পৃষ্ঠা:দদাইৰ পজা.pdf/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৮
দদাইৰ পজা

 স্যাম্বো কুইন্বোই এই বাতৰি ডুখৰি পাই বৰ বৰ হুঙ্কাৰেৰে সৈতে হাঁহি দুটা মাৰিলে।

 লাহে লাহে বনুৱাবিলাক জোখা খোটালীলৈ গল। লেগ্ৰীয়ে কোনে কিমান কপাহ আনিছে লেখি ল'লে। টমৰ পাচি “পাচ্‌” হ’ল। এতিয়া সেই বেমাৰী ছোৱালীজনীৰ পাল।

 তাই লাহে লাহে পাচিৰ ভাব বৈ আহি লেগ্ৰীৰ ওচৰত পাচিটো থ’লে। পাচি কপাহেৰে ভৰা আৰু ওজনো নিয়মিত আছিল। কিন্তু লেগ্ৰীয়ে ধমক দি ক'লে, “কি, আকৌ তাকৰকৈ কপাহ আনিছ? এফালে থিয়া হৈ থাক। এতিয়া সেকা পাবি।”

 হায় হায়। একে গাত বল নাই, তাতে বেমাৰ। লেগ্ৰীৰ এই কথা শুনি তাই বৰ এটা দীঘল হুমুনিয়াহ কাঢ়ি এটা কাঠত বহিলগৈ। লেগ্ৰীয়ে ক'লে “এই টম, এই ফালে আহ। তোক মই সাধাৰণ কামৰ নিমিত্তে কিনা নাছিলোঁ। বুজিছ গোলাম। মোৰ ইচ্ছা যে, তোক এই বাগিচাত এটা ভাল কামত লগাই দিওঁ। হানি নাই, সেই দেখি কওঁ। তোক মই “ড্ৰাইভাৰেই” (গোলাম চলাওঁতা) কৰিম। শুন্, সেই দেখি মই ভাবিছোঁ যে, আজিয়েই তই সেই কাম আৰম্ভ কৰ। এতিয়া, তুৰন্তে এই ছোৱালীজনীক্ আঁতৰ কৰি লৈ যা আৰু লৈ গৈ বেত মাৰ গৈ। বেত মাৰ গৈ। এই কেদিন বেত মাৰা দেখিছ নহয় আৰু তোৰ দৰে চোকা মানুহে এই কাম নিশ্চয় ভালকৈ কৰিব পাৰিব।”