পৃষ্ঠা:দদাইৰ পজা.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
দদাইৰ পজা

পেলালে। অভাৰ্সিয়েৰক কলে, “কুকুৰ, যদি সাহ থাকে, ছোঁ। মোৰ একাষাৰ কথাৰেই কুকুৰৰ হতুৱাই তোৰ মঙ্গহ ছিঙ্গাব পাৰোঁ জান নে? তোক খুটুৰাখুটৰী কৰি কটাই পেলাব পাৰোঁ খবৰদাৰ।”

 "তেনেহলে ইয়াত কিয় তুমি” মানুহটোয়ে অলপ ভয় খাই কলে। কেখোজমান পাছ হুঁহকি গৈ আকৌ ক'লে, “মিস্ কেসি, মোৰ একো বেয়া ভাব মনত নাই দেই”।

 “তেনেহলে দূৰৈত থাক, ওচৰলৈ নাহিবি।” ছোৱালীটিৰ মূৰ্ত্তি দেখি সেই মানুহটোৰ মনত পৰিল যে, বাগিচাৰ আন ফালে তাৰ আন কিবা এটা কাম আছে।

 ছোৱালীজনীয়ে পটাপট্‌কে পাচিত কপাহ ভৰাবলৈ ধৰিলে! তাইৰ এনেহে হাত খৰ সাঁজ লগাৰ আগৈয়েই পাচি ভৰপূৰ হৈগল। লাহে লাহে এই কৰ্ম্মী সকল ( ঘৰমুৱা আমি "ঘৰ মূৱা” কব লাগে দেখি কৈছোঁ, সিহঁত য’ত থাকে তাক ঘৰ বুলিব পাৰি নে?) হল। ভৰাল-খোটালীত লেগ্ৰীয়ে দুটা ড্ৰাইভাৰৰ ( গোলাম চলোৱা মানুহ) লগত কথা কৈ লেগ্ৰী থিয় হৈ আছিল।

 স্যাম্বোই গৈয়েই লগালে, “এই টমটো বৰ দুষ্ট দগাবাজ, সি লুসীৰ পাচিত আজি বহুবাৰ কপাহ ভৰাই দিছিল।”

 “হো, হো” লেগ্ৰীয়ে ক'লে, “তাক এশিকনি দিব লাগিব, নহয় নে, কি কৱ ল’ৰাহঁত?”