পৃষ্ঠা:দদাইৰ পজা.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
দদাইৰ পজা

কিন্তু তেওঁ তাই কাম কৰি আছে। ইয়াকে দেখি তেওঁৰ পাচিৰ পৰা টমে কেমুঠামান কপাহ তাইৰ পাচিত ভৰাই দিলে। তাই কলে, “নকৰিবা, নকৰিবা, এনে কাম নকৰিবা। নেজানানে সিহঁতে গম পালে তোমাৰ শাস্তি হব।” টমৰ উত্তৰ কি চোৱাঁ,“তোমাৰকৈ মোৰ সেই শাস্তি সহি লৈ শক্তি আছে।” এই বুলি টম্ ততালিকৈ তেওঁৰ কামৰ ঠাইলৈ গল।

 সেই নতুনকৈ অহা সুন্দৰী ছোৱালীজনীয়ে এই ঘটনা দেখি তেতিয়াই কেমুঠামান কপাহ নিজৰ পাচিৰ পৰা টমৰ পাচিত থলেগৈ আৰু টমৰ ফালে তাইৰ সুন্দৰ কলা চকুৰে অলপ পৰ চাই কলে, “তুমি এই ঠাইৰ আও ভাও একোকে নেজানা। তুমি ইয়াত এমাহমান থাকাচোন্ তেতিয়া আনৰ কথা ভাবিবলৈ আহৰি নেপাবা। নিজৰ কথা ভাবিয়েই তত নেপাবা।”

 “মেম, ভগবানে নৰকক” তাইক অকস্মাৎ “মেম” বুলি সম্বোধন কৰি পেলালে।

 কিন্তু এই ছোৱালীজনীয়ে টমৰ পাচিত কপাহ দিয়া “অভাৰ্সিয়েৰে” দেখি তাইৰ ওচৰ চাপি আহি বেতডাল ডাঙ্গি ক'লে, “ও, ও, তইও দুষ্টালি কৰিছ নে, সেকা পাবি একা। তই এতিয়া মোৰ তলত জান নে নেজান?”

 সেই ক'লা চকুৰ পৰা বিজুলী সদৃশ জ্যোতি ওকাল। ঘৃণা আৰু খং আহি সেই সুন্দৰীৰ মুখ বিকৃত কৰি