পৃষ্ঠা:দদাইৰ পজা.pdf/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৯
দদাইৰ পজা

 টমৰ উত্তৰ চোঁৱা। ইয়াকে কয় সৎসাহস। সৎসাহস মানুহৰ অধিক মাত্ৰাত থাকিলে পৃথিবীত কষ্ট পাব লাগে। কিন্তু মানুহৰ সৎসাহস থাকিব লাগে। টমে সসম্ভ্ৰমে (যেনেকৈ গোলামে প্ৰভুক কোৱা উচিত) লেগ্ৰীক ক'লে, প্ৰভুয়ে মোক ক্ষমা কৰিব, প্ৰভুয়ে যেন এনে কামত মোক কেতিয়াও নলগায়। মই এনে কাম আগৈয়ে কৰা নাই আৰু এতিয়াও নকৰোঁ। এনে কাম মোৰ পক্ষে অসম্ভৱ। প্ৰভুয়ে যেন মোক ক্ষমা কৰে।”

 লেগ্ৰীয়ে তেতিয়াই এডাল চাবুক লৈ টমক এচমটা মাৰিলে। তাৰ পাছত যে কিমান ঘুচি কিল চাপৰ মাৰিলে আৰু ক'লে, “তোক আইধা কৰাৰ আগৈয়ে কটাৰ পো কটা বন্দী মই তোক বহুতো কথা শিকাম, বুজিলি নে, গোলাম?”

 মাৰি মাৰি যেতিয়া তাৰ হাত বিষাল তেতিয়া সি ক'লে, “এতিয়া কবিনে কটাৰ পো বন্দী কটা যে তই তাইক নেমাৰ। মাৰিবই লাগিব, গোলাম। জানিচ নে নাই।”

 ইমান মাৰ খাই টমৰ গাৰ পৰা তেজ ওলাল। সেই তেজবোৰ মচি মচি কলে, “দেউতা, মই দিনে ৰাতিয়েই আপোনাৰ কাম কৰিম। দিনক ৰাতি কৰিম, ৰাতিক দিন কৰিম। আপোনাৰ কামৰ নিমিত্তে মই মোৰ জীৱন দিম। কিন্তু দেউতা, মোক ক্ষমা কৰিব, মই এনে কাম কেতিয়াও কৰা নাই, মই নকৰোঁও। এনে কাম ভগবানৰ কাম নহয়। ঈশ্বৰে এনে কাম আমাক কৰিবলৈ আদেশ কৰা নাই। মই