পৃষ্ঠা:দদাইৰ পজা.pdf/৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮২
দদাইৰ পজা

আহিছে। লেগ্ৰীকে দিব বুলি ভাবিছিল। কিন্তু নহল। কামৰ ওপৰত কামহে দিয়ে। আৰু লেগ্ৰীৰ গোলামবোৰৰ ওপৰত ব্যৱহাৰ দেখি ঘৃণা আৰু দুখিত টমৰ মন ভৰি গৈছিল। কিন্তু কি কৰিব? গোলাম যেতিয়া, এনেবোৰ অত্যাচাৰ দেখিও একো কৰিব নোৱাৰে। ভগবানৰ ওপৰত নিৰ্ভৰ কবি থাকিল। আশা যে, এদিন এই কামৰ পৰা কোনো মতে অৱসৰ পাব।

 লেগ্ৰীয়ে দেখিলে যে, টম সকলো কামতে পাৰ্গত আৰু প্ৰথম শ্ৰেণীৰ কৰ্ম্মদক্ষ মানুহ। কিন্তু তেওঁ লেগ্ৰীয়ে টমক দেখিব নোৱাৰিছিল। বেয়া মানুহে সজ মানুহক কেতিয়াবা ভাল পাব পাৰে নে? আৰু এটা কাৰণ, যেতিয়া লেগ্ৰীয়ে নিঃসহায়, দুখীয়া গোলামবোৰক অনাহকত দোৰ্ঘোৰ শাস্তি দিছিল, তেতিয়া টমে মনে মনে থাকিলেও তেওঁৰ মুখত ঘৃণা ফুটি উঠিছিল—কথা ওলোৱাৰ একো প্ৰয়োজন নাছিল। নীগ্ৰোৰ প্ৰভুয়েও নীগ্ৰো গোলামৰ ভাব-ভঙ্গিত নিজৰ নীচতা অলপ অনুভব কৰিব পাৰিছিল। লেগ্ৰীয়ে টমক কেনেকৈ ভাল পায়? লেগ্ৰীৰ ইচ্ছা আছিল যে, টমক কিছুদিন কামত ৰাখি “স্যাম্বো” “কুইম্বো”ৰ কামৰ “অভাৰ্সিয়েৰ” কৰি দিয়ে, কিন্তু এনে কোমল। হৃদয়ৰ মানুহে কেনেকৈ লেগ্ৰীৰ গোলম খটুৱাব পাৰিব। সি ভাবিলে যে, টমৰ মন যদি আপুনি টান নহয় তেনেহলে তাৰ মন টান কৰিব লাগিব! সি নিজেই সেই মন টান