পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


“আহি পায়-পায় হ’ল, চোৱা, চাউডাঙ্গ,
“ৰাখা প্ৰাণ তুমি, নাথ! পলোৱাঁ পলোৱাঁ॥
“তিৰীবধ লাগে মোৰ! যোৱাহে পলাই, নাথ!
“শিশুবধ লাগে!! তুমি আৰু নাথাকিবা
“ইঠাইত ইবনত, লুকুৱাঁ লুকুৱাঁ,
“নিদিবা আপুনি ধৰা মোক নবধিবা॥
“ভাবিছা মোলই কিয়? মৰো যদি মই আজি
“মৰোঁ, তাত কিবা হায়! আছে নাথ! হানি?
“ৰাখাঁ প্ৰাণ আপোনাৰ, থাকিলে জীয়াই
“বেটীৰ নিচিনা বেটী পাবা লক্ষজনী॥
“বেলি তুমি উঠি-অহা তুংখুঙ্গীয়া (২) ফইদৰ
(“ইন্দ্ৰবংশী ৰাজবংশ) জাতিৰ গৌৰৱ


(২) আহোম ৰজাৰ প্ৰধানতঃ ৫ ফৈদ বা পৰিয়াল, যেনে,
“তুংখুঙ্গীয়া,” “দিহিঙ্গীয়া,” “চাৰিঙ্গীয়া,” “চামগুৰীয়া আৰু
“নামৰূপীয়া”। “তুংখুঙ্গীয়া” ফৈদ কেউফৈদতকৈ “নামজাদী,”
গদাপাণি “তুংখুঙ্গীয়া ফৈদৰ। এই পাচঁ ফৈদৰ বাহিৰেও
“তিপমীয়া” আৰু “পৰ্ব্বতীয়া” বুলি দুই ফৈদ আছিল।