পৃষ্ঠা:দদাইৰ পজা.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
দদাইৰ পজা

নাই, সেই দেখিয়েই তোমালোকক এই কিতাপৰ বিষয়ে কৈছোঁ।

 এই সুন্দৰী অথচ দেখোঁতে বেমাৰ ছোৱালীজনী ক’ৰ পৰা আহিল, টমে একোকে ঠিক কৰিব নোৱাৰিলে, কিন্তু আনবিলাক গোলামে তাইক দেখিয়েই চিনি পালে। খাবলৈ নোপোৱা, দেখিবলৈ অশুৱনী গোলাম আৰু, গোলামনীবিলা- কৰ এজনে তাইক বেৰি ধৰি কলে, “আহিবই লাগিব, লাগিবই নহয় নে।” আৰু এজনে ক'লে, “আইদেউ, ছি, ছি ছি এতিয়া ইয়াৰ মজাৰ সোৱাদ পাবা।”

 এই ছোৱালীজনীয়ে এইবোৰ ককৰ্থনাৰ ফালে মন নিদি বাগিচাৰ ফালে যাব ধৰিলে। টমে ভাল মানুহৰ সৈতেই সকলো সময়তে থাকি আহিছে, সেই দেখি এই ছোৱালী জনীৰ গাত ভাল মানুহৰ ছাঁ পাই তেওঁৰ মন বৰ ভাল লাগিল। কিন্তু যাওঁতে যাওঁতে টমে তবধ মানি গ'ল যে, এনে এজন ভদ্ৰ ছোৱালী তেওঁলোকৰ লগলৈ কেনেকৈ আহিল। সেই ছোৱালীজনীয়ে কাৰো ফালে নাচাই টমৰ লগ লগে ওচৰা- ওচৰিকৈ বাগিচাৰ ফালে যাবলৈ ধৰিলে। তাইৰ গাৰ বৰণ আৰু আকাৰ-প্ৰকাৰ দেখিলে শুকান, ক্ষীণ, ৰোগী-ছোৱালী বুলি মনত হয় কিন্তু চকুৰ কি দৃষ্টি, সেই কলা চকুৰ কি আকৰ্ষণী শক্তি। চকুত কিন্তু তাইৰ নিৰাশাৰ ৰেখা স্পষ্টকৈ দেখা গৈছিল। তাইৰ অঙ্গ-প্ৰত্যঙ্গত খোজ কঢ়াত সকলো ব্যৱহাৰতে “বেপৰোৱা” ভাব এটা আছিল, কিন্তু চকুত