পৃষ্ঠা:দদাইৰ পজা.pdf/১০৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৪
দদাইৰ পজা

 টমে হাত জোড় কৰিলে। সকলো ফালে এন্ধাৰ। ক'লে “যীশু, প্ৰভু যীশু, এই দুখীয়া প্ৰাণীবিলাকক পাহৰিলা নে প্ৰভু। সহায় হোৱা, প্ৰভু, আমাৰ সহায় হোৱা।”

 তিৰুতাজনীয়ে মন ডাঠ কৰি আকৌ কব ধৰিলে, “চোৱা, টম্ তুমি যিবোৰ মানুহৰ লগত কাম কৰা সেই কুকুৰহঁতৰ নিমিত্তে তুমি কিয় দুখ ভুঞ্জিবা? কিবা এটা কথা হ'লে ইহঁতেই তোমাৰ শত্ৰু হ’ব। এইবোৰ মানুহ ইমান নীচ যে তুমি ভাবিবকে নোৱাৰা। তোমাৰ দৰে মানুহে এনেবোৰ মানুহৰ নিমিত্তে কষ্ট সহা মই একণকে সকাম নেদেখোঁ।”

 “সিহঁতে কি জানে? সিহঁতে জানিলে হে? সিহঁতক এনে নিষ্ঠুৰ কিহে কৰিলে। কোনে কৰিলে? নহয়। নহয়। মই যদি এবাৰ ধৰ্ম্মপথৰ পৰা আন বাটলৈ যাওঁ ইয়াৰ ফল ক’ত শেহ হব কোনে জানে? মইয়েই যে ইহঁতৰ দৰে নহ’ম কোনে জানে? নহয়, নহয়, আই। মোৰ সকলোয়েই গল। ঘৈণী, লৰা-ছোৱালী, ঘৰ, আৰু এনে মৰমীয়াল গৰাকী, সকলোয়েই গ'ল। পৃথিবীত মোৰ আৰু একো নাই। এতিয়া মই ধৰ্ম্মকো হেৰুৱাব নোৱাৰোঁ। মোৰ ঈশ্বৰকো হেৰুৱাব নোৱাৰোঁ।”

 তিৰুতাজনীয়ে, ক'লে আৰু কিবা তোমাক লাগে নে? আৰু অলপ পানী নে?”

 টমে আগ্ৰহেৰে পানী খালে। পানী খাই তাইৰ মুখৰ ফালে চাই থাকিল। ইচ্ছা যে, আৰু কথা কয়। কিন্তু তাই