচি গ'ল।




 টমক এই নিষ্ঠুৰ লেগ্ৰীৰ তাত থৈ এতিয়া ব’লা যাওঁ জৰ্জ তেওঁৰ ঘৈণীয়েক আৰু পুতেকৰে সৈতে কেনে আছে চাই আহোঁগৈ।

 ডৰ্কাস্ খুড়ীক মনত আছে নে? সেবিকা জনক। টম লোকাৰে ডৰ্কাসৰ যত্নত লাহে লাহে ভাল হৈ আহিব ধৰিছে। লোকাৰে কিন্তু এনে ধৌধৌৱা বগা বিছনাত এনেকৈ কেতিয়াও শোৱা নাছিল।

 এদিন কপালৰ গাঠি ঠোপাকৈ লোকাৰে ডৰ্কাসক শুধিলে, “সেই ল'ৰাটো আৰু ছোৱালীজনী ইয়াতেই আছে হবলা।”

 “আছে” ডৰ্কাসে ক'লে।

 “তেনেহলে সিহঁত এতিয়াই ইয়াৰ পৰা যাওক। যিমান সোনকালে যাব পাৰে তিমানেই ভাল।”

 ধীৰভাৱে ডৰ্কাসে নিজৰ সিয়া কাম কৰি থাকি উত্তৰ দিলে, “এৰা, যাব বোধ কৰোঁ।”

 “হেৰা শুনা, আমাৰ বহুত চোৰাংচোৱা আছে, সিহঁতে এই যুক্তৰাজ্যৰ পৰা ক্যানাডালৈ যোৱা বাটবোৰৰ ফালে চকু ৰাখে। স্যাণ্ডাস্কিত সিহঁতে ইহঁতৰ নিমিত্তে ভালকৈ চকু