পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এইটি আহিলে চিন্তা খন্তেকৰ পাছে পুনু
আহিলে আকউ এটি, মহা সাগৰত
যিদৰে উথলে ঢউ দুয়োটিৰে সেই ৰূপে
চিন্তা ঢউ উঠি উঠি খেলিছে মনত॥
চিন্তা সাগৰত পৰি গদাপাণি জয়মতী
উটি উটি যায়, হায়! হেৰুৱালে পাৰ!
কেনেকই পায় পাৰ? সাগৰ অপাৰ॥

সকলোৰে আছে পাৰ, প্ৰশান্ত সিন্ধুৰ
এটান্তিক সাগৰৰ দেখা যায় পাৰ!
নাই মাথোঁ একো পাৰ চিন্তা সমুদ্ৰৰ,
উটি গ’লে ৰক্ষা নাই, মাথোঁ হাহাকাৰ॥
এনে সাগৰত পৰি ঢউৰ মাজত
গদাপাণি জয়মতী জ্বলা-কলা হ’ল,
নাই সুখ নাই শান্তি সদা বিয়াকুল,
চকুলো টোকোতে নিতে বেলি মাৰ গ’ল॥