পৃষ্ঠা:দদাইৰ পজা.pdf/১০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বাৰ শ ডলাৰ দি কিনা নাই নে? তোক কিনা কি? তোৰ কলা দেহাৰ সকলো খিনিকে মই কিনা নাই নে? তোৰ শৰীৰ, এনে কি তোৰ আত্মাও মোৰ নহয় নে? কচোন্ গোলাম?” এই বুলি লেগ্ৰীয়ে টমৰ গাত এটা লাথি মাৰিলে।

 ইমান কষ্টৰ মাজত লাথি খাইও টমৰ মনত আনন্দ হ'ল। কি আনন্দ। পোন হৈ থিয় দি, আকাশৰ ফালে গৌৰৱ আৰু আগ্ৰহেৰে চাই চকুৰ লো আৰু তেজ বৈ যোৱা মুখেৰে ক'লে, “নহয় নহয়, কেতিয়াও নহয়। মোৰ আত্মা কেতিয়াও নহয়, প্ৰভু। আপুনি মোৰ আত্মাক কিনা নাই; আপুনি এই পৰম বস্তুটীক কিনিব নোৱাৰে। এই বস্তুটীক আগৈয়েই এজনে কিনি থৈছে। কিনি থোৱা জনে এই ফেৰি বস্তুক ৰাখিবও পাৰিছে। কোনো কথা নাই, দেউতা, কোনো কথা নাই দেউতা। আপুনি মোৰ একণকে ক্ষতি কৰিব নোবাৰে, দেউতা।

 “মই নোৱাৰে নে? বাৰু চাবি। চাঁওচোন্ বাৰু কিবা কৰিব পাৰোঁ নে নোৱাৰোঁ। এই স্যাম্বো, কুইম্বো, ইয়াক এনে শিকনি দে এই বাৰ এই কুকুৰৰ পুতেকটোয়ে এমাহলৈ যেন নেপাহৰে।

 অসুৰৰ দৰে নীগ্ৰো দুটাই টমক টানি লৈ গল।