তিৰুতাৰ আত্মদান কাব্য/পঞ্চম সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তিৰুতাৰ আত্মদান কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ৪৯ ]
পঞ্চম সৰ্গ।
কমতাপুৰ ধ্বংস কাব্য (page 3 crop)

“⸻Oh spare my flower my gentle flowre
The slander creature of a day!
Let it bloom out its little hou"
And pass away⸻⸻⸻”

ANONYMOUS

“⸺Her tears began to turn their tide
Being prison'd in her eye, like Pearls in glass
Yet sometimes falls an orient drop beside
Which her cheek melts, as scorning it should pass
To wash the foul face of the sluttish ground.”
⸻⸻⸻Shakespeare.”

   দিনৰ আবেলি বেলা দুখমনে আছে বহি
গদাপাণি জয়মতী বনৰ মাজত,
কি সাধ্য কবিৰ? হায়! পাৰে কি বৰ্ণাব কবি
আহিছে যতনা চিন্তা দুয়োৰে মনত

[ ৫০ ]

এইটি আহিলে চিন্তা খন্তেকৰ পাছে পুনু
আহিলে আকউ এটি, মহা সাগৰত
যিদৰে উথলে ঢউ দুয়োটিৰে সেই ৰূপে
চিন্তা ঢউ উঠি উঠি খেলিছে মনত॥
চিন্তা সাগৰত পৰি গদাপাণি জয়মতী
উটি উটি যায়, হায়! হেৰুৱালে পাৰ!
কেনেকই পায় পাৰ? সাগৰ অপাৰ॥

সকলোৰে আছে পাৰ, প্ৰশান্ত সিন্ধুৰ
এটান্তিক সাগৰৰ দেখা যায় পাৰ!
নাই মাথোঁ একো পাৰ চিন্তা সমুদ্ৰৰ,
উটি গ’লে ৰক্ষা নাই, মাথোঁ হাহাকাৰ॥
এনে সাগৰত পৰি ঢউৰ মাজত
গদাপাণি জয়মতী জ্বলা-কলা হ’ল,
নাই সুখ নাই শান্তি সদা বিয়াকুল,
চকুলো টোকোতে নিতে বেলি মাৰ গ’ল॥

[ ৫১ ]

পিন্ধি সাজ ধোঁৱাময় মুথ হাঁহিমুৱা কই

লন্ধিয়া আইটি আহি হ’ল উপস্থিত।
বাজে দবা দেৱালত আৰু ৰজাৰ ঘৰত,
গৰখীয়া বান্ধে গৰু আনি গোহালিত॥

দেখোঁতে দেখোঁতে গ’ল সন্ধিয়া সুন্দৰী,

ক’লা ৰিহা মেখেলাৰে আহি নিশা আই
দিলেহি মৰ্ত্ত্যত দেখা, তেওঁৰ কোলাত
শুলে জগতৰ প্ৰাণী সুকোমল পাই॥
চিন্তা সাগৰত উটি দুখ-ভাগৰত
গদাপাণি, জয়মতী, দুয়োটিয়ে শুলে
ধন্যবাদোঁঁ হে, টোপনি! তোমাৰ স্নেহত
জগতৰ পৰাণীয়ে শোক দুখ ভুলে॥
আৰু দিওঁ ধন্যবাদ তোমাক, টোপনি!
অতি চেনেহেৰে ভৰা তোমাৰ হৃদয়;
নেৰা তুমি বিপদতো হায়! যি কালত

[ ৫২ ]

মানুহক বন্ধু সবে যায় এৰি থই॥
কি সুখত কি দুখত শোক বেজাৰত,
প্ৰাণ এৰি পুত্ৰে যবে যায় এৰি থই,
অতুল ঐশ্বৰ্য্য লোপ পায় যি কালত,
সিকালতো নেৰা তুমি, কোমল হৃদয়॥

নিৰৱ দুপৰ নিশা, ঘোৰ অন্ধকাৰ

গদাপাণি জয়মতী ঘোৰ টোপনিত,
পোন্ধাৰ কি ষোলজন মানুহে সইতে
এনেতে মিহিয়ে বন কৰে পিটা-পিট॥
বিচাৰিছে অৰণ্যত তন্ব তন্ব কৰি,
গদাক বিচাৰি বন চিঙ্গি-ভাঙ্গি―চায়,―
জপ্‌জপনীয়ে কিন্তু তুলিলে গদাক,
সাৰ পালে গদাপাণি চক্ মক্ খাই॥
চকুমেলি চাই গদা পাৰিলে বুজিব
ধীৰে ধীৰে কুঁৱৰীক তুলিলে জগাই,
বুলিলে আতুৰ ভাবে—“দোৰ্ঘোৰ বিপদ!

[ ৫৩ ]

 “উঠা, প্ৰিয়ে, উঠা! আহি হ’ল পায় পায়”
 ―“মহাৰাজ! কিনো হ’ল”? শুধিলে কুঁৱৰী,
 “দোৰ্ঘোৰ বিপদ কিনো? বুজা নাই মই”।
 অলপ নিতাল মাৰি, কলে গদাপাণিঃ—
 “শুনা, প্ৰিয়ে! কাণ পাতি একেথিৰ হই”॥
জয়মতী-“কিশুনিম কাণ পাতি? হ’লো একে থিৰ,
 “কতা একো নাই শুনা? ভাঙ্গি কোৱাঁ মোক,
 “আজলী তিৰুতা, নাথ? কিনো জানো মই?
 “ভাঙ্গি কোৱাঁঁ শীঘ্ৰে মোক, দিয়া কিয় শোক?
 “বিপদ যদিহে মোৰ, একো হানি নাই,
 “নালাগে তোমাৰ মাথো বিপত্তি ঘটিব,
 “মৰিলে মৰিম মই, তৰিলে তৰিম,
 “তোমাৰ বিলাই মাত্ৰ নোৱাৰোঁ দেখিব॥
 “দোৰ্ঘোৰ বিপদ” বুলি বিয়াকুল চিত
 “কিয় হ’লা, প্ৰাণনাথ? কোৱা অভাগীক,
 “তোমাক ব্যাকুল দেখি দহিছে পৰাণ,
 “কোৱা, নাথ! কি বিপদ? নবধা দাসীক॥

[ ৫৪ ]

গদা―“শুনানো নাইনে, প্ৰিয়ে। মানুহৰ মাত ঐ
 “নিৰ্জ্জন বনত এই ৰাতি দুপৰত?
 “পঠাইছে কটোৱাল (১) ল’ৰাৰজা জানো
 “ধৰিব গদাক, প্ৰিয়ে! এই অৰণ্যত!!
 “কতনো যতন কৰি প্ৰাণৰ মায়াত ঐ
 “পলাই ফুৰিলো, কিন্তু, ক’তা? নাসাৰিলো!!
 “কিজানি পৰিলো ধৰা ইমান দিনত,
 “জানো আজি, প্ৰিয়তমা! পৰাণে মৰিলো॥"

 স্বামীৰ কথাশুনি বিয়াকুল জয়মতী

 হুক্ হুক্ কৰি শোকে কান্দিব ধৰিলে,
 ধৰি বান্ধি চাউডাঙ্গে নিব স্বোৱামীক
 এই ভাবি শোকে বাণী বুলিব ধৰিলেঃ―
 “সাৰাহে পলাই, নাথ!আৰু নকৰিবা বেলা,
 “আহি পায়-পায় হ'ল নিষ্ঠুুৰ কোটাল,

(১) “চাউডাঙ্গ’ৰ সলনি ব্যবহৃত হৈছে।

[ ৫৫ ]

 “পলোৱাঁঁ পলোৱাঁ; নাথ! বধলাগে মোৰ।
 “আত্মৰক্ষা কৰাটোয়ে সকলোৰে মত
 “পলোৱাঁ পলোৱাঁ, নাথ? গুছি তুমি যোৱাগই,
 “নগা পৰ্ব্বতত থকা কাঠনি মাজত
 “(বাট-পথ য'ত একো চিন-চাব নাই)
 “থাকিব লুকাই তুমি নিৰ্ভয় মনত॥
 “যদিও পৰ্ব্বত ভৰা ডালোৱা নগাৰে,
 “যদিও পৰ্ব্বত' বন বাঘে-ঘোঙে পূৰ;
 “তথাপি ডালোৱা নগা আক বাঘ ঘোঙ
 “ল'ৰাৰজা সম জানা, নহয় নিষ্ঠুৰ॥"

গদা—“পলাই সাৰিম বাৰু, কিন্তু, হায়! কেনেকই

 “সাৰিবা, প্ৰিয়সি? তুমি? কি হ’ব তোমাৰ?
 “ভাবিছা মোলই তুমি, কিন্তু ভবা নাই
 “কিহ’ব নিজৰ-গতি, নিজ অৱস্থাৰ?
 “পলায় সাৰিলো বাৰু, কিন্তু কেনেকই তুমি
 “সাৰিবা, প্ৰিয়সি পাছে? তুমি নোৱাৰিবা;

[ ৫৬ ]

 “কোমল তোমাৰ দেহ, ভৰি সুকোমল,
 “অৰণ্যৰ মাজে মাজে কিৰূপে ফুৰিবা?
 “পলাই সাৰিম মই, উঠিম গছত গই
 “পৰ্ব্বতৰ টিঙ্গে টিঙ্গে ফুৰিম বগাই;
 “কিন্তু, প্ৰাণেশ্বৰি! তুমি বিৰূপে উঠিবা?
 “কি কৰি লুকাবা দেহা শক্ৰ দেখা পাই?”
জয়মতী–“বেটীৰ নিমিত্তে, নাথ! নালাগে ভাবিব তুমি
 “অৱলা তিৰুতা মোক একোকে নকৰে;
 “তোমাৰ শতুৰু ৰজা, তুমি বৈৰী তাৰ
 “শক্ৰৱেহে শতুৰুক লগ পালে ধৰে॥”

 এইদৰে কতৰূপে কত ক’লে জয়মতী

 গদাপাণি কিন্তু, হায়! নাযায় পলাই,
 দোৰ্ঘোৰ বিপদ দেখি ক’লে কুঁৱৰীয়ে
 স্বামীৰ পাৱত ধৰি ইনাই-বিনাইঃ—
 “নবধিবা প্ৰাণ, নাথ! মোৰ (চিৰ দুখিনীৰ)
 “ইমানতে সাৰাঁ তুমি, মোৰে মূৰ খোৱাঁ!

[ ৫৭ ]

“আহি পায়-পায় হ’ল, চোৱা, চাউডাঙ্গ,
“ৰাখা প্ৰাণ তুমি, নাথ! পলোৱাঁ পলোৱাঁ॥
“তিৰীবধ লাগে মোৰ! যোৱাহে পলাই, নাথ!
“শিশুবধ লাগে!! তুমি আৰু নাথাকিবা
“ইঠাইত ইবনত, লুকুৱাঁ লুকুৱাঁ,
“নিদিবা আপুনি ধৰা মোক নবধিবা॥
“ভাবিছা মোলই কিয়? মৰো যদি মই আজি
“মৰোঁ, তাত কিবা হায়! আছে নাথ! হানি?
“ৰাখাঁ প্ৰাণ আপোনাৰ, থাকিলে জীয়াই
“বেটীৰ নিচিনা বেটী পাবা লক্ষজনী॥
“বেলি তুমি উঠি-অহা তুংখুঙ্গীয়া (২) ফইদৰ
(“ইন্দ্ৰবংশী ৰাজবংশ) জাতিৰ গৌৰৱ


(২) আহোম ৰজাৰ প্ৰধানতঃ ৫ ফৈদ বা পৰিয়াল, যেনে,
“তুংখুঙ্গীয়া,” “দিহিঙ্গীয়া,” “চাৰিঙ্গীয়া,” “চামগুৰীয়া আৰু
“নামৰূপীয়া”। “তুংখুঙ্গীয়া” ফৈদ কেউফৈদতকৈ “নামজাদী,”
গদাপাণি “তুংখুঙ্গীয়া ফৈদৰ। এই পাচঁ ফৈদৰ বাহিৰেও
“তিপমীয়া” আৰু “পৰ্ব্বতীয়া” বুলি দুই ফৈদ আছিল।

[ ৫৮ ]

তোমাৰ মৃত্যুত, নাথ! হানি আহোমৰ
“(আহোম-ৰাজ্যৰ) কোনে দমাব বিপ্লৱ?
“পলোৱাঁ পলোৱাঁ, নাথ! অকালত হায়! তুমি।
“জীৱনৰ ৰঙ্গাবেলি নিনিয়াবা মাৰ।
“গোলাপ গছৰ, হায়! গোলাপ কলিটি,
“নউ ফুলোতেই, ঠাৰি নিচিঙ্গাবা তাৰ!!”

১০

কুঁৱৰীৰ কথা শুনি বিয়াকুল গদাপাণি

কি কৰিব নকৰিব হ’ল যে বিমোৰ।
কিৰূপেনো যায় এৰি পৰাণৰ প্ৰাণ
জয়মতী আঁউসীৰ জ্বলি থকা জোৰ?
অনায়াসে সকলোকে যাব পাৰি ত্যাগ কৰি,
সহজেই তিয়াগিব পাৰি জানো, হায়!
পৰাণৰ প্ৰিয়তমা? হৃদয়ৰ ধন
যাতকই শ্ৰেষ্ঠধন জগতত নাই?

[ ৫৯ ]

লাহে লাহে চাউডাঙ্গে পালেহি ওচৰ আহি!
কুঁৱৰীৰ কাকৃতিত প্ৰাণৰ মায়াত
বিয়াকুল মনে, টুকি চকুলো চকুত
পলাই লুকালে গদা বনৰ মাজত॥
সোৱামী সাৰিল জানি দুখুনী কুঁৱৰী ধীৰে
এৰিলে কান্দোন, হায়! নিৰৱে মনত
হৃদয়ৰ তুঁহ জুই ফুঁৱাই ফুঁৱাই
ওলোমালে, চকুপানী চকুত শোকত॥

—–—