পৃষ্ঠা:দদাইৰ পজা.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
দদাইৰ পজা

ইমান তেজ বৈছিল, যে, পোন হৈ শোৱা কামটো কৰিবলৈকো বহু পৰ লাগিছিল। কিন্তু চেচা বিছনাত গাটো থব পাৰি অলপ ভাল পাইছিল।

 এই তিৰুতা জনীয়ে লেগ্ৰীৰ এনে নিষ্ঠুৰ ব্যৱহাৰ বহুবাৰ দেখি আহিছে, সেই দেখি তাই সেৱা-শুশ্ৰুষা কৰিব জানিছিল আৰু দৰবাদিও জানিছিল। টমক দৰব জাতি দি বহুতো সুস্থ কৰিলে। দলিয়াই পেলাই দিয়া কপাহ কেতবোৰ বুটলি আনি এটা গাৰু কৰি দিলে।

 টমে ধন্যবাদ দিলে। তাই টমৰ ওচৰত বহি টমৰ ফালে বহু পৰ চাই থাকিল। মনত দুখ বেজাৰ। তাইৰ দীঘল চুলি মুখৰ চাৰিউফালে পৰাত তাইৰ মুখখন আৰু বিষাদেৰে ভৰা যেন দেখা গৈছিল।

 “বন্ধু, এনে কামেৰে একো নহয়। তুমি যি কাম কৰিলা তাৰে একো কাম নহয়। তুমি সাহী, সজ মানুহ। ধৰ্ম্ম তোমাৰ ফালে। কিন্তু মিছা, সকলে মিছা। তুমি নুযুজিবা আৰু। এই মানুহটোৰ ভৰিৰ তলত মই পাঁচ বছৰ আছোঁ। মই তাক ভালকৈ জানোঁ। মই তাক ঘৃণা কৰোঁ, জানা নে? কি হব? এই বাগিচা খনৰ দহ মাইলৰ ভিতৰত কোনো বসতি নাই, আৰু এই ঠাইৰ চাৰিউ ফালে খাল, দ মাটী। এই মানুহটোৰ যি ইচ্ছা তাকে কৰিব পাৰে। ইয়াত ঈশ্বৰৰ আইনো নাই, মানুহৰ আইনো নাই। পৃথিবীত এনে কোনো বেয়া কাম নাই যে, ই কৰিব নোৱাৰে।”