পৃষ্ঠা:দদাইৰ পজা.pdf/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮১
দদাইৰ পজা

দেখে গৈ দুজনী তিৰুতাই লাহে লাহে আমনিৰ ভাবেৰে যাঁতা পিহি আছে। টমে আগৈয়ে সিহঁতৰ কামখিনি কৰি দিহে নিজৰ কাম কৰিবলৈ সাজু হ’ল। এনে কাম লেগ্ৰীৰ বাগিচাত এয়ে প্ৰথম। কোনে কাৰ কাম কৰে? টমৰ এনে ব্যৱহাৰ আৰু মৰম পাই সেই তিৰুতা দুজনীৰ মন গলিল। অশিক্ষিতা, লেগ্ৰীৰ দৰে মানুহৰ গোলামনী হলেও তিৰুতা তো৷ সিহঁতে টমৰ আটা সানি দি ৰুটী তৈয়াৰি কৰি দিলে। টমে জুহালৰ ওচৰলৈ গৈ বাইবেল খন পঢ়িবলৈ ধৰিলে। কিয়নো টমৰ যেনে অৱস্থা সেইখিনি সময়ত বাইবেলেহে সান্ত্বনা দিব পাৰে। আনে নোৱাৰে। বহুত ৰাতিলৈকে বাইবেল পঢ়ি টম্ শোৱা ঠাইলৈ গ'ল। তাত দেখে যে, বহুত মানুহ মাটীত যেনেকৈ যেনিয়েই পাৰে তেনেকৈ তেনিয়েই শুই আছে আৰু টমেও কোনোমত প্ৰকাৰে এখন ফটা কম্বল গাত লৈ ঈশ্বৰক চিন্তি শুবলৈ গ'ল।

 টমে আৰু এনে ঠাইত আগৈয়ে থকা নাছিল। এই ঠাইৰ এনে অৱস্থা দেখি টমৰ ঘিণ আৰু বেজাৰে মন বেয়া হৈ গৈছিল। ভগবান-ভক্ত টমে ভগবানৰ ওপৰত সকলো সঁপি দি শুই থাকিল।




 বেচাৰা টম, দুখীয়া টম। সৰুৰে পৰা গোলামী কৰি আহিছে। লেগ্ৰীৰ বাগিচাৰ আও ভাও টমে ততালিকৈ জানিলে। য’লৈকে যায় টমে সকলো গৰাকীক সন্তোষ দি