পৃষ্ঠা:দদাইৰ পজা.pdf/১০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯০
দদাইৰ পজা


এনে কাম কেতিয়াও নকৰোঁ, কেতিয়াও নকৰোঁ, নকৰোঁ, নকৰোঁ।”

 লেগ্ৰীয়ে গোলামৰ মুখৰ পৰা এনে কথা কেতিয়াও শুনা নাই। সি আচৰিত হ'ল। কিছু পৰ তবধ লাগি থাকিল। থাকি, থাকি পাছত ক'লে, “কচোন বাৰু, কি কথা ঈশ্বৰৰ আদেশ নহয়? এই ছোৱালী জনীক বেত মৰা নহয় নে, গোলাম? সেইয়েই তোৰ কথা নহয় নে?

 “হয় প্ৰভু” টমে কলে, “তাই বেমাৰী, তাইৰ শৰীৰত একোকে নাই। তাইৰ গাত হাত ডঙ্গাটো পাপৰ কথা। মই দেউতা এনে কাম কেতিয়াও কৰা নাই আৰু এতিয়াও নকৰোঁ। প্ৰভু আপোনাৰ মন গ'লে মোক মাৰিব পাৰে, মাৰিবৰ মন গ'লে মাৰক মই একোকে নকওঁ। আপুনি মোৰ গৰাকী, মোৰ দেহা লৈ আপোনাৰ যি মন যায় কৰক। কিন্তু মই কাকো মাৰিব নোৱাৰোঁ। আপোনাৰ যিহকে মন যায় কৰক। এনে কাম মই কৰাৰ আগৈয়ে মোক যেন আপুনি মাৰি পেলায়।”

 এইবোৰ কথা টমে খং কৰি কোৱা নাই। টমৰ মাত মৃদু আৰু মিঠা। সকলো সময়তে যেনে এতিয়াও তেনে। কিন্তু সেই স্বৰত কি দৃঢ়তা। মাত এনে ডাঠ যে যি এই কথা শুনিছিল সিহে বুজিছিল সেই মাতৰ অৰ্থ কি। লেগ্ৰীয়ে খঙ্গত কঁপি গৈছিল আৰু তাৰ চকুৰ পৰা অগ্নি ফুলিঙ্গ ওলাইছিল। সজ মানুহক এনেবোৰ অস্ত্ৰই কি কৰিব?